Logo
image

ৰে’লকৰ্মীৰ সহযোগতেই সৰবৰাহ হৈছে ড্ৰাগ্‌

চাপৰমুখত ৰে’লৰ পানীটেংকিত ১ কুইণ্টল গাঞ্জা

আমাৰ অসম,২৬ এপ্ৰিলঃ ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসম আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে পূৰ্বৰ তুলনাত অধিক ক্ষিপ্ৰতাৰে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলেও ইয়াৰ সমান্তৰালকৈ বিভিন্ন কূট-কৌশলেৰে অব্যাহত ৰাখিছে ড্ৰাগ্‌ছৰ বেহা৷ ইয়াৰ বাবে ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলে গ্ৰহণ কৰিছে নিতৌ ন ন কৌশল৷ মহিলা,শিশু,ডেলিভাৰী বয় আদিৰ পাছত এইবাৰ ৰে’লকৰ্মীৰ সহযোগত ড্ৰাগ্‌ছ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ সোমবাৰে হোজাইৰ ঢলপুখুৰী ষ্টেচনত আৰু তাৰ পাছত চাপৰমুখ ষ্টেচনত অভিযান চলাই আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছৰ শৌচাগাৰৰ পানীৰ টেংকিত লুকুৱাই অনা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হোৱা ঘটনাত এই কথা স্পষ্টভাৱে প্ৰমাণ হ’ল যে এই সৰবৰাহৰ সৈতে ৰে’লকৰ্মীও জড়িত হৈ আছে৷ কাৰণ ৰে’ল কৰ্মচাৰীৰ সহায় আৰু সহযোগ অবিহনে সৰবৰাহকাৰীসকলে ৰে’লৰ শৌচাগাৰৰ পানীৰ টেংকিৰ ভিতৰত এনেদৰে গাঞ্জা লুকুৱাই অনাটো সম্ভৱপৰ নহয়৷ ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন যাত্ৰীবাহী ৰে’ল আৰু ৰে’ল ষ্টেচনত ধাৰাবাহিকভাৱে গাঞ্জাকে ধৰি ড্ৰাগ্‌ছ উদ্ধাৰ হৈ আহিছে৷ আৰপিএফ আৰু জিআৰপিৰ চোকা দৃষ্টিৰ পৰা সৰবৰাহকাৰীসকলে কি দৰে এখন ৰে’লৰ শৌচাগাৰত বৃহৎ পৰিমাণৰ গাঞ্জা লুকুৱাই থ’ব পাৰিলে তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ হোজাইৰ ঢলপুখুৰী ষ্টেচনত ৪ জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ নহ’লে হয়তো আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত উদ্ধাৰ হোৱা গাঞ্জাখিনি জিআৰপি আৰু আৰপিএফৰ চকুৰ সন্মুখেদি বহিঃৰাজ্যলৈ গ’লহেঁতেন৷ উল্লেখ্য,সোমবাৰে দিনটোত ৰাজ্যৰ নগাঁৱৰ কচুৱা,ৰঙিয়াকে ধৰি বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ হয়৷ ৰে’ল ষ্টেচন আৰু বিভিন্ন যাত্ৰীবাহী ৰে’লত যে কেৱল ড্ৰাগছ, গাঞ্জা আদিয়েই উদ্ধাৰ হয় এনে নহয়৷ ৰে’লকৰ্মী আৰু সুৰক্ষা বাহিনীৰ চকুৰ সন্মুখেৰেই বিভিন্নজনৰ চোৰাং সামগ্ৰী সততে ৰে’লৰ দ্বাৰা সৰবৰাহ হয়৷ এক তথ্য অনুসৰি ম্যানমাৰৰ পৰা মণিপুৰ,অসম হৈ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ড্ৰাগছৰ ব্যৱসায় চলি আছে৷ মণিপুৰত প্ৰায় প্ৰতিদিনেই লাখ লাখ টকাৰ ড্ৰাগছ আৰক্ষীৰ অভিযানত ধৰা পৰে৷ ড্ৰাগছৰ বেহাৰ সমগ্ৰ নেটৱৰ্কত মূলতঃ বাংলাদেশীয় মূলৰ আৰু বাৰ্মিজ লোক জড়িত৷ মণিপুৰত সাধাৰণ মণিপুৰীসকলক ড্ৰাগছৰ প্ৰতি আসক্ত কৰাৰ লগতে ইয়াৰ সীমান্তৱৰ্তী এলেকা তথা ৰাজ্যসমূহলৈও উদ্বেগজনকভাৱে ড্ৰাগ্‌ছৰ বেহা শিপাইছে৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ বিভিন্ন উপায়েৰে অসম হৈ ভাৰতৰ আন ৰাজ্যলৈ ড্ৰাগছৰ সৰবৰাহ চলি আছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছমুক্ত ৰাজ্য গঢাৰ ক্ষেত্ৰত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে এটাৰ পাছত এটাকৈ ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান৷ এনে অভিযানৰ অংশ হিচাপে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থই এক গোপন সূত্ৰৰ ভিত্তিত চলন্ত ৰে’লৰ ভিতৰত হোজাই আৰক্ষীৰ দ্বাৰা অভিযান চলাই ১৭৭ কেজি নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গাঞ্জাখিনি সৰবৰাহ কৰা চেষ্টা চলোৱা চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মুঠ ১২৬টা পেকেটত প্ৰায় ১৭৭ কেজি পৰিমাণৰ গাঞ্জা আছিল৷ উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য কৌটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ আগৰতলাৰ পৰা হবিগঞ্জ অভিমুখী ৰাণী কমলাপতি স্পেচিয়েল ফেয়াৰ ট্ৰেইনত চলোৱা হৈছিল এই অভিযান গাঞ্জাখিনি ট্ৰেইনখনৰ লেট্ৰিনৰ পানীৰ টেংকিৰ ভিতৰত লুকুৱাই বাহিৰৰ পৰা জ্বালাই কৰি থোৱা আছিল৷ হোজাই আৰক্ষী অধীক্ষকৰ নিৰ্দেশত হোজাই আৰক্ষীৰ দল এটাই দেওবাৰে বিয়লি হাফলং ষ্টেচনৰ উপস্থিত হৈ ৰে’লৰ ভিতৰত অভিযান আৰম্ভ কৰিছিল৷ দেওবাৰে বিয়লিৰ পৰা অভিযান অভিযান আৰম্ভ কৰি নিশা হোজাইৰ ঢলপুখুৰী ষ্টেচনত ৰে’লখনৰ পৰা ৩৯টা গাঞ্জাৰ পেকেট আৰু পুৱতি নিশা চাপৰমুখ ষ্টেচনৰ ষ্টপেজত ৮৭টা গাঞ্জাৰ পেকেট ৰে’লগাডীখনৰ চৰকাৰী ৰে’ল আৰক্ষীৰ সহায়ত ৰখাই নগাঁও আৰক্ষীৰ সহায়ত ৰে’লখনৰ পৰা উদ্ধাৰ কৰা কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছত আৰু অধিক গাঞ্জা থকাৰ সন্দেহত আজি দিনৰ ভাগত গুৱাহাটী ৰে’ল ষ্টেচনতো গুৱাহাটী আৰক্ষীৰ সহায়ত হোজাই আৰক্ষীয়ে ৰে’লখনত অভিযান চলাইছিল যদিও আৰু গাঞ্জা উদ্ধাৰ নহ’ল৷ এই সংক্ৰান্তত ৪ জন লোকক আটক কৰা হৈছে৷ তেওঁলোক ক্ৰমে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ উত্তম কুমাৰ চৌহান[২৮],অতুল চৌহান[২১],কৰুণা নিধি মিশ্ৰ[২৬]আৰু লংকাৰ খাৰিখানাৰ সুৰজ চৌহান[২৮]৷ গ্ৰেপ্তাৰ কৰা চাৰিওজনক হোজাই আৰক্ষী থানাত ৰাখি গাঞ্জাখিনি ক’ৰপৰা ক’লৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল সেই সংক্ৰান্তত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ এই সংক্ৰান্তত হোজাই আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি চলোৱা তদন্তত অধিক লোক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থই৷ উল্লেখ্য যে,যাত্ৰীবাহী ৰে’লখনৰ ভিতৰত এনেদৰে পানীৰ টেংকি থকা অংশৰ ভিতৰত সুমুৱাই বাহিৰৰ পৰা জ্বালাই কৰি গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা চলোৱা কাৰ্যই বহুতো দিশ উন্মোচন কৰিছে৷ ৰে’ল আৰক্ষীৰ সহযোগ নহ’লে ৰে’লৰ ভিতৰত এনেধৰণে গাঞ্জা লুকুৱাই আনিবলৈ কোনোপধ্যই সম্ভৱ নহয়৷ অধিক তদন্তত বহুতো দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে৷ 

