Logo
image

জামিন পায়ো মুক্তি নাপালে জিগনেশে

জাপি দিয়া হ’ল মহিলা আৰক্ষীৰ শালীনতা হানিৰ গোচৰ

আমাৰ অসম,২৬ এপ্ৰিলঃ জামিন লাভ কৰিও কাৰামুক্ত নহ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ৷ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি গ্ৰেপ্তাৰ হোৱা দলিত নেতা জিগনেশ মেৱানী কোকৰাঝাৰ আৰক্ষী থানাৰ গোচৰত সোমবাৰে জামিন লাভ কৰিছিল যদিও পিছমুহূৰ্ততে পুনৰ বৰপেটা আৰক্ষীৰ নতুন এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে গুজৰাটৰ কংগ্ৰেছ বিধায়কজনক৷ এইবাৰ কোকৰাঝাৰৰ এগৰাকী কৰ্তব্যৰত মহিলা উপ-পৰিদৰ্শকক অশালীন শব্দৰে গালি আৰু শালীনতা হানিৰ অপচেষ্টা কৰা গুৰুতৰ অভিযোগত বৰপেটাৰোড থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক মেৱানীক৷ স্বাভাৱিকতেই চৰকাৰে যে মেৱানীক জামিন বিহীন ধাৰাৰ নতুন নতুন গোচৰত দীৰ্ঘদিনৰ বাবে কাৰাবন্দী কৰি ৰখাৰ চেষ্টা চলাইছে সেয়া নিশ্চিত হৈ পৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নাথুৰাম গডছেৰ ভক্ত বুলি সমালোচনামূলক এটা টুইট কৰাৰ অভিযোগ বিটিচিৰ এমচিএলএ অৰূপ দেই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা গুজৰাটৰ পালানপুৰ আৱৰ্ত ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ভডগাম সমষ্টিৰ বিধায়ক জিগনেশক৷ ইয়াৰ পাছতেই আৰক্ষীয়ে ২১ এপ্ৰিলত কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই ৩ দিনৰ জিম্মাত লৈছিল৷ দেওবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাত আৰক্ষীয়ে পুনৰ ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে আৰক্ষীৰ আৰ্জি খাৰিজ কৰিছিল৷ ইপিনে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জিগনেশৰ জামিন বিচাৰি আবেদন জনোৱাত দেওবাৰে নিশা ৯ বজালৈ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল আদালতে৷ জিগনেশ মেৱানীৰ হৈ আদালতত যুক্তি দাঙি ধৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ ইপিনে শুনানি দীঘলীয়া হোৱাত আদালতে শুনানি প্ৰক্ৰিয়া সোমবাৰলৈ স্থগিত ৰাখি জনপ্ৰতিনিধিজনক এদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ অৱশ্যে সোমবাৰে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জিগনেশ মেৱানীৰ ৩০ হাজাৰ টকা বণ্ডত জামিন মঞ্জুৰ কৰে যদিও পিছ মুহূৰ্ততে বৰপেটাৰোড থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় বিধায়কজনক৷ বৰপেটাৰোড থানাৰ আৰক্ষীয়ে কোকৰাঝাৰ থানাত কৰ্মৰত মহিলা উপ-পৰিদৰ্শক দেৱীকা ব্ৰহ্মই দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৩/৩৫৩/ ৩৫৪ ধাৰাত ৰুজু হোৱা ৮১/২০২২ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক৷ এজাহাৰখনত মহিলা উপ-পৰিদৰ্শকগৰাকীয়ে অভিযোগ কৰা অনুসৰি- ২১ এপ্ৰিলত গুজৰাটৰ পৰা গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰলৈ অনা জিগনেশ মেৱানীক গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ স্থানান্তৰ কৰাৰ সময়ত এছক’ৰ্ট ডিউটিত আছিল দেৱীকা ব্ৰহ্ম৷ জিগনেশক কোকৰাঝাৰলৈ লৈ যোৱা একেখন বাহনত আছিল কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু এম বসুমতাৰী নামৰ আন এজন টিএছআই৷ কিন্তু উক্ত দিনা দিনৰ ১.৩০ বজাত বৰপেটা জিলাৰ শিমলাগুৰি পইণ্ট পোৱা সময়তে বিধায়ক জিগনেশে অশালীন শব্দৰে গালি পৰা বুলি উপ-পৰিদৰ্শক দেৱীকাই অভিযোগ কৰিছে৷ এছ আই গৰাকীয়ে যেতিয়া জনপ্ৰতিনিধিজনক ভাল ব্যৱহাৰ কৰিবলৈ সকীয়াই দিছিল তেতিয়াই ওলোটাই বিধায়ক জিগনেশে আঙুলি টোৱাই কাজিয়া কৰাৰ লগতে ঠেলামাৰি গাড়ীৰ চিটত দেৱীকাক বহুৱাই দিয়া বুলিও অভিযোগ কৰিছে৷ আনকি কৰ্তব্যৰত অৱস্থাত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে ঠেলা মৰাৰ সময়ত শালীনতা হানিৰ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজাহাৰখনত৷ এছ আই দেৱীকা ব্ৰহ্মই দিয়া এজাহাৰৰ ভিত্তিতে বৰপেটা ৰোড আৰক্ষীয়ে গোচৰ ৰুজু কৰি পুনৰ গ্ৰেপ্তাৰ কৰে গুজৰাটৰ বিধায়কজনক৷ লক্ষণীয়ভাৱে অসম আৰক্ষীয়ে বিধায়ক মেৱানীৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গোচৰ জাপি দিলেও জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত সমগ্ৰ দেশতে আন্দোলন তীব্ৰতৰ কৰিছে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চই৷ সোমবাৰে আহমেদাবাদত ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চই নেতৃত্বত ৰাজপথলৈ পুৰুষ-মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাত শতাধিক প্ৰতিবাদকাৰীক আটক কৰে গুজৰাট আৰক্ষীয়ে৷ কংগ্ৰেছে বিজেপি-আৰ এছ এছৰ পৰিকল্পনা মতেই জিগনেশ মেৱানীক অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱা বুলি অভিযোগ কৰিছে৷ ইপিনে আদালতত জিগনেশ মেৱানীৰ হৈ যুক্তি দাঙি ধৰা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই বৰপেটাৰোড আৰক্ষীয়ে ভুৱা গোচৰত নেতাজনক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰিছে৷ এই সন্দৰ্ভত অধিবক্তা বৰাই কয়– জিগনেশক ২২ এপ্ৰিলত  আদালতত হাজিৰ কৰোৱা হৈছিল৷ সেই সময়ত আৰক্ষীৰ ফালৰ পৰা ফৰৱাৰ্ডিং লেটাৰকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰও দাখিল কৰিছিল৷ বিধায়কজনক দুই-তিনিবাৰ আদালতত হাজিৰ কৰোৱা হৈছিল যদিও কোনো এবাৰতে কোকৰাঝাৰ আৰক্ষীয়ে  জিগনেশ মেৱানীয়ে মহিলা আৰক্ষীৰ ওপৰত অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ কৰা নাছিল৷ তেনে স্থলত জামিন লাভৰ পাছত আকস্মিকভাৱে এনে ভুৱা গোচৰ জাপি দি বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে৷

