Logo
image

ভোটৰ দিনাহে জাবৰ দেখিলে সাংসদ কুইনে

আমাৰ অসম,২৩ এপ্ৰিলঃ ভোটৰ দিনাহে গুৱাহাটীৰ লাচিত নগৰৰ ঘৰৰ কাষৰ পথত পাহাৰসদৃশ হৈ থকা  আৱৰ্জনাৰ দম দেখিলে গুৱাহাটীৰ সাংসদ কুইন ওজাই৷ গুৱাহাটী পৌৰনিগমৰ ভোট দিবলৈ আহি পথত জাৱৰৰ দম দেখি সাংসদ কুইন ওজাই সাংবাদিকৰ কেমেৰাৰ সন্মুখতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মালৈ ফোন কৰি জাৱৰৰ দম আঁতৰোৱাৰ নিৰ্দেশ দিয়ে৷ লগে লগে আৰম্ভ হয় সাংসদৰ ফোনৰ মেজিক৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই পৌৰনিগমৰ কৰ্মচাৰী,সা-সৰঞ্জাম পঠাই লাচিত নগৰৰ ৰাস্তাত পাহাৰৰ দম পৰিষ্কৰণৰ ব্যৱস্থা কৰে৷ কেৱল জাৱৰ পৰিষ্কাৰেই নহয় নলা-নৰ্দমাও পৰিষ্কাৰ হয় সাংসদৰ এটা মাত্ৰ ফোনৰ যাদুত৷ লক্ষণীয় যে গুৱাহাটীৰ সাংসদ কুইন ওজা আজি এনেদৰে লাচিত নগৰৰ পদপথৰ জাৱৰক লৈ সক্ৰিয় হোৱাৰ আঁৰতো আছে কাহিনী৷ সাংসদগৰাকীয়ে ভোটদান কৰি ওলাই অহাৰ পাছত সাংবাদিকেৰে মুখামুখি হোৱাৰ সময়তে এজন লোকে নলা আৰু জাৱৰ প্ৰসংগত সাংসদ কুইন ওজাক জবাবদিহি কৰে৷ ব্যক্তিগৰাকীৰ প্ৰশ্নবানত ব্যতিব্যস্ত হৈ পৰে সাংসদ কুইন ওজা৷ ইয়াৰ পাছতেই কুইন ওজা জাৱৰ-নলাক লৈ হঠাৎ সক্ৰিয় হৈ পৰে৷ ভোটৰ দিনা ভোটাৰক আকৃষ্ট কৰিবলৈকে সাংসদ কুইন ওজাই এই চিত্ৰনাট্যত অভিনয় কৰিলে নেকি,এতিয়া ইয়াক লৈও এতিয়া প্ৰশ্ন উঠিছে৷ কিয়নো বৃহত্তৰ গুৱাহাটী লোকসভাৰ সাংসদ হিচাপে গুৱাহাটী মহানগৰীৰ কথা বাদেই নিজৰ ঘৰৰ কাষৰ লাচিতনগৰৰো উন্নয়ন সাধিব নোৱাৰা বুলি কুইন ওজাৰ বিৰুদ্ধে সৰৱ হৈছে স্থানীয় ৰাইজ৷