Logo
image

ইউডিএফৰে মিলি একাধিক পৌৰসভা দখল বিজেপিৰ

ৰাজনীতিত বাঘে-ছাগে একেলগে

আমাৰ অসম, ২২ এপ্ৰিলঃ ৰাজ্যৰ ৰাজনীতিত বিজেপি আৰু ইউডিএফৰ সম্পৰ্ক তেল-পানী হ’লেও শেহতীয়াভাৱে বহু পৌৰসভা দুয়োটা দলে মিলি গঠন কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিধানসভাৰ বিগত নিৰ্বাচনত বিজেপি দলে ইউডিএফ আৰু ইয়াৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল৷ আনকি ৰাজ্যসভাৰ নিৰ্বাচনতো ইউডিএফৰ ভোট স্পষ্টভাৱে প্ৰত্যাখ্যান কৰিছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ সততে ইউডিএফক সমালোচনা আৰু আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লোৱা বিজেপি দলে ৰাজ্যৰ বিভিন্ন পৌৰসভা দখলৰ স্বাৰ্থত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিজৰ মূল শত্ৰুদলটোৰ সৈতে হাত মিলোৱাৰ তথ্য পোহৰলৈ আহিছে ডবকা,লংকা আদি পৌৰসভা গঠনৰ ক্ষেত্ৰত৷ বিজেপি আৰু ইউডিএফ দলে ৰাজ্যৰ ৰাজনীতিত যুযুধান ৰূপ ধাৰণ কৰি থাকিলেও দুয়োটা দলৰ মাজত গোপন বুজাবুজি থকা বুলি সততে অভিযোগ কৰি আহিছে কংগ্ৰেছে৷ আনকি সদ্যসমাপ্ত ৰাজ্যসভাৰ নিৰ্বাচনতো ইউডিএফ দলে বিজেপিক সহায় কৰা বুলি কংগ্ৰেছে আৰম্ভণিৰ পৰাই অভিযোগ কৰি আহিছে৷ কেৱল পৌৰসভা গঠনৰ ক্ষেত্ৰতেই নহয়,শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো বিজেপি দলক সহায় কৰিবলৈ ইউডিএফ দলৰ একাংশ নেতা-কৰ্মী উঠিপৰি লগা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ বৃহত্তৰ গুৱাহাটী মুছলমান সমাজ নামৰ সংগঠন এটাই গুৱাহাটীৰ মুছলমান সমাজক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ মুকলি আহ্বান জনাই প্ৰচাৰপত্ৰ বিতৰণ কৰি ফুৰিছে৷ এইক্ষেত্ৰত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়– ‘বৃহত্তৰ গুৱাহাটী মুছলমান সমাজ নামৰ এটা অখ্যাত সংগঠনৰ মূল মানুহ ওমৰ ৰছিদে আজমলৰ ইউডিএফৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষাত মোগল সভ্যতাৰ হৈ নিৰ্বাচন খেলিছিল৷ জিএমচি নিৰ্বাচনত তেওঁ বিজেপিক ভোট দিবলৈ গুৱাহাটীৰ মুছলমান সমাজক আহ্বান জনাইছে৷’ আনহাতে,জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে এইক্ষেত্ৰত অভিযোগ কৰি কয়– ‘বৃহত্তৰ গুৱাহাটী মুছলমান সমাজে প্ৰকাশ কৰা গোহাৰিখনৰ লগত ওমৰ ৰছিদ জড়িত হয় নে নহয় নাজানো৷ কিন্তু হাজি মুছাফিৰখানাত বিজেপিৰ পক্ষত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ লোৱা ওমৰ ৰছিদ ২০০৬ চনৰ নিৰ্বাচনত কমলপুৰৰ ইউডিএফৰ প্ৰাৰ্থী আছিল৷’এইসমূহৰ পৰা এটা কথা স্পষ্ট হ’ল যে প্ৰয়োজন হ’লে বা স্বাৰ্থত ৰাজনীতিত বাঘে-ছাগে একেলগে থাকে৷

