Logo
image

অত্যধিক মহঙা হ’ব অন্ন-বস্ত্ৰ-গৃহ

১৪৩বিধ সামগ্ৰীত জিএছটি বৃদ্ধি

আমাৰ অসম,২৬ এপ্ৰিলঃ প্ৰথমে শেহতীয়া  কেন্দ্ৰীয় বাজেটত দেশৰ মধ্যবিত্ত আৰু নিম্নমধ্যবিত্তক মাধমাৰ শোধাই লৈ ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতে নৰেন্দ্ৰ মোদী চৰকাৰে জনসাধাৰণক দ্বিতীয়টো মাধমাৰ শোধাইছিল পেট্ৰ’ল,ডিজেল আৰু ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি৷ চেঞ্চুৰী মৰা পেট্ৰ’লৰ মূল্য এতিয়াও দেশজুৰি এশৰ ওপৰেৰে বাগৰি আছে৷ চেঞ্চুৰী মাৰিছে ডিজেলেও৷ সমান্তৰালভাৱে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাছত গৃহ নিৰ্মাণৰ সকলো সামগ্ৰী যেনে ৰড-চিমেন্টৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত দাইল-চাউলৰ কথা বাদেই,খোৱাতেলৰ মূল্য আকাশলংঘী হৈছে৷ অহা ২৮ এপ্ৰিলৰ পৰা ইণ্ডোনেছিয়াই ভাৰতলৈ পাম তেলৰ সৰবৰাহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত ভোজ্য তেল অথবা খোৱাতেলৰ মূল্য নিয়ন্ত্ৰণহীন হৈ পৰিব বুলি স্বয়ং তেলৰ ব্যৱসায়ীয়েই আশংকা প্ৰকাশ কৰিছে৷ সৰ্বদিশতে খাদ্য সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থকাৰ সময়তে এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে আন এটা মাধমাৰ দি ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰাৰ বাবে আগবাঢ়িছে৷ মোদী চৰকাৰৰ এই পদক্ষেপৰ ফলত এতিয়া ভাৰতৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত নাগৰিকৰ বাবে আক্ষৰিক অৰ্থতে  মহঙা হৈ পৰিব অন্ন-বস্ত্ৰ আৰু বাসস্থান৷ 

মধ্যযুগত ভাৰতত কৰতলীয়া ৰজা নামে এটা প্ৰথা আছিল৷ বিজয়ী ৰজাই পৰাজিত ৰাজ্যৰ পৰা বৃহৎ পৰিমাণত কৰ সংগ্ৰহ কৰি শাস্তি প্ৰদান কৰিছিল আৰু ৰাজভঁৰাল টনকিয়াল কৰিছিল৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সেই শব্দৰ সামান্য ইফাল-সিফাল হৈছে৷ এই চৰকাৰে কৰতোলা ৰজাৰ দৰে দেশৰ প্ৰজাৰ প্ৰতি আচৰণ প্ৰদৰ্শন কৰি আছে৷ তেতিয়াৰ কৰতলীয়া শব্দটো যেন এতিয়া কৰতোলালৈ পৰিৱৰ্তিত হৈছে৷ পণ্য আৰু সেৱা কৰ বা জি এছ টি হৈছে দেশৰ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা পৰোক্ষ কৰ৷ এই পৰোক্ষ কৰৰ জৰিয়তেই কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে৷ দাইল-তেল,চাউল-আটাকে ধৰি খাদ্য সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী দেশৰ প্ৰত্যেকজন নাগৰিকে ক্ৰয় কৰিব লাগে আৰু সেই প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত দেশৰ নাগৰিকে জি এছ টি ভৰিব লাগে৷ দেশৰ বাসিন্দাক কৰৰ ক্ষেত্ৰত সকাহ দিবলৈ হ’লে এতিয়া চৰকাৰৰ হাতত এটাই বিকল্প আছে– সেয়া হৈছে জি এছ টি হ্ৰাস কৰা৷ কিয়নো ২০১৭ চনত জি এছ টি বলৱৎ হোৱাৰ পাছৰ পৰা প্ৰতিটো সামগ্ৰীৰ মূল্যৰ হ্ৰাস-বৃদ্ধি প্ৰকৃততে জি এছ টিৰ জৰিয়তেই হয়৷কেন্দ্ৰীয় বাজেটত মধ্যবিত্তক সকাহ দিয়াৰ সুযোগ তেনেকৈ নাথাকে,কিয়নো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ বাবে চৰকাৰৰ কোনো হিতাধিকাৰী আঁচনি নাই৷ সেয়ে মধ্যবিত্তক সকাহ দিয়াৰ উপায় হৈছে জি এছ টি হ্ৰাস আৰু পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য অথবা কৰ আৰু প্ৰতিকৰ হ্ৰাস কৰা৷ পিছে মোদী চৰকাৰে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক সকাহ দিয়া দূৰৈৰে কথা,পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ পাছত এতিয়া ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰি আন এটা প্ৰচণ্ড মাধমাৰ দিবলৈ আগবাঢ়িছে৷ 

