Logo
image

দেৱসেনাৰ প্ৰেমশৰত শৰবিদ্ধ বাহুৱলী

ৰীল লাইফতে নহয় ৰীয়েল লাইফতো ‘দেৱসেনা’ খ্যাত অনুষ্কাৰ প্ৰেমশৰত শৰবিদ্ধ হৈ পৰিছে ‘বাহুৱলী’প্ৰভাস৷ ২০১৭ চনতে অভিনেত্ৰী অনুষ্কাৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ৷ কিন্তু প্ৰকৃতপক্ষে নিজৰ প্ৰিয়পাত্ৰীৰ নাম স্বয়ং বাহুৱলীৰ মুখৰ পৰা শুনিবলৈ উৎসুক হৈ আছে অনুৰাগীসকল৷ প্ৰভাসৰ বিবাহক লৈ ৰূপালী পৰ্দাৰ ভিতৰে-বাহিৰে বহু গুঞ্জন শুনা যায়৷ বিয়াক লৈ প্ৰভাসক নানাজনে নানান প্ৰশ্ন কৰাও দেখা যায়৷ কিন্তু আজিলৈকে বাহুৱলীৰ মুখৰ পৰা সু-সংবাদটো উলিয়াব পৰা নাই ভক্তসকলে৷ ইফালে বোৱাৰীৰ মুখ চাবৰ বাবে প্ৰভাসৰ মাতৃয়েও অধীৰ অপেক্ষাত আছে৷ শেহতীয়াকৈ প্ৰভাস অভিনীত ‘ৰাধেশ্যাম’নামৰ ছবিখনে দৰ্শকক বিমুখ কৰিছে৷ দেশজুৰি পুষ্পাৰাজ চলাত আৰু তাৰ পাছতে ‘আৰ আৰ আৰে’‘এণ্টি’মৰাত ‘ৰাধেশ্যাম’ৰ বাঁহীত কৰুণ সুৰহে নিৰ্গত হ’ল৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘বাহুৱলী’খ্যাত প্ৰভাসে কয় যে য’লৈকে নাযাও লাগে তাতে তেওঁৰ বিয়াক লৈ প্ৰশ্ন কৰে৷ ইয়াৰ বাবে প্ৰভাসে ভক্তসকলক বেয়া নাপায়৷ অনুৰাগীয়ে তেওঁক ভাল পায় কাৰণেই তেওঁৰ কথা ভাবে বুলি প্ৰভাসে ক’ব বিচাৰে৷ বিয়াৰ প্ৰসংগত প্ৰভাসে আওপকীয়াকৈ কয়– ‘যেতিয়ামোৰ কাষত ইয়াৰ উত্তৰ থাকিব তেতিয়া মই উত্তৰ দিম৷’ দক্ষিণৰ জনপ্ৰিয় নায়িকা অনুষ্কা শেট্টিৰ সৈতে প্ৰভাসৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ দুয়ো একেলগে কেইবাখনো দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰিছে৷ কিছুদিন পূৰ্বে গুজব ওলাইছিল যে দুয়োৱে বিবাহত বহাতো চূড়ান্ত৷ পৰৱৰ্তী সময়ত খবৰ ওলাল যে দুয়ো ভাল বন্ধুহে– ‘জাষ্ট ফ্ৰেণ্ড’৷