Logo
image

গুৱাহাটী কংগ্ৰেছমুক্ত

বিজেপি ৫২, অগপ ৬,আপ ১,এজেপি ১

আমাৰ অসম,২৫ এপ্ৰিলঃ প্ৰত্যাশিতভাৱে পুনৰ বিজেপি মিত্ৰজোঁটে দখল কৰিলে গুৱাহাটী পৌৰ নিগম৷ কিন্তু পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ভিতৰত এখন আসনতো কংগ্ৰেছে জয়লাভ কৰিব নেৱাৱাৰিলে অৰ্থাৎ পৌৰ নিগম  আক্ষৰিক  অৰ্থতে কংগ্ৰেছ শূন্য হৈ পৰিল৷ আজিৰ তাৰিখত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত চাৰিওটা বিধানসভা বিজেপিৰ দখলত৷  একেদৰে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি বিজেপিৰ দখলত৷ পৌৰ নিগমো কংগ্ৰেছ শূন্য হোৱাৰ পাছতে লোকসভা, বিধানসভা আৰু পৌৰ নিগমৰ সকলোৰে পৰা বাহিৰ হ’বলগীয়া হ’ল কংগ্ৰেছ৷ উল্লেখ্য,ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পূৰ্বে গুৱাহাটী লোকসভা,চাৰিওটা বিধান সভা সমষ্টি আৰু পৌৰ নিগম আছিল কংগ্ৰেছ দখলত৷ আজিৰ তাৰিখত গুৱাহাটী সম্পূৰ্ণৰূপে কংগ্ৰেছ মুক্ত হৈ পৰিল৷ গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৫২টাত জয় লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপই ৬টা ৱাৰ্ডত জয়লাভ কৰে৷ আনহাতে,এজেপি আৰু আপে জয় লাভ একোটা ৱাৰ্ডত৷ উল্লেখ্য,দেওবাৰে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা সম্পন্ন কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাৰ তত্ত্বাৱধানত আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই ভোট গণনাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনাৰ আৰম্ভণিতে পোষ্টেল বেলট পেপাৰৰ জৰিয়তে প্ৰদান কৰা ভোটসমূহৰ গণনা কৰা হয়৷ ইয়াৰ পিছতে আৰম্ভ কৰা হয় ই ভি এমত আবদ্ধ মূল ভোট গণনা পৰ্ব৷ গণনাৰ শেষত কামৰূপ মহানগৰ জিলাৰ জিলা ৰিটাৰ্ণিং বিষয়াই নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰে৷ ঘোষিত ফলাফল অনুসৰি মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি [বিজেপি] আৰু অসম গণ পৰিষদ[অগপ]ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৫৮টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে৷ ইয়াৰ ভিতৰত ৬টা ৱাৰ্ড- ১০,১২,১৩,২৪,৩২আৰু ৫৯ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫২টা ৱাৰ্ড- ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১১, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৫, ২৬, ২৭, ২৮, ২৯, ৩০, ৩১, ৩৩, ৩৪, ৩৫, ৩৬, ৩৭, ৩৮, ৩৯, ৪০, ৪১, ৪৩, ৪৪, ৪৫, ৪৬, ৪৭, ৪৮, ৪৯, ৫০, ৫১, ৫২, ৫৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮ আৰু ৬০ নং ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে ৰ নম্বৰ ৱাৰ্ডত অসম জাতীয় পৰিষদ [অজাপ]ৰ প্ৰাৰ্থী আৰু ৪২ নম্বৰ ৱাৰ্ডত আম আদমী পাৰ্টী [আপ]ৰ প্ৰাৰ্থী বিজয়ী হয়৷ উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে৷ ফলাফল ঘোষণাৰ অন্তত জিলা নিৰ্বাচন বিষয়াই বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে৷ নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাই নিকা আৰু স্বচ্ছতাৰে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীৰ লগতে সমূহ ভোটাৰ ৰাইজ,বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে৷  পৌৰ নিগমত মুঠ ৪ লাখ ৮০৬টা ভোট দান হৈছিল৷ তাৰ ভিতৰত বিজেপিয়ে ২,৩৭,৭৪২টা, কংগ্ৰেছে ৫৪,৯৮০টা, আপে ৪২,৮৬৬টা, অগপই ২৮,০৯২টা, এজেপিয়ে ৪২,৮৬৬টা, এজেপিয়ে ১৫,৪৪৩টা, চিপিআই[এম] ২৪৪৭টা ভোট লাভ কৰিছে৷ অন্যান্যই লাভ কৰিছে মুঠ ১১,১৩৯টা ভোট৷ ন’টাত পৰে ৮০৯৭টা ভোট৷ ৰাজ্যত এই বেলি সবলৰূপত প্ৰকাশ কৰা দল আপে ২৪টা ৱাৰ্ডত বিজেপিৰ সৈতে তীব্ৰ যুঁজ দিবলৈ সক্ষম হয়৷ ৩৮টা ৱাৰ্ডত প্ৰাৰ্থিত্ব দিছিল আপে৷ ইয়াৰে ভিতৰত ২৪টাত দ্বিতীয় স্থানত থাকে আপ৷ আনহাতে ২৬ টা ৱাৰ্ডত দ্বিতীয় স্থানত থাকিয়ে সন্তুষ্ট হ’ব লগীয়া হয় একেৰাহে ৰাজ্যত তিনিটাকৈ কাৰ্যকাল শাসন চলোৱা কংগ্ৰেছে৷