অহা মাহত হ’বলগীয়া জি এছ টি কাউন্সিলৰ বৈঠকত মুঠ ১৪৩ বিধ সামগ্ৰীৰ কৰ বৃদ্ধি কৰা হ’ব৷  অৰ্থাৎ সেই ১৪৩ বিধ সামগ্ৰীৰ মূল্য এতিয়াৰ তুলনাত বাঢ়ি যাব৷  দেশৰ জনসাধাৰণৰ বাবে এয়া এক ভয়ানক ঘটনা হিচাপেই বিবেচিত হৈছে৷ ১৪৩ বিধ সামগ্ৰীৰ ভিতৰত ৯২ শতাংশ সামগ্ৰী পূৰ্বৰ জি এছ টি বন্ধনী ১৮ শতাংশ পৰা এতিয়া ২৮ শতাংশৰ বন্ধনীলৈ সলনি অৰ্থাৎ বৃদ্ধি কৰা হ’ব৷ আনহাতে পাপৰ আৰু গুড়ৰ ইমানদিনে জি এছ টি পাঁচ শতাংশ আছিল আৰু  সেই দুয়োবিধ সামগ্ৰীৰ এইবাৰ জি এছ টি ১২ শতাংশ কৰা হ’ব৷ কাষ্টাৰ্ড পাউদাৰ জি এছ টি ৫ শতাংশৰ পৰা একেকোবে ১২ শতাংশ কৰা হ’ব আৰু ৰন্ধনশালত ব্যৱহূত সামগ্ৰীৰ জি এছ টি ১২ শতাংশৰ পৰা ১৮ শতাংশ কৰা হ’ব৷ নতুনকৈ জি এছ টি বৃদ্ধি কৰিবলগীয়া ১৪৩ বিধ সামগ্ৰীৰ ভিতৰত আছে কাষ্টাৰ্ড পাউদাৰ, ঘঁড়ী, পাপৰ, গুড়, ছুটকেচ, হেণ্ডবেগ, পাৰফিউম, ডিঅ’ডৰেণ্ট, পাৱাৰ বেংক, কালাৰ টিভি, চকলেট, চিৰামিক ছিংক ,ৱাশ্ব মেছিন, ছুয়িংগাম, ৱালনাট, চশমাৰ ফ্ৰেম, গগল্‌ছ, এলক’হলবিহীন পানীয়, ৰেডিমেড কাপোৰ, কাপোৰ,ছামৰা ইত্যাদি৷ এই সামগ্ৰীসমূহ অত্যাৱশ্যকীয় সামগ্ৰী নহ’লেও সৰহসংখ্যকেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ভিতৰত পৰে৷ সেয়ে মোদী চৰকাৰে বাচি বাচি এই ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে যাতে চৰকাৰে সচৰাচৰ ব্যৱহূত এই সামগ্ৰীৰ পৰা বিপুল হাৰত জি এছ টিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিব পাৰে৷ স্বাভাৱিকতে এই জি এছ টি বৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক প্ৰচণ্ডভাৱে মাধমাৰ শোধাব৷ উল্লেখ্য যে,এইবাৰৰ জি এছ টি কাউন্সিলৰ বৈঠকত জি এছ টিৰ বন্ধনীৰ সাল-সলনিৰো প্ৰস্তাৱ আছে৷ চৰকাৰে সম্ভৱতঃ নূ্ন্য়তম ৫ শতাংশৰ জি এছ টি বন্ধনী লুপ্ত কৰি নূ্ন্য়তম জি এছ টি বন্ধনী ৭ শতাংশ কৰিব পাৰে৷ তেনে ক্ষেত্ৰত ৭,৮,৯ শতাংশৰ নতুন জি এছ টি বন্ধনী সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে তাৰ চূড়ান্ত সিদ্ধান্ত হ’ব অহা মে’ত হ’বলগীয়া জি এছ টি কাউন্সিলৰ বৈঠকত৷ এতিয়া দেশত ৫,১২,১৮,২৮ শতাংশৰ চাৰিটা জি এছ টি বন্ধনী আছে৷ তাৰ ভিতৰত ১৮ শতাংশৰ বন্ধনীৰ ভিতৰত সৰ্বাধিক ৪৮০ বিধ সামগ্ৰী আছে আৰু মোদী চৰকাৰে তাৰ পৰাই ৭০ শতাংশ জি এছ টি সংগ্ৰহ কৰে৷ 

ইপিনে,অহা জুনৰ পৰা দেশৰ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা যোৱা পাঁচ বছৰে লাভ কৰি থকা জি এছ টিৰ ক্ষতিপূৰণ নাপাব৷ ইয়াৰ ফলত যিদৰে ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হ’ব সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সংগ্ৰহ ক্ষতিপূৰণ নিদিয়াৰ ফলত অভাৱনীয় হাৰত বৃদ্ধি পাব৷ দেশৰ আগশাৰীৰ অৰ্থনীতিবিদে কৈছে,এনেদৰে ক্ষতিপূৰণ ধন চৰকাৰৰ ভঁৰালত ৰৈ গ’লে প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰাহে উচিত,যাতে দেশৰ জনসাধাৰণে সকাহ পায়৷ ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰে ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰি দেশবাসীক কৰৰ অত্যধিক বোজা জাপি দি শত্ৰুৰ দৰে আচৰণ কৰিবলৈ লৈছে৷