Logo
image

ভাৰতবিৰোধী প্ৰতিবাদ নিষিদ্ধ কৰিলে মালদ্বীপ চৰকাৰে

আমাৰ অসম, ২৩ এপ্ৰিলঃ দক্ষিণ এছিয়াৰ দ্বীপৰাষ্ট্ৰ মালদ্বীপত কেইবামাহৰ পৰা চলি থকা ভাৰতবিৰোধী প্ৰতিবাদ বন্ধ কৰিবলৈ দেশখনৰ চৰকাৰে বৃহস্পতিবাৰে কঠোৰ নিৰ্দেশ জাৰি কৰে৷ মালদ্বীপৰ চৰকাৰে বৃহস্পতিবাৰে এনে প্ৰতিবাদক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে৷ এনে প্ৰতিবাদত ভাগ লোৱাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব৷ ‘ইণ্ডিয়া আউট’শীৰ্ষক প্ৰতিবাদ মালদ্বীপৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি বিপজ্জনক বুলিও কোৱা হয় উক্ত নিৰ্দেশত৷ উল্লেখ্য,ভাৰতেই সকলোধৰণৰ সহায় আগবঢ়াই আহিছে মালদ্বীপক৷ ভাৰতৰ সহায়ৰ বাবেহে দ্বীপৰাষ্ট˜খনে আজিৰ অৱস্থাত উপনীত হৈছে৷ তেনে অৱস্থাত ভাৰতক মালদ্বীপৰ পৰা বাহিৰ কৰাৰ বাবে অব্যাহত থকা প্ৰতিবাদক দেশখনৰ চৰকাৰে গুৰুত্বসহকাৰে লয়৷ ভাৰতবিৰোধী প্ৰতিবাদে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়া কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি আনিব বুলিও আশংকা কৰে দেশখনৰ ৰাষ্ট˜পতি ইব্ৰাহিম মহম্মদ ছোলিহে৷ বিভিন্ন শ্লোগানেৰে আন আন দেশৰ অনুভূতিত আঘাত কৰিব পৰা প্ৰতিবাদ আৰু অভিযান নিষিদ্ধ কৰিবলৈ মালদ্বীপ চৰকাৰে লোৱা সিদ্ধান্ত বিশেষভৱে গুৰুত্বপূৰ্ণ৷ ভাৰতৰ বিৰুদ্ধে প্ৰথমে এই প্ৰতিবাদ আৰম্ভ কৰিছিল এজন ছ’চিয়েল মিডিয়া এক্টিভিষ্টে৷ কিন্তু পাছত এই প্ৰতিবাদক নেতৃত্ব দিয়ে জে’লৰ পৰা ওলোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি অব্দুল্লা য়ামিনে ইয়াক আগবঢ়াই নিছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিন হৈছে ভাৰতবিৰোধী৷