আমাৰ বেয়া হৈছে,সদ্যঘোষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এইদৰে অকপট স্বীকাৰোক্তি কৰে অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ প্ৰকাশ যে বিগত ২০ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ বিধায়ক তথা দলিত কণ্ঠ জিগনেছ মেৱানীক সাক্ষাৎ কৰিবলৈ আজি কোকৰাঝাৰত দলে-বলে উপস্থিত হয় সভাপতি ভূপেন বৰা৷ দলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷ তেওঁ কয় যে গুৱাহাটীৰ ৰাইজে এটা সুযোগ দিছে বিজেপিক৷ কাৰণ গুৱাহাটীৰ ৰাইজৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা এটা বিশুদ্ধ খোৱাপানী আৰু এটা কৃত্ৰিম বান৷ মুখ্যমন্ত্ৰী শৰ্মাই আগন্তুক জুন মাহৰ পৰা খোৱাপানী যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ ইয়াৰ পূৰ্বেও গুৱাহাটীবাসীয়ে বিজেপিক ৪ বাৰ সুযোগ দিছে৷ এতিয়াতো ৰাজ্যৰ শাসনভাৰ বিজেপিৰ ওপৰতে গতিকে ৰাইজে এটা সুবিধা দিছে৷  এটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো তেওঁ ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত সকলো নাগৰিকৰ দৰে বিভিন্ন দল-সংগঠনৰ অধিকাৰ আছে বুলি উল্লেখ কৰি তেওঁ নৱাগত দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷    আনহাতে,তেওঁ ৰাজ্যিক সমিতিৰ সভাপতি হৈ থকালৈকে এআইইউডিএফৰ লগত মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে৷ এই সন্দৰ্ভত তেওঁ  ইতিমধ্যে এই বিষয়ে ছোনীয়া গান্ধী তথা দলৰ আন কৰ্মী-সদস্যৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে৷ তেওঁ দলৰ খহনীয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দলৰ কঠিন সময়ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা সকলেহে দলত থাকিব পাৰিব বুলি মন্তব্য কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা জিতেন্দ্ৰ সিঙে কৰা মন্তব্য অনুসৰি, দুই নাৱত দুই ভৰি দি কোনেও থাকিব নালাগে বুলি স্পষ্ট কৰি দিয়ে৷  উল্লেখ্য যে,কোকৰাঝাৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱন প্ৰাংগণৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদলযাত্ৰাত অংশগ্ৰহণ কৰে৷  তদুপৰি,কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৱৰ্তী মহাত্মা গান্ধী শিশু উদ্যান প্ৰাংগণত কংগ্ৰেছ দলৰ অৱস্থান প্ৰতিবাদী কাৰ্য়সূচীতো অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই৷ তেওঁ সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক অনতিপলমে মুক্তিৰ দিয়াৰ দাবীতো সৰব হৈ উঠে৷  উল্লেখ্য যে,সভাপতি বৰাই আজি তিনিটা দিন আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বিধায়ক তথা প্ৰতিবাদী কণ্ঠ জিগনেছ মেৱানীক থানালৈ আহি সাক্ষাৎ কৰে৷ বিধায়ক মেৱানীক তেওঁ জিলা ন্যায়াধীশে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া সন্দৰ্ভত যিহেতু মেৱানী কোনো গুৰুতৰ অপৰাধ কৰা নাই গতিকে আৰক্ষীৰ বাবে তিনিদিন যথেষ্ট বুলি মন্তব্য কৰে৷ তেওঁ লগতে অসমৰ আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে বুলি জানিবলৈ দি আজি বিধায়ক মেৱানী মুকলি আকাশৰ তললৈ আহিব বুলি আশা প্ৰকাশ কৰে৷  জানিব পৰা মতে,তেওঁ কোকৰাঝাৰ চহৰৰ হোটেল ঔমশ্ৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰিব৷