Logo
image

প্ৰশান্ত কিশোৰৰ মুখলৈ চাই ৰৈছে বিধবস্ত কংগ্ৰেছে

আমাৰ অসম,২৬ এপ্ৰিলঃ দেশৰ ৰাজনীতিত ভূমিকা বুলিবলৈ একোৱেই নাই– এক শব্দত ক’বলৈ গ’লে কপৰ্দকহীন৷ তথাপি কংগ্ৰেছে হলীউডী ছবিৰ দৰে তেওঁলোকৰ কাৰ্যকলাপত এতিয়াও তাহানি ক্ষমতাত থকাৰ দৰে ছাছপেন্স,থ্ৰীল এৰিব পৰা নাই৷ সোমবাৰে ভাৰতীয় ৰাজনীতিৰ নিৰ্বাচনী বিশাৰদ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰা-নকৰা সন্দৰ্ভত দলটোৱে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কিম্বা ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু সচৰাচৰ কৰাৰ দৰে ছাছপেন্স অব্যাহত ৰাখি সেই সন্দৰ্ভত কংগ্ৰেছে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে আৰু প্ৰশান্ত কিশোৰৰ বিষয়টো লৈ দল মৌন হৈ ৰ’ল৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিক কেনেকৈ প্ৰতিহত কৰিব সেই সন্দৰ্ভত কংগ্ৰেছে প্ৰশান্ত কিশোৰৰ পৰা পৰামৰ্শ বিচাৰিছিল৷ প্ৰশান্ত কিশোৰেও কংগ্ৰেছৰ ওচৰত সেই সন্দৰ্ভত পৰামৰ্শ দাখিল কৰিছিল৷ দেশৰ ৰাজনীতিত চৰ্চা হৈছিল,যিকোনো মুহূৰ্তত প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব৷ কিন্তু প্ৰশান্ত কিশোৰৰ যোগদান দূৰঅস্ত,তেওঁৰ পৰামৰ্শসমূহ দলে গ্ৰহণ কৰিবনে নে নকৰে সেই ঘোষণাও কৰিবলৈ দলটো সমৰ্থ নহ’ল৷ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰশান্ত কিশোৰে দেওবাৰে গ্ৰহণ কৰা এটা পদক্ষেপ আৰু পৰামৰ্শাৱলীত আগবঢ়োৱা এটা বিশেষ পৰামৰ্শই কংগ্ৰেছ দলক সিদ্ধান্ত গ্ৰহণত থমকি ৰ’বলৈ বাধ্য কৰিছে৷ দেওবাৰে প্ৰশান্ত কিশোৰৰ সংস্থা আই-পেকে অন্ধ্ৰপ্ৰদেশৰ টি আৰ এছ অৰ্থাৎ তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ সৈতে ২০২৩ চনত হ’বলগীয়া ৰাজ্য বিধানসভাত দলটোক ৰাজনৈতিক সাহায্য প্ৰদানৰ চুক্তি সম্পন্ন কৰে৷ সেই চুক্তিত স্বাক্ষৰ কৰে এটা ভৰি কংগ্ৰেছত থোৱা আই-পেকৰ মুৰব্বী প্ৰশান্ত কিশোৰ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা টি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে৷ এই ঘটনাই কংগ্ৰেছক গভীৰ আঘাত দিয়ে৷ কিয়নো টি আৰ এছ দেশৰ ৰাজনীতিত কংগ্ৰেছৰ ঘোৰ বিৰোধী৷ ইউ পি এ চৰকাৰৰ দিনতে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা দুখন ৰাজ্য ঘোষণা কৰা হ’লেও চন্দ্ৰশেখৰ ৰাও বিজেপিপন্থী আৰু কংগ্ৰেছৰ ঘোৰ বিৰোধী৷ সেয়ে প্ৰশান্ত কিশোৰৰ এই পেশাদাৰী পদক্ষেপে কংগ্ৰেছক শংকিত কৰি তুলিছে৷ ইপিনে প্ৰশান্ত কিশোৰ আগবঢ়োৱা পৰাশৰ্মাৱলীৰ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শত কৈছিল– কংগ্ৰেছ দলত উপ-সভাপতি বা কাৰ্যকৰী সভাপতিৰ এনে এটা পদ থাকিব লাগে,যিটো পদত গান্ধী পৰিয়ালৰ সদস্য থাকিব নালাগে আৰু সেই পদবীৰ জৰিয়তেই ২০২৪ চনৰ নিৰ্বাচন সম্পৰ্কীয় দলৰ সকলো সিদ্ধান্ত চূড়ান্ত কৰিব পৰা হ’ব লাগে৷ গান্ধী পৰিয়ালৰ মোহ এৰিব নোৱাৰা কংগ্ৰেছ দলে প্ৰশান্ত কিশোৰৰ সেই পৰামৰ্শ মানি ল’ব পৰা নাই৷ দিল্লীৰ ৰাজনীতিত হোৱা চৰ্চা অনুসৰি এই কাৰকৰ বাবেই সোমবাৰে কংগ্ৰেছ দলে প্ৰশান্ত কিশোৰ সন্দৰ্ভত কোনো ৰাজহুৱা ঘোষণা কৰিবলৈ সক্ষম নহ’ল৷ অৱশ্যে দেশৰ ৰাজনীতিত বিