Logo
image

অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে অক্ষয়ে

ভৱিষ্যতে আৰু ধঁপাতৰ বিজ্ঞাপনত ভাগ নলয় 

আমাৰ অসম, ২২ এপ্ৰিলঃ অনুৰাগীৰ আপত্তি আৰু কঠোৰ সমালোচনাত গা লৰিল বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ৷ সমগ্ৰ ভাৰতৰ লগতে বিদেশতো অতি জনপ্ৰিয় অভিনেতাজনে বুধবাৰে ঘোষণা কৰে যে তেওঁ আৰু কেতিয়াও ধঁপাত-গুট্‌খাজাতীয় বস্তু উৎপাদন কৰা ব্ৰেণ্ডৰ বিজ্ঞাপনত ভাগ নলয়৷ বুধবাৰে টুইট কৰি অভিনেতাজনে অনুৰাগীৰ ওচৰত ক্ষমা খোজে৷ এতিয়াৰে পৰা তেওঁক ‘বিমল ইলাচি’ৰ দৰে বিজ্ঞাপনত দেখা নাযাব৷ উল্লেখ্য,অলপতে শ্বাহৰুখ খান আৰু অজয় দেৱগনৰ সৈতে বিমাল ইলাচিৰ এটা বিজ্ঞাপনত দেখা গৈছিল অক্ষয় কুমাৰক৷ কিন্তু সেই বিজ্ঞাপনৰ পাছতে অনুৰাগীয়ে যথেষ্ট আঘাত পায়৷ কাৰণ দেশৰ প্ৰতিটো সমস্যাৰ সময়ত আৰ্থিক সাহায্য আগবঢ়াই অহা অক্ষয় কুমাৰ সকলোৰে প্ৰিয় আৰু আদৰ্শৰ অভিনেতা৷ তেনে এজন অভিনেতাই ধাঁপত-গুট্‌খাজাতীয় বিজ্ঞাপনত ভাগ লোৱাটোৱে শোভা নাপায় বুলিও সকলোৱে মন্তব্য কৰিছিল৷ গতিকে বুধবাৰে এটা দীঘলীয়া টুইট কৰি অক্ষয় কুমাৰে সকলোৰে ওচৰত ক্ষমা খোজে ‘আই এম ছ’ৰী’ শিৰোনামৰ বিবৃতিৰ জৰিয়তে৷ এই টুইটতে তেওঁ ঘোষণা কৰে যে কোনোদিন তেওঁ ধঁপাত-গুট্‌খাক সমৰ্থন নকৰে আৰু ভৱিষ্যতেও নকৰে৷ এতিয়াৰে পৰা অনুৰাগীৰ কথালৈ লক্ষ্য ৰাখি চাই চাইহে বিজ্ঞাপনত ভাগ ল’ব৷