Logo
image

বৰিছ জনছনক গুজৰাটত উষ্ম আদৰণি

প্ৰথমবাৰলৈ ভাৰতত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী

আমাৰ অসম, ২২ এপ্ৰিলঃ অৱশেষত ভাৰতত উপস্থিত হ’লহি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত এই প্ৰথমবাৰলৈ তেওঁ ভাৰতলৈ আহে৷ ইয়াৰ পূৰ্বে  ক’ভিডৰ বাবে দুবাৰকৈ তেওঁৰ ভাৰত ভ্ৰমণ বাতিল হৈছিল৷ ভাৰতলৈ অহা প্ৰধানমন্ত্ৰী জনছনক আজি গুজৰাটৰ আহমেদাবাদত উষ্ম আদৰণি জনোৱা হয়৷ আহমেদাবাদৰ বিমানবন্দৰত গুজৰাটৰ মুখ্যমন্ত্ৰী ভুপেন্দ্ৰ পেটেল,ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ লগতে আন আন শীৰ্ষ মন্ত্ৰী তথা চৰকাৰী বিষয়াই তেওঁক আদৰণি জনায়৷ বিমানবন্দৰৰ লগতে আহমেদাবাদৰ ৰাজপথত পৰম্পৰাগত গুজৰাটী নৃত্য আৰু সংগীত প্ৰদৰ্শন কৰা শিল্পীয়ে আদৰে৷ তেওঁক আদৰণি জনোৱা ৰোড শ্ব’বিমানবন্দৰৰ বাহিৰৰ পৰা আৰম্ভ হৈ সাবৰমতী আশ্ৰম ৰোডেৰে আগবাঢ়ে পঞ্চতাৰকা হোটেললৈ৷ গুজৰাটত দিনটো কটাই তেওঁ নিশা ভাৰতৰ ৰাজধনী দিল্লীত উপস্থিত হয়গৈ৷ দুদিনীয়া ভ্ৰমণেৰে ভাৰতলৈ অহা বৰিছ জনছনে বৃহস্পতিবাৰে নিৰ্মিয়মান গুজৰাট জৈৱ প্ৰাদ্যোগিক বিশ্ববিদ্যালয়ৰ পৰিসৰ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যখনৰ আগশাৰীৰ ব্যৱসায়ী আৰু নেতাৰ সৈতে আলোচনা কৰে৷ আজিয়েই তেওঁ ঐতিহাসিক সাবৰমতী আশ্ৰম ভ্ৰমণ কৰে যঁতৰত সূতা কাটে৷