Logo
image

শিশু অপহৰণকাৰী ধৰা নপৰিল, হাত দাঙিয়েই দিলে আৰক্ষীয়ে

আমাৰ অসম, ২৪ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এটি ৭ মহীয়া শিশুক চুৰি কৰি নিয়া ঘটনা ১০ দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীৰ হাতত ধৰা নপৰিল অপহৰণকাৰী৷ নিয়ম মাফিক এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে হাত দাঙিয়েই দিলে৷ অৱশ্যে আজি মহানগৰ আৰক্ষীয়ে জি এম চি এইছৰ পৰা শিশু অপহৰণ কৰা মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰে৷ ১০টা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে অপহৰণকাৰী মহিলাগৰাকীক চিনাক্ত কৰিব পৰা নাই৷ অপহৰণকাৰী মহিলাগৰাকী বৰপেটা অথবা নলবাৰীৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এ ডি চি পি নোমল মাহাতোৱে৷ জি এম চি এইছৰ পৰা শিশুটিক অপহৰণ কৰি মহিলাগৰাকী ডেণ্টেল কলেজৰ দিশে ওলাই গৈছিল বুলি উল্লেখ কৰি এ ডি চি পি নোমল মাহাতোৱে কয় যে ই-ৰিক্সাত উঠি মহিলাগৰাকী বিৰুবাৰীলৈ গৈছিল৷ বিৰুবাৰীত ই-ৰিক্সাৰ পৰা নামি মহিলাগৰাকী অন্তৰ্ধান হৈ পৰে৷ শিশুটি উদ্ধাৰৰ বাবে ঘটনাটো মুকলিকৈ তদন্ত কৰি বহু তথ্য লাভ কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে দাবী কৰি কয় যে তদন্তৰ খাতিৰত সেইবোৰ এতিয়া ৰাজহুৱা কৰিব নোৱাৰি৷ মহিলাগৰাকীৰ ফটোগ্ৰাফ বহলভাৱে প্ৰচাৰ কৰিলে মহিলাগৰাকীৰ সন্ধান পোৱা যাব বুলি তেওঁ দাবী কৰে৷ উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু বিভাগৰ পৰা যোৱা ১৩ এপ্ৰিলত এগৰাকী মহিলাই ৭ মহীয়া শিশু প্ৰিয়ম কলিতাক অপহৰণ কৰি নিছিল৷ সমস্ত অপহৰণৰ ঘটনা চি চি টি ভিত বন্দী হোৱাৰ পাছতো আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিব পৰা নাই৷ হাজোৰ কলিতাকুছিত শিশুটি বিগত ১০ টা দিন কত আছে তাৰো কোনো শুংসূত্ৰ নাই আৰক্ষীৰ হাতত৷