Logo
image

ভাৰতত ৰাছিয়াৰ হেলিকপ্টাৰ ব্যৱহাৰ নকৰিলে বৰিছ জনছনে

 ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ

আমাৰ অসম,২৩ এপ্ৰিলঃ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাত ব্ৰিটেইনে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰে আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক একেবাৰে বেয়া হৈ পৰে৷ এতিয়া দুয়োখন দেশ ঘোৰ শত্ৰুলৈ ৰূপান্তৰিত হৈছে৷ গতিকে ভাৰতলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে গুজৰাট ঘূৰিবলৈ ব্যৱহাৰ কৰে আমেৰিকাত নিৰ্মিত চিনুক হেলিকপ্টাৰ৷ ভাৰতে তেওঁৰ বাবে ৰাছিয়াত নিৰ্মিত ‘এম আই-১৭’হেলিকপ্টাৰ দিছিল যদিও সেয়া ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে৷ এম আই-১৭ৰ সলনি আমেৰিকাত নিৰ্মিত হেলিকপ্টাৰহে দিবলৈ ব্ৰিটেইনে অনুৰোধ জনাইছিল ভাৰতক৷ ৰাছিয়াত নিৰ্মিত বিমানত উঠিলে ব্ৰিটেইনৰ জনতাৰ লগতে বন্ধু দেশৰ দ্বাৰাও সমালোচনাৰ সন্মুখীন হ’ব বৰিছ জনছন৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ অহাৰ তিনিদিন পূৰ্বে গুজৰাটত উপস্থিত হৈছিলহি এটা দল৷ সেই দলটোৱেই ভাৰত চৰকাৰক অনুৰোধ জনায় ৰুছ হেলিকপ্টাৰৰ সলনি মাৰ্কিন হেলিকপ্টাৰ দিবলৈ৷ গতিকে সেই অনুৰোধ স্বীকাৰ কৰি ভাৰত চৰকাৰে চণ্ডীগড়ত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ পৰা ৩০খন আসন থকা চিনুক হেলিকপ্টাৰ যোগান ধৰে৷