Logo
image

ৰাজস্থানৰ ৩০০ বছৰীয়া পুৰণি হিন্দু মন্দিৰত কংগ্ৰেছ চৰকাৰৰ বুলড’জাৰ

দিল্লীৰ জাহাংগীৰপুৰী উচ্ছেদৰ প্ৰতিশোধ!

আমাৰ অসম,২৩ এপ্ৰিলঃ দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত হোৱা সংঘৰ্ষৰ পাছতে তাত থকা অবৈধ বাসিন্দাৰ বিৰুদ্ধে উত্তৰ দিল্লী পৌৰ নিগমে বুলড’জাৰ চলায়৷ গতিকে বিষয়টোক লৈ ব্যাপক ৰাজনীতি আৰম্ভ হৈছে৷ এই ঘটনাৰ বিৰোধিতা কৰি অহা কংগ্ৰেছে এইবাৰ ৰাজস্থানৰ আলোৱাৰত থকা এটা ৩০০ বছৰীয়া পুৰণি শিৱ মন্দিৰত বুলড’জাৰ চলাই ধবংস কৰাৰ লগতে ইয়াৰ আশে-পাশে থকা বসিন্দাৰ ঘৰো ভাঙি পেলায়৷ ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ এই কাৰ্যৰ পাছতে আলোৱাৰৰ স্থানীয় ৰাইজ আৰু বিৰোধী বিজেপিয়ে অশোক গেহলট চৰকাৰক কঠোৰ সমালোচনা কৰে৷ ইয়াৰ দ্বাৰা ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে হিন্দুসকলৰ ধৰ্মীয় আৱেগ আৰু অনুভূতিত আঘাত সানে বুলিও স্থানীয় ৰাইজ আৰু বিৰোধী বিজেপিয়ে অভিযোগ কৰে৷ মন্দিৰৰ চাল,খুঁটা আৰু মন্দিৰৰ ভিতৰত থকা শিৱৰ মূৰ্তি আৰু শিৱলিংগও বুলড’জাৰ লগাই সম্পূৰ্ণৰূপে ভাঙি পেলোৱাত স্থানীয় ৰাইজ ক্ষুণ্ণ হৈ পৰিছে৷ এই ঘটনাৰ ভিডিঅ’এতিয়া ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে ভাইৰেল হৈছে৷ ফলত বহু লোকে ৰাজস্থান চৰকাৰক কঠোৰ সমালোচনা কৰিছে আৰু জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানৰ প্ৰতিশোধ লোৱা বুলি অভিযোগ কৰিছে৷ লগতে উক্ত এলেকাত থকা ৮৫টা হিন্দু পৰিয়ালৰ ঘৰো বুলড’জাৰ লগাই ধবংস কৰা হয়৷