ৰাজনীতিত সকলোৱেই সম্ভৱ৷ এই কথা পুনৰবাৰ প্ৰমাণিত হ’ল ডবকা পৌৰসভা গঠনত৷ কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলা এআইইউডিএফ নেত্ৰীক অগপত যোগদান কৰাই বিজেপিয়ে গঠন কৰিলে ডবকা পৌৰসভা৷ নেত্ৰীগৰাকীৰ নাম মিনাৰা বেগম ববি৷ ডবকা পৌৰসভাৰ পৌৰপালিকাৰ দায়িত্ব দিয়া হৈছে মিনাৰা বেগমক৷ দুদিন পূৰ্বে অগপত যোগদান কৰিছিল মিনাৰাই৷ ডবকা পৌৰসভাৰ নিৰ্বাচনত স্থানীয়ভাৱে আসন বুজাবুজি আছিল কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত৷ এই আসন বুজাবুজিত নেতৃত্ব দিছিল স্থানীয় কংগ্ৰেছ নেতা ৰেহান উদ্দিন আৰু এআইইউডিএফ নেতা মোহম্মদ আলী৷ এইজন মোহম্মদ আলী এআইইউডিএফ দলৰ যমুনামুখ সমষ্টিৰ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমলৰ নামনি বিধায়ক হিচাপে কাম কৰিছিল৷ আসন বুজাবুজিৰ বাবেই ৪ নং ৱাৰ্ডত এআইইউএফৰ নেত্ৰী তথা মোহম্মদ আলীৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী মিনাৰা বেগম ববিক টিকট দিছিল কংগ্ৰেছে৷ উল্লেখ্য,ডবকা পৌৰসভাৰ ১০খন আসনৰ ভিতৰত বিজেপিৰ ২ অগপ ২ নিৰ্দলীয় ৰ কংগ্ৰেছ ৩ এআইইউডিএফৰ ২জন সদস্য নিৰ্বাচিত হৈছিল৷ পিছে মোহম্মদ আলীক বিজেপিয়ে দিয়া টোপৰ বাবেই সকলো নীতি-আদৰ্শক জলাঞ্জলি দি মোহম্মদ আলীয়ে মিনাৰাক অগপত যোগদান কৰাই পৌৰসভাৰ সকলো ক্ষমতা নিজে হস্তগত কৰে বুলি চৰ্চা চলিছে৷ ইফালে কংগ্ৰেছ নেতা ৰেহান উদ্দিনে সংবাদ মেল পাতি অভিযোগ কৰা মতে,বুধবাৰে বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি আহি মোহম্মদ আলীয়ে বিজেপিৰ নেতৃত্বত ডবকা পৌৰসভা গঠনত আগভাগ লয়৷ পত্নীৰ নামত থকা এনজিঅ’ৰ জৰিয়তে কোটি কোটি টকা আত্মাসাৎ কৰা ৰহমান নামৰ এজন চৰকাৰী কৰ্মচাৰীও এই চক্ৰান্তত জড়িত বুলি কংগ্ৰেছ নেতাৰ অভিযোগ৷ অন্যহাতে,উপায়হীন হৈ তেনে কৰিবলৈ বাধ্য হোৱা বুলি জনালে হোজাই জিলা অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে৷ উল্লেখ্য,মোহম্মদ আলীয়ে দলৰ লগত বিশ্বাসঘাটকতা কৰিলে নে আজমলৰ পৰা সেউজ সংকেত পাই বিজেপিক সহায় কৰিলে সেয়া এতিয়াও এআইইউডিএফ দলে স্পষ্ট কৰা নাই৷ মোহম্মদ আলীক ‘বেইমান’,‘গাদ্দাৰ’আখ্যা দিছে কংগ্ৰেছ নেতা ৰেহান উদ্দিনে৷ ইফালে দহটা ৱাৰ্ডৰ নিৰ্বাচিত কমিচনাৰসকলক শপতবাক্য পাঠ কৰায় হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে৷ বিজেপিৰ পিংকী দাস ভৌমিকক উপ-সভানেত্ৰী হিচাপে ঘোষণা কৰা হয়৷

