Logo
image

কাজিৰঙালৈ আহি এপাক বিহু নাচিলে ‘থ্ৰী ইডিয়ট্‌ছ’ৰ শ্বাৰমানে

আমাৰ অসম, ২৩ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেমত পৰি বলিউডৰ অৰ্থাৎ থ্ৰী ইডিয়ট ছবিৰ জৰিয়তে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা অভিনেতা শ্বাৰমান যোশীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি অভিভূত হৈ পৰে৷ জানিব পৰা মতে, দ্বিতীয়বাৰৰ বাবে অসমলৈ অহা এই নায়কজনে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কাজিৰঙাত উপস্থিত হৈছে৷ বলিউডৰ জনপ্ৰিয় অভিনেতাজনে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল ভ্ৰমণ  কৰি সাংবাদিকক নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে৷ অভিনেতাজনে সাংবাদিকক জানিবলৈ দিয়া মতে,প্ৰথমবাৰ মাত্ৰ এদিনৰ বাবে  অসমত নাটক কৰিবলৈ আহিছিল যদিও পৰ্যাপ্ত সময়ৰ অভাৱত কোনো স্থান ভ্ৰমণ কৰিব পৰা নাছিল যদিও এইবাৰ অকলে ব্যক্তিগত ভ্ৰমণসূচীৰে বোকাখাত নিৱাসী প্ৰতিষ্ঠিত ব্যৱসায়ী অনিমেষ শইকীয়াৰ আমন্ত্ৰণক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি উৎফুল্লিত হৈ পৰিছে বুলি মত প্ৰকাশ কৰে৷ অভিনেতাজনে ডিমা হাচাওৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেৱজ্যিৎ থাওচেনৰ সৈতে বোকাখাতত থকা বন্ধু অনিমেষ শইকীয়াৰ বাসভৱনত উপস্থিত হয়৷ তেওঁৰ নাহৰজান টি ফেক্টৰী আউটলেটলৈ গৈ অসমৰ বিভিন্ন প্ৰকাৰৰ চাহৰ সোৱাদ লয়৷ অভিনেতাজনে পৰৱৰ্তী সময়ত পৰিয়ালৰ সৈতে পুনৰ কাজিৰঙালৈ আহিব বুলিও জানিবলৈ দিয়ে৷ অভিনেতাজনে কাজিৰঙাৰ উপৰিও গুৱাহাটী আৰু শ্বিলং ভ্ৰমণ কৰে৷ তেওঁ আফ্ৰিকা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাই বিশ্বৰ আন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হ’ব বুলি জনায়৷ কাজিৰঙা বিগ ফাইবৰ কাৰণে জগত বিখ্যাত৷ বিগ ফাইবৰ ভিতৰত গঁড়,হাতী,ম’হ আৰু দল হৰিণা দেখা পায় যদিও কেৱল ঢেঁকীয়া-পতীয়া বাঘ দেখাৰ পৰা বঞ্চিত হয়৷ ঢেঁকীয়া-পতীয়া বাঘ দেখা নাপালেও আক্ষেপ নাই৷ পৰৱৰ্তী সময়ত ঢেঁকীয়া-পতীয়া বাঘও দেখা পাব বুলি আশা কৰিছে অভিনেতাজনে৷ কাজিৰঙা ভ্ৰমণ কৰাৰ লগতে বিহু আৰু ঝুমুৰ নৃত্য কৰি অভিনেতাজন আপ্লুত হৈ পৰে৷ নাচনীৰ সৈতে ঢোলৰ তালে তালে অভিনেতাজনে নৃত্য কৰি আনন্দত মতলীয়া হৈ পৰে৷ মহামাৰী ক’ভিডে আমাক শিক্ষা দিছে৷ গতিকে আমি প্ৰকৃতি সংৰক্ষণ কৰাটো সকলোৰে কাম্য৷ প্ৰকৃতিক সংৰক্ষণ বা ৰক্ষা নকৰিলে প্ৰকৃতিয়ে আমাৰ প্ৰতি বিতুষ্ট হৈ আমাৰ অপকাৰ কৰিব বুলি মত প্ৰকাশ কৰি সকলোকে প্ৰকৃতি সংৰক্ষণ কৰিবলৈ আহ্বান জনায়৷ কাজিৰঙাকে ধৰি অসমৰ জীৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক দৃশ্য অতি মনোমোহা৷ ভৱিষ্যতে ইয়াত চিত্ৰগ্ৰহণ কৰাৰ পৰিকল্পনা আছে৷ বৰ্তমান অভিনেতাজনৰ পাঁচখন চলচিত্ৰৰ চিত্ৰগ্ৰহণ চলি আছে৷ অতি সোনকালে ‘আখ মে চলে’ নামৰ এখন চলচিত্ৰ দৰ্শকৰ বাবে মুকলি হোৱাৰ পথত বুলি অভিনেতাজনে সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে,বলিউডৰ তাৰকা অক্ষয় কুমাৰেও অতি সোনকালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আশা প্ৰকাশ কৰি ইতিমধ্যে টুইটযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষক অৱগত কৰিছে৷