Logo
image

হিমন্তবিশ্বক আফস্পা বাতিলৰ কৃতিত্ব ৰাজনাথৰ

আমাৰ অসম,২৪ এপ্ৰিলঃ ‘উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আফস্পা আঁতৰ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লিডিং ৰুল আছে৷ উত্তৰ-পূবলৈ স্বাভাৱিক শান্তি ঘূৰি অহাৰ ফলতে অসমৰ ২৩ খন জিলা আৰু মণিপুৰ,নগালেণ্ডৰ ১৫খন থানাৰ এলেকাৰ পৰা আফস্পা আতৰোৱাটো সম্ভৱ হৈছে৷’–এই মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ উদ্দেশ্য আয়োজিত অনুষ্ঠানত ভাষণ দি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো ভুৰি ভুৰি প্ৰশংসা কৰে৷ প্ৰায় কুৰি মিনিটৰ ভাষণত ৰাজনাথ সিঙে কেইবাৰো অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ‘ইয়ং’‘ডায়নেমিক’আৰু ইমাজিনেটিভ আখ্যা দিয়ে৷ হিমন্ত বিশ্ব শৰ্মাক এক্সিলেণ্ট মন্ত্ৰী আখ্যা দি ৰাজনাথ সিঙে কয়–‘মানুহে ক’ব মই হিমন্ত বিশ্ব শৰ্মাৰ বহুত প্ৰশংসা কৰিছো৷ মই সোনকালে কাকো প্ৰশংসা নকৰো৷ ইউ কমপেল মি টু তাৰিফ৷ প্ৰশংসা কৰিবৰ বাবে মোক বাধ্য কৰি দিলে৷ মই আশা কৰো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবোৰ কাম অসম চৰকাৰে কৰিছে,এইবোৰ কাম দেশৰ আন ৰাজ্যইয়ো অনুসৰণ কৰিব৷ মাত্ৰ ১১ মাহৰ কাৰ্যকালতে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বহুতো উল্লেখযোগ্য কাম কৰিছে৷ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি যিটো শ্বহীদ সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰা হ’ল,এই কাৰ্যসূচীয়ে মোৰ হৃদয় চুই গ’ল৷’