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই সুদীৰ্ঘ দুবছৰৰ অন্তত এইউ ডি এফৰ সমৰ্থনত বিজেপিয়ে ১১জনীয়া সদস্যৰে লংকা পৌৰসভাখন গঠন কৰিবলৈ সক্ষম হয়৷ বুধবাৰে নৱ-নিৰ্বাচিত সদস্যসকলে লংকা পৌৰসভাৰ কাৰ্যালৰ প্ৰাংগণত সকলো নৱ-নিৰ্বাচিত প্ৰাৰ্থীয়ে নিজৰ কৰ্ম সূচাৰুৰূপে আৰু নিষ্ঠাৰে চলাই নিয়াৰ বাবে ঈশ্বৰৰ নামত শপতগ্ৰহণ কৰে৷ হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী,হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ,লংকা চক্ৰ বিষয়া ডিম্পী গগৈ,হোজাই বিজেপিৰ সভাপতি অনুপ দে,টাউন মণ্ডলৰ সভাপতি পাপু দে আৰু পৌৰসভাৰ স্থায়ী কৰ্মীসকলৰ উপৰিও ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান৷ বুধবাৰে লংকা পৌৰসভাৰ ২০২২ৰ পৌৰপতি হিচাপে ৰ নং ৱাৰ্ডৰ বিজেপিৰ পাৰমিতা ৰায় সাহা আৰু উপ-পৌৰপতি হিচাপে ৭নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজীৱ শীল নিৰ্বাচিত হৈ শপতগ্ৰহণ কৰে৷ উল্লেখ্য যে,আগন্তুক পাঁচ বছৰৰ বাবে হৈ যোৱা পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ছটা ৱাৰ্ডত,নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪ ৱাৰ্ডত আৰু ইউ ডি এফে এটা ৱাৰ্ডত জয়ী হ’বলৈ সক্ষম হৈছিল৷ বুধবাৰৰ এই শপতগ্ৰহণ অনুষ্ঠানত পৌৰপতিৰ বাবে দুজন প্ৰাৰ্থীয়ে আৰু উপ-পৌৰপতিৰ বাবে তিনিজন প্ৰাৰ্থীয়ে আবেদন কৰাত অৱশেষত ভোট প্ৰদানৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচনৰ সিদ্ধান্ত লোৱা হয়৷  বিজেপি দলৰ পৌৰপতি পদৰ প্ৰাৰ্থী পাৰমিতা ৰায়ে নিৰ্দলীয় প্ৰাৰ্থী ৰমা মজুমদাৰক এটা ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়৷ পাৰমিতা ৰায়ে পদেন সদস্যৰ ভোটসহিতে সাতটা ভোট আৰু ৰমা মজুমদাৰে ছটা ভোট লাভ কৰে৷ আনহাতে,উপ-পৌৰপতি পদৰ প্ৰাৰ্থী নিৰ্দলীয় ৰাজীৱ শীলে বিজেপিৰ ৰাম প্ৰসাদ ৰায়ক এটা ভোটত হৰুৱাবলৈ সক্ষম হয়৷  ৰাজীৱ শীলে পদেন সদস্যৰ ভোটসহিতে সাতটা আৰু ৰাম প্ৰসাদে ছটা ভোট লাভ কৰে৷  লংকা পৌৰসভাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ১১জন ৱাৰ্ড সদস্যক শপতবাক্য পাঠ কৰোৱায় সভাৰ সভাপতি তথা বিজেপিৰ ১১ নং ৱাৰ্ডৰ নৱ-নিৰ্বাচিত সদস্য বিশ্বজিৎ দেৱে৷ মুঠ ১১জন সদস্যৰ ভিতৰত এজনে ইংৰাজীত আৰু আন দহজনে অসমীয়াত শপতবাক্য পাঠ কৰে৷