ৰে’লৰ ডবাৰ শৌচাগাৰৰ ভিতৰত গোপনে গাঞ্জা সৰবৰাহ৷ নগাঁৱত আৰক্ষীৰ অভিযানত এখন ৰে’লৰ ডবাৰ শৌচাগাৰৰ পানীৰ টেংকিত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ গাঞ্জা৷ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত থকাৰ মাজতে ৰাজ্যত চলি আছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ৷ আজি পুৱতি নিশা নগাঁও জিলাৰ চাপৰমুখ ৰে’ল ষ্টেচনত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে৷  আৰক্ষীৰ অভিযানত জব্দ হয় এক কুইণ্টল ১২ কেজি গাঞ্জা৷ আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত জব্দ হয় প্ৰায় চাৰি কোটি টকা মূল্যৰ গাঞ্জা৷ আৰক্ষীৰ সূত্ৰ মতে,ত্ৰিপুৰাৰ পৰা কেইটামান মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে এই গাঞ্জাখিনি আনিছিল৷ কিন্তু আৰক্ষীয়ে খবৰ লাভ কৰি হোজাইত অভিযান চলাই উক্ত ৰে’লখনৰ পৰা বহু পৰিমাণৰ গাঞ্জাসহ চাৰি গাঞ্জা মাফিয়াক আটক কৰে৷ ধৃত মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে’লতে নগাঁৱৰ আৰক্ষীয়ে চাপৰমুখত অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে৷ উদ্ধাৰ হোৱা গাঞ্জাখিনি ৰে’লখনৰ এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ পানী টেংকিত লুকুৱাই আনিছিল৷  আৰক্ষীয়ে এই কথা জানিব পাৰি কাটাৰ মেচিন,হাতুৰীৰে বক্স ভাঙি গাঞ্জাখিনি উদ্ধাৰ কৰে৷  নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰৱ বৰাই এই সম্পৰ্কত তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে৷ আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিয়ে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰৱ বৰাই৷

ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰসহ দুজনক আটক কৰিবলৈ সক্ষম হয়৷ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ আটক হোৱা যুৱক দুজন হৈছে ৰঙিয়াৰ পূব সাহানৰ চাদ্দাম আলী আৰু নকুলৰ ফাৰুল হক৷  ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ গোপাল নগৰৰ পৰা হাতে-লোতে চাদ্দাম আলী আৰু ফাৰুল হকে এক স্থানত ব্ৰাউন ছুগাৰ বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত আটক হয়৷ ধৃত চাদ্দাম আলী আৰু ফাৰুল হকৰ পৰা আৰক্ষীয়ে ৩০টা কণ্টেইনাৰত ১০.১১ গ্ৰাম হেৰ’ইন,দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে,ধৃত অভিযুক্ত দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷

নগাঁও জিলাৰ কচুৱা কান্দাপাৰাত আজি কচুৱা আৰক্ষীয়ে এক অভিযান চলাই এজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি,কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি কান্দাপাৰৰ পৰা আফজল হুছেইন [২৭]নামৰ লোকজনক ড্ৰাগ্‌সহ আটক কৰিবলৈ সক্ষম হয়৷ ধৃত লোকজনৰ পৰা চাৰিটা ড্ৰাগ্‌ছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে লোকজনক থানাত অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