Logo
image

প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ নাম মালতী মেৰী

আমাৰ অসম, ২২ এপ্ৰিলঃ বলীউড-হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী তথা জনপ্ৰিয় গায়ক নিক জোনাছে কন্যা সন্তানৰ নামকৰণ কৰে৷ এতিয়াৰে পৰা তেওঁলোকৰৰ আদৰৰ কন্যাক সকলোৱে চিনি পাব মলতী মেৰী চোপ্ৰা জোনাছ হিচাপে৷ উল্লেখ্য, চলিত বৰ্ষৰ ১৫ জানুৱাৰীত ছাৰ’গেচীৰ জৰিয়তে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল নিক আৰু প্ৰিয়ংকাই৷ প্ৰিয়ংকা চোপ্ৰাৰ মাতৃৰ নাম হৈছে মধুমালতী৷ গতিকে মাতৃৰ নামৰ পৰা মালতী শব্দটো আনিয়েই প্ৰিয়ংকাই কন্যাৰ নাম মালতী ৰাখে বুলি চৰ্চা চলিছে৷ কন্যাৰ নাম পোহৰলৈ অহাৰ পাছতে অনুৰাগীসকলে এই নামৰ অৰ্থ বিচাৰিবলৈ লাগি গৈছে৷