Logo
image

পুনৰ নতুন গোচৰ! আদালতত হাজিৰ কৰাই জিগনেশক জে’লত নিক্ষেপ

আমাৰ অসম,২৫ এপ্ৰিলঃ পুনৰ নতুন গোচৰ জাপি দিয়াৰ চেষ্টা চলোৱা হৈছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে৷ গুজৰাটৰ ভডগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীৰ তিনিদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাত দেওবাৰে কোকৰাঝাৰৰ বিশেষ ন্যায়াধীশৰ আদালতে জে’ল-হাজোতলৈ প্ৰেৰণ কৰে৷ অৱশ্যে মেৱানীক পুনৰ নতুন গোচৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷ ইপিনে,গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ দেশজুৰি দলিত সমাজে প্ৰতিবাদ আৰম্ভ কৰিছে৷ গুজৰাটৰ ভডগাম সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা সংগ্ৰামী দলিত নেতা মেৱানীক গ্ৰেপ্তাৰৰ পাছতেই কংগ্ৰেছৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নাথুৰাম গড্‌ছেৰ ভক্ত বুলি সমালোচনামূলক এটা টুইট কৰা অভিযোগতে অসম আৰক্ষীয়ে গুজৰাটৰ পৰা জনপ্ৰতিনিধিজনকগ্ৰেপ্তাৰ কৰা কাৰ্যক বিজেপিৰ ষড়যন্ত্ৰ বুলিও অভিহিত কৰিছে৷ ইপিনে,ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চই ধাৰাবাহিকভাৱে আহমেদাবাদত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ কৰাত দলিত মঞ্চৰ নেতৃত্বৰ বিৰুদ্ধে ইতিমধ্যে গোচৰো ৰুজু কৰিছে গুজৰাট আৰক্ষীয়ে৷ দেওবাৰেও গুজৰাটৰ আহমেদাবাদ ভেজলপুৰস্থিত জীৱৰাজ পাৰ্কত সন্মুখত স্থানীয় লোকে বিধায়ক জিগনেশৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়৷ লক্ষণীয়ভাৱে বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ভডগাম সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক মণিলাল বাঘেলাই দেওবাৰে বিজেপিত যোগদান কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ বিজেপি নেতৃত্বই সদৰী কৰা মতে বাঘেলাই এইবাৰ বিধানসভা নিৰ্বাচনত ভডগাম সমষ্টিৰ পৰা বিজেপি টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ মণিলাল বাঘেলাৰ ৰাজনৈতিক পথ প্ৰশস্ত কৰাৰ স্বাৰ্থতে দলিত নেতা জিগনেশ মেৱানীক অসম আৰক্ষীৰ দ্বাৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰেপ্তাৰ কৰোৱা বুলিও অভিযোগ উঠিছে৷ ইপিনে মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত তৃতীয় দিনৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱন প্ৰাংগণৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷ তাৰোপৰি কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৱৰ্তী মহাত্মা গান্ধী শিশু উদ্যান প্ৰাংগণত কংগ্ৰেছ দলৰ অৱস্থান প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই৷ তেওঁ সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক অনতিপলমে মুক্তিৰ দিয়াৰ দাবীতো সৰৱ হৈ উঠে৷ সভাপতি বৰাই তিনিটা দিন আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ বিধায়ক তথা প্ৰতিবাদী কণ্ঠ জিগনেছ মেৱানীক থানাত সাক্ষাৎ কৰে৷ তেওঁ লগতে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে গ্ৰেপ্তাৰৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা বুলি জানিবলৈ দি শীঘ্ৰে বিধায়ক মেৱানী মুকলি আকাশৰ তললৈ আহিব বুলিও আশা প্ৰকাশ কৰে৷

তিনিদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাত দেওবাৰে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক৷ বিটিচিৰ এজন ই এমে দিয়া এজাহাৰ ভিত্তিত বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পালামপুৰ আৱৰ্ত ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিধায়ক মেৱানীক৷ প্ৰধানমন্ত্ৰী সমালোচনা কৰা এটা টুইটে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিধায়কজনক তিনিদিনৰ জিম্মাত লৈছিল কোকৰাঝাৰ আৰক্ষীয়ে৷ দেওবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতে জে’ল-হাজোতলৈ প্ৰেৰণ কৰে জনপ্ৰতিনিধিজনক৷ অৱশ্যে মেৱানীৰ জামিন আবেদন দাখিল কৰা হৈছিল যদিও এই আবেদনৰ  শুনানি সোমবাৰেহে গ্ৰহণ কৰিব কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