Logo
image

প্ৰধানমন্ত্ৰীক লতা দীননাথ মংগেশকাৰ বঁটা প্ৰদান

আমাৰ অসম, ২৫ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমজন ব্যক্তি হিচাপে কোকিলকণ্ঠী গায়িকা প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা ‘লতা দীননাথ মংগেশকাৰ বঁটা’দেওবাৰে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত গ্ৰহণ কৰে৷ প্ৰয়াত সংগীত সম্ৰাজ্ঞী লতা মংগেশকাৰৰ পিতৃ দীননাথ মংগেশকাৰৰ ৮০সংখ্যক মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি দেওবাৰে অনুষ্ঠিত অনুষ্ঠানত লতা মংগেশকাৰৰ ভগ্নীদ্বয় ক্ৰমে গায়িকা আশা ভোশলে আৰু উষা মংগেশকাৰে প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদান কৰে৷ বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ‘লতা দিদি আমাৰ বাবে প্ৰেম আৰু শান্তিৰ প্ৰতীক হৈ জিলিকি আছে৷ যেতিয়া লতা দিদিৰ নিচিনা জ্যেষ্ঠ ভগ্নীৰ নামত বঁটা প্ৰদান কৰা হয়,এয়া লতা দিদিৰ মোৰ প্ৰতি থকা মৰম আৰু ভালপোৱা৷ তেওঁৰ নাম জড়িত হৈ থকা এই বঁটা মই গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰোঁ৷ মই এই বঁটা দেশবাসীৰ নামত উছৰ্গা কৰিছোঁ৷’ উল্লেখ্য,লতা মংগেশকাৰৰ পৰিয়ালবৰ্গ আৰু দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান চেৰিটেবল ট্ৰাষ্টৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি লতা মংগেশকাৰৰ স্মৃতিত প্ৰতিবছৰে ৰাষ্ট্ৰ নিৰ্মানত উল্লেখযোগ্য অৱদান আগবঢ়োৱা এজনকৈ ব্যক্তিক এই বঁটা প্ৰদান কৰিব৷