Logo
image

হনুমান জয়ন্তীৰ দৰেই বিহু হিন্দুৰ এটা পৰ্ব! সিদ্ধাৰ্থ

প্ৰাক্তন মন্ত্ৰীৰ ভাষ্যত তুমুল বিতৰ্ক

আমাৰ অসম,২৩ এপ্ৰিলঃ হনুমান জয়ন্তীৰ দৰেই বিহু এটা হিন্দুৰ পৰ্ব৷ যদি বিহু ধৰ্মীয় পৰ্ব নহয় তেন্তে হুচৰি গোৱাৰ আগতে ৰাম বা কৃষ্ণৰ নাম লৈ কিয় আৰম্ভ কৰা হয়৷ মকৰ সংক্ৰান্তিতহে কিয় মাঘবিহু পাতে৷ বিহু নিঃসন্দেহে এক হিন্দু ধৰ্মীয় পৰ্ব৷’–অসমৰ বাপতিসাহোন বিহুক লৈ এই মন্তব্য কৰিলে পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটদান সাব্যস্ত কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত বিহু হিন্দু ধৰ্মীয় উৎসৱ বুলি ওকালতি কৰি ভট্টাচাৰ্যই কয়– ‘খ্ৰীষ্টমাছ পাতিলেই আমি খ্ৰীষ্টান হৈ নাযাও বা ইফতাৰ খালেই আমি মুছলমান হৈ নাযাও৷ নিৰপেক্ষ আৰু বিশিষ্ট দৃষ্টিকোণৰ পৰা নাচালে বিহু ধৰ্মীয় পৰ্ব৷ হনুমান জয়ন্তীৰ লগত যদি বিহু পতাত আপত্তি আছে তেন্তে ঈদৰ লগত বিহু পতাতো কিমান সমীচীন৷ মাৰোৱাৰী সম্প্ৰদায়ে বিহু পাতিবলৈ লৈছিল;সেই একে সময়তে হনুমান জয়ন্তীও আছিল৷ যিহেতু দুয়োটা হিন্দুৰে পৰ্ব সেয়েহে তেওঁলোকে দুয়োটাকে একেধৰণেই লৈছিল৷’উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মাৰোৱাৰী যুৱমঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত লুইতপৰীয়া বিহু সন্মিলনত বিহু সম্বন্ধীয় অনুষ্ঠান নাৰাখি হনুমান জন্মোৎসৱ শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ বিতৰ্কৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এনেদৰে মন্তব্য কৰে৷ বিধায়ক ভট্টাচাৰ্যৰ এই মন্তব্যৰ পাছতে সৃষ্টি হৈছে তুমুল বিতৰ্ক৷ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ বিহুক ধৰ্মীয় উৎসৱ আখ্যা দিয়াত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈয়ে আশ্বৰ্য প্ৰকাশ কৰি বিজেপি বিধায়ক ভট্টাচাৰ্যক ‘মুৰ্খ’আখ্যা দিয়ে৷ অখিল গগৈৰ মতে বিহুৰ সৈতে ভগৱানৰ কোনো সম্পৰ্ক নাই৷ ইফালে, অগপৰ অতুল বৰাই কয় যে মুছলমান কেনেকৈ অতিথি হ’ব৷ মুছলমানক বাদ দি অসমীয়া জাতি থাকিব নেকি? ইউডিএফৰ আমিনুল ইছলামে বিহু হিন্দুৰ অনুষ্ঠান বুলি কোৱাসকলক সংকীৰ্ণ মানসিকতাৰ বুলি অভিহিত কৰে৷