Logo
image

পৰিবহণ পিছুৱাই গৈছে! মঞ্চতে মন্ত্ৰী চন্দ্ৰক জবাবদিহি মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২২ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আটাইতকৈ যেন ব্যৰ্থ মন্ত্ৰী হৈছে চন্দ্ৰমোহন পাটোৱাৰী৷ খোদ মুখ্যমন্ত্ৰীয়েই ৰাজহুৱাকৈ এই ইংগিত দিয়া দেখা গ’ল৷ মুখ্যমন্ত্ৰীৰ মতে প্ৰতিযোগিতাৰ দৌৰত পিছ পৰি ৰৈছে উদ্যোগ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ যাৰবাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিবহণ বিভাগক লৈ নাৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বৃহস্পতিবাৰে আমিনগাঁৱৰ এখন ৰাজহুৱা সভাত পাটোৱাৰীক কাষত বহুৱাই ১০ দিনৰ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তামুলপুৰৰ নিৰ্বাচনী সভাত মন্ত্ৰী ৰঞ্জিত দাসক ধমক দিয়াৰ পাছত এইবাৰ ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওপৰত ক্ষুব্ধ হৈ পৰিল মুখ্যমন্ত্ৰী৷ মন্ত্ৰী বিমল বড়াৰ পৰ্যটন বিভাগৰ দৰে আগবঢ়া নাই পৰিবহণ বিভাগ৷ বিপৰীতে বহুখিনি পিছত আছে৷ সেয়ে পাটোৱাৰীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান– প্ৰতিযোগিতাৰ দৌৰত অংশ লওক পৰিবহণ মন্ত্ৰী তথা বিভাগে৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি ক’ভিডকালীন সময়ত পৰিবহণ খণ্ডৰ চালক-হেণ্ডিমেনক এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু,মুখ্যমন্ত্ৰীৰ এই ঘোষণা ঘোষণা হৈয়ে ৰ’ল৷ কিয়নো বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগে আজিলৈ প্ৰস্তুত নকৰিলে চালক-হেণ্ডিমেনৰ তালিকা৷ যাৰ বাবে একেদিনাই ঘোষণা কৰা পৰ্যটন বিভাগৰ টু্ৰ অপাৰেটৰ সাহায্য প্ৰদান কৰা হ’ল যদিও বিভাগীয় কাম কাজত পিছ পৰা পাটোৱাৰীৰ বাবে নাপালে চালক-হেণ্ডিমেনে সাহায্য৷ সেয়ে পাটোৱাৰীলৈ মুখ্যমন্ত্ৰীৰ মুকলি আহ্বান ১০ দিনৰ ভিতৰত তালিকা প্ৰস্তুত কৰি সাহায্য প্ৰদান কৰক চালক হেণ্ডিমেনক৷