Logo
image

শিশুৰ ধৰ্ষণ-হত্যাৰে জড়িত অপৰাধীৰ শাস্তি সলালে ছুপ্ৰিম ক’ৰ্টে

পাপীৰো ভৱিষ্যত থাকে!

আমাৰ অসম, ২২ এপ্ৰিলঃ এজনী ৪ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰা এজন অপৰাধীৰ মৃত্যুদণ্ডৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিলে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবিন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীৰ তিনিজনীয়া বিচাৰপীঠে অপৰাধীজনৰ মৃত্যুদণ্ডৰ শাস্তি ২০ বছৰৰ কাৰাদণ্ডলৈ সলনি কৰে৷ শাস্তি সলনি কৰি দিয়া ৰায়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে সকলো পাপীৰে ভৱিষ্যত থাকে৷ এইজন অপৰাধীৰো ভৱিষ্যত আছে৷ গতিকে তেওঁক মৃত্যুদণ্ডৰ সলনি যাৱজ্জীৱন কাৰাদণ্ড দিয়াটোহে শ্ৰেয়৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে৷ উল্লেখ্য, ২০১৩ চনৰ এপ্ৰিল মাহত মধ্য প্ৰদেশৰ ছেউনি গাঁৱত এজনী চাৰি বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰিছিল ৩৫ বছৰীয়া মহম্মদ ফিৰোজ নামৰ লোকজনে৷