অৱশেষত বহু বিতৰ্কৰ মাজেৰে জামিন পালে গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীয়ে৷ কোকৰাঝাৰৰ ফাষ্টৰ্ ক্লাছ জুডিছিয়েল মেজিষ্ট্ৰেটে বিধায়কজনৰ জামিন মঞ্জুৰ কৰে৷ উল্লেখ্য যে,৩০ হাজাৰ টকাৰ আমানতত বিধায়কজনৰ জামিন দিয়া হৈছে৷ প্ৰকাশ যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এটা টুইট কৰাৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱানীক গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা ২০ এপ্ৰিল তাৰিখে গ্ৰেপ্তাৰ কৰি আনিছিল৷ পাছত ২১ এপ্ৰিলত কোকৰাঝাৰ ন্যায়িক আদালতে তেওঁক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ অৱশ্যে আৰক্ষীয়ে বিধায়ক মেৱানীক ১৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল৷  সেই পৰিপ্ৰেক্ষিতত কালি বিধায়ক মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে ফাষ্টৰ্ ক্লাছ জুডিছিয়েল মেজিষ্টেটৰ ওচৰত হাজিৰ কৰাই পুনৰ ১০ দিনৰ বাবে তেওঁলোকৰ জিম্মাত বিচাৰে যদিও বিচাৰপতিয়ে সেই আবেদন নামঞ্জুৰ কৰে৷ আনহাতে, বিধায়ক মেৱানীৰ পক্ষই জামিন বিচাৰে যদিও নিশা ৯ বাজি যোৱাৰ বাবে জামিন মঞ্জুৰ কৰাৰ পৰিৱৰ্তে তেওঁক কাৰাগাৰলৈ অৰ্থাৎ ন্যায়িক জিম্মাত দিয়ে৷  কিন্তু আজি মেৱানীৰ পক্ষৰ অধিবক্তাই পুৱাৰ ভাগত আদালতলৈ আহি হঠাৎ জানিব পাৰে যে মেৱানীৰ গোচৰৰ ফাইলটো ৰহস্যজনকভাৱে ফাষ্টৰ্ ক্লাছ জুডিছিয়েল মেজিষ্ট্ৰেটৰ টেবুলৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ টেবুলত গৈছে৷ এই সন্দৰ্ভত গুৱাহাটীৰ পৰা অহা বিধায়ক মেৱানীৰ পক্ষৰ অধিবক্তা অংশুমান বৰাই কোকৰাঝাৰ সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি তেওঁৰ ২৫ বছৰীয়া কাৰ্যকালত এনেকুৱা অভিজ্ঞতা প্ৰথম বুলি জানিবলৈ দিয়ে৷ অধিবক্তা বৰাই তেওঁৰ সতীৰ্থসহ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰলৈ গৈ এয়া কেনেকৈ আপোনাৰ ওচৰলৈ আহিল বুলি প্ৰশ্নৰ উত্থাপন কৰাত দণ্ডাধীশজনে অসন্তোষ প্ৰকাশ কৰে আৰু ফাইলটো পুনৰ পূৰ্বৰ আদালতলৈ প্ৰেৰণ কৰে৷  প্ৰকাশ যে,এইজন অধিবক্তাই ইতিমধ্যে বৰপেটা ৰোড আৰু গোৱালপাৰাত এটাকৈ গোচৰ ৰজু হৈছে বুলি জানিব দিছিল৷  সেইমৰ্মে কোকৰাঝাৰত বিয়লি জামিন পোৱাৰ পাছতে গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে কোকৰাঝাৰৰ পৰা বৰপেটা ৰোড থানা অভিমুখে নিয়া হৈছে৷ প্ৰকাশ যে U/S-২৯৪/৩২৩/ ৩৫৩/৩৫৪ IPCত -৮১/২০২২ নংত বৰপেটা ৰোড আৰক্ষী থানাত পঞ্জীয়ন হোৱা আন এটা গোচৰত মেৱানীক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আনপিনে,গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ দিয়া হৈছে৷

