Logo
image

ঢাক-ঢোল নিপিটাকৈ কাম কৰাই ‘ভুল’ হ’ল মন্ত্ৰী চন্দ্ৰৰ

আমাৰ অসম, ২৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰীৰ ধমকৰ পাছতেই নিজৰ ভুল স্বীকাৰ কৰিলে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ পৰ্যটন বিভাগতকৈ পৰিবহণ বিভাগ পিছ পৰি ৰোৱা বুলি আক্ষেপ কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক প্ৰতিযোগিতাত মনোভাৱেৰে কাম কৰিবলৈ নিৰ্দেশ দিছিল৷ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে ক’ভিডত ক্ষতিগ্ৰস্ত পৰিবহণ খণ্ডৰে জড়িত চালক-হেণ্ডিমেন সকলৰ বাবে এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও উক্ত আঁচনি ৰূপায়ণত মন্ত্ৰী পাটোৱাৰীৰ বিভাগ ব্যৰ্থ হোৱা বৃহস্পতিবাৰে আমিনগাঁৱৰ এখন সভাত ৰাজহুৱাকৈ ককৰ্থনা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ কিন্তু বৃহস্পতিবাৰে একেখন মঞ্চতে মুখ্যমন্ত্ৰীয়ে ধমক দিছিল যদিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে৷ পৰিবহণ বিভাগে ক’ভিডৰ ক্ষতিপূৰণ হিচাপে ড্ৰাইভাৰ-হেণ্ডিমেনক টকা দিয়াৰ কথা মুখ্যমন্ত্ৰীক জনোৱা হোৱা নাছিল বুলি দাবী কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়–চালক-হেণ্ডিমেনসকলক ক’ভিড ক্ষতিপূৰণ হিচাপে ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য মাৰ্চ মাহতে দিয়া হৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীক এই কথা জনোৱা হোৱা নাছিল৷ সেইটো আমাৰ ভুল হৈ গৈছিল৷ সেই সময়ত পৰিবহণ বিভাগে ড্ৰাইভাৰ-হেণ্ডিমেনৰ আবেদন সংগ্ৰহ কৰিছিল৷ য’ত ৬০০০ লোকে আবেদন জনাইছিল৷ মাৰ্চ এণ্ডিঙৰ বাবে খৰধৰকৈ দিয়া হৈছিল সাহায্যৰ ধন৷ এটা ৰাজহুৱা অনুষ্ঠান পাতি দিয়া হ’লে ভাল আছিল৷ কিন্তু এই কথাটো বিভাগে জনোৱা নাছিল মুখ্যমন্ত্ৰীক৷ অন লাইন যোগে প্ৰায় ৫,৯০০ চালক-হেণ্ডিমেনৰ বেংক একাউণ্টত সোমোৱাই দিয়া হৈছিল সাহায্যৰ ধন৷