Logo
image

মিঞাৰ ভোটতেই আপ-এজেপিৰ হাতীগাঁও,গাড়ীগাঁৱত জয়! বিজেপি

২ ৱাৰ্ডত উন্নয়ন নহ’বঃ জয়ন্তমল্ল

আমাৰ অসম,২৫ এপ্ৰিলঃ পৌৰ নিগমৰ নিৰ্বাচনত দুই সংখ্যালঘু এলেকা হাতীগাঁও আৰু গাড়ীগাঁও,আপ-এজেপিয়ে দখল কৰাৰ পাছতে বিজেপি সম্প্ৰদায়ত প্ৰসংগ উত্থাপন কৰাক লৈ গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি৷ বিজেপিৰ দাবী– মিঞাৰ ভোটতেই আপ-এজেপিৰ হাতীগাঁও, গাড়ীগাঁৱত জয়৷ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ছ’চিয়েল মিডিয়াত কয়– হাতীগাঁও, সিজুবাৰী,গাড়ীগাঁও আদি অঞ্চলৰ মিঞাৰ একত্ৰ ভোট পোৱাত আপ,এজেপি সফল হ’ল৷ ইফালে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্তমল্ল বৰুৱাই কয়– উন্নয়নৰ মৰমৰ পৰা বঞ্চিত হ’ব গাড়ীগাঁও আৰু সিজুবাৰী৷ দুয়োটা ৱাৰ্ডত উন্নয়ন নহ’ব৷ এই দুটা ৱাৰ্ডত আপ আৰু এজেপিয়ে সংখ্যালঘুৰ ভোট পাইছে৷ গাড়ীগাঁও,হাতীগাঁও সিজুবাৰীত জিকা মানে জনিয়া বাঘবৰত জিকা৷ আগে-পাছেও এইবোৰ ঠাইত বিজেপি জিকা নাই৷ এইবাৰ আমি চেষ্টা চলাইছিলো সেইবোৰ ঠাইৰ মানুহকো পতিয়ন নিয়াব পাৰো নেকি চেষ্টা চলাইছিলো ৷ বিৰোধী চিন্তা-চৰ্চা কৰা মানুহে বিকল্প বিচাৰি ক’ৰবাত আপ বা ক’ৰবাত এজেপিক ভোট দিছে৷ গতিকে তেওঁলোকক লৈ কিবা আলোচনা কৰিব লাগে বুলি নাভাবো ৷ ইফালে,দেওবাৰে ডিব্ৰুগড়ত এটা অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– যি দুটা ৱাৰ্ডত আপ আৰু এজেপি জিকিছে সেই দুটা ৱাৰ্ডৰ বিষয়ে জানেই সকলোৱে৷ মইনো আৰু কি ক’ম? এই দুটা সমষ্টিত কোনোবা নহয় কোনোবা জিকিবলগীয়াটো আছিলেই৷ মুখ্যমন্ত্ৰী শৰ্মা,সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা,বিধায়ক জয়ন্ত মল্ল বৰুৱাই হাতীগাঁও আৰু গাড়ীগাঁও ৱাৰ্ড দুটাক লৈ কটাক্ষ কৰিছে৷ ইফালে,হাতীগাঁও,গাড়ীগাঁও আপ-এজেপিয়ে দখল কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে৷ তেওঁ কয়–আপ-এজেপি য’ত জিকিছে তাত আমি কেতিয়াও নিজিকো৷ সেইবোৰ বাংলাদেশী মুছলমান অধ্যুসিত অঞ্চল৷ বিজেপিয়ে বিশ্বাস কৰে চব কা সাথ চব কা বিকাশ আৰু বাংলাদেশী মুছলমানে বিশ্বাস কৰে চুৰি,ডকাইতি আদিত৷ অসমত বাংলাদেশী মুছলমানে আপক বাট খুলি দিলে৷ অসমীয়া মানুহে,ভাৰতীয় মানুহে আপক সমৰ্থন নকৰে৷ আপক সমৰ্থন কৰে বাংলাদেশী মুছলমানেহে ৷ যদিওবা ৪২ নম্বৰ হাতীগাঁও ৱাৰ্ডত বাস কৰে জ্যেষ্ঠ সাংবাদিক জাকিৰ হুছেইন, চৈয়দ ৱাছবিৰ হুছেইন আদিৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত বহু লোক৷ তেনেস্থলত মুখ্যমন্ত্ৰী, সাংসদ,বিধায়কে সংখ্যালঘু লোকসকলক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰাত প্ৰতিবাদ কৰিছে বহুজনে ৷ আপৰ নিবাৰ্চিত পাৰিষদ মাছুমা বেগমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ধৰ্ম নহয় লাগে কৰ্মৰ ৰাজনীতি৷ কেৱল সংখ্যালঘুৰ লোক নহয় গুৱাহাটীৰ সকলো শ্ৰেণীৰ লোকে আমাৰ প্ৰতি সমৰ্থন জনাইছে৷ মিঞাবোৰ কি ৰাইজৰ নহয় নেকি? মোক সকলো শ্ৰেণীৰ লোকেসমৰ্থন জনাইছে৷ ইফালে,এজেপিৰ নিৰ্বাচিত পৰিষদ হুকুম আলী বক্সিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– জয়ন্ত মহন্ত বৰুৱা বা পৱিত্ৰ মাৰ্ঘেৰিটাতকৈ মই বেছি অসমীয়া৷

গুৱাহাটী পৌৰ নিগমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত আম আদমি পাৰ্টীয়ে [আপ] প্ৰতিদ্বন্দ্বিতা কৰি ৪২ নং ৱাৰ্ডত মাছুমা বেগমে জয় লাভ কৰিবলৈ সক্ষম হয়৷  দুৰ্নীতি-প্ৰলোভনৰ ৰাজনীতিৰ মাজতে মূল্যবোধৰ ৰাজনীতিক আদৰ্শক হিচাপে লৈ আগবঢ়া আপৰ এই ৰাজনৈতিক সফলতাই উত্তৰ পূৰ্বাঞ্চলত বিকল্প ৰাজনীতিৰ পথ প্ৰশস্ত কৰিলে৷ তেনেদৰে আপে আৰম্ভণিৰে পৰা উন্নয়নৰ ইছ্যুক আধাৰ হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাবে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ সলনি উন্নয়নৰ ৰাজনীতি কৰিবলৈ বাধ্য হ’ল৷ এই মন্তব্য আপৰ অসম ৰাজ্যিক কমিটিৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ৷ দেওবাৰে আপৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে ডাঃ ভৱেন চৌধুৰীয়ে৷  সংবাদ মেলত ডাঃ চৌধুৰীয়ে কয় আপৰ সৱল উত্থানৰ বাবে বিজেপিয়ে কোনোপধ্যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে শাসকীয় দলটোৱে প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ১০কৌটি টকা প্ৰদান কৰা,চিকিৎসালয় নিৰ্মাণ কৰা,খোৱাপানীৰ যোগানৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হয়৷ আগন্তক গাঁও পঞ্চায়তৰ নিৰ্বাচনটো দলটোৱে নিজকে সাজু কৰি বুথ পৰ্যায়লৈকে সংগঠন মজবুত কৰিব৷ তেনেদৰে দলৰ ফালৰ পৰা সকলো ভোটাৰ,সংবাদ কৰ্মী আৰু স্বেচ্ছাসেৱকক ধন্যবাদ জ্ঞাপন কৰা হৈছে৷ ৰাজ্যৰ স্থবিৰ ৰাজনৈতিক পৰিৱেশৰ মাজতে ৰাইজে যি আস্থা স্থাপন কৰিলে,সেই আস্থাই দলটোক ৰাইজৰ প্ৰতি আৰু অধিক দায়বদ্ধ কৰিলে৷ ১৮ নং বাৰ্ডত আপৰ প্ৰাৰ্থীগৰাকীয়ে দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে৷  নিৰ্বাচনত দলে সামগ্ৰিকভাৱে সুন্দৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছে৷ কামৰ ৰাজনীতি কৰা,একমাত্ৰ উন্নয়নক ইছ্য়ু হিচাপে লোৱা আপে সংখ্যাৰ হিচাপত অধিক সফলতা লাভ নকৰিলেও আন এক দিশৰ পৰা সম্পূৰ্ণ সফল হৈছে বুলি ডাঃ ভবেন চৌধুৰীয়ে ব্যক্ত কৰে৷ সংবাদ মেলত আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা,যুটীয়া সমন্বয়কদ্বয় লক্ষ্মীকান্ত ডুবে আৰু ৰাজীৱ শইকীয়া উপস্থিত থাকে৷