এইবাৰ কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষী বিষয়াক কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে৷  কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীক আজি বৰপেটাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/ ৩২৩/ ৩৫৩/ ৩৫৪ ধাৰাত গ্ৰেপ্তাৰ কৰে৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি বিয়লি জিগনেশ মেৱানীক কোকৰাঝাৰৰ পৰা বৰপেটা সদৰ থানালৈ লৈ অহা হয়৷ উল্লেখ্য যে, গুজৰাটত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে আনি থকা থকা সময়ছোৱাত বৰপেটাৰোড থানাৰ অন্তৰ্গত শিমলাগুৰীত বিধায়ক জিগনেশ মেৱানীয়ে এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকৰ উদ্দ্য়েশে গাড়ীৰ ভিতৰতে অশালীন মন্তব্য কৰি কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলাইছিল৷  এই সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে জিগনেশ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তত বৰপেটা ৰোড থানাত ৰুজু হোৱা ৮১/২০২২ নং গোচৰ সংক্ৰান্তত জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পাৰোৱানা [Production Warrant]ৰ ভিত্তিত জিগনেশ মেৱানীক আজি বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লয়৷ সম্প্ৰতি বৰপেটা সদৰ থানাত জিগনেশ মেৱানীক সোধা-পোছা কৰি থকা হৈছে আৰু কাইলৈ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে৷ ইপিনে জিগনেশ মেৱানীক পুনৰ এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে৷ জিগনেশ মেৱানী বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মত প্ৰকাশ কৰে বৰপেটা কংগ্ৰেছৰ নেতৃবৃন্দই৷ মূৰৰ বিষত আক্ৰান্ত জিগনেশক ঔষধ যোগান ধৰিবলৈও আৰক্ষীয়ে অনুমতি দিয়া নাই বুলি অভিযোগ কৰে বৰপেটা কংগ্ৰেছে৷ আনহাতে,জিগনেশৰ সৈতে অসমলৈ অহা এজন আত্মীয়ই দ্বিতীয় আম্বেডকাৰ আখ্যা দিয়ে জিগনেশ মেৱানীক৷ নৰেন্দ্ৰ মোদীয়ে যিসকলক ভয় কৰে,সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে বুলি মন্তব্য কৰে আত্মীয়জনে৷ দলিত আৰু দৰিদ্ৰৰ বিকাশৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে দেশৰ উঠি অহা নেতাসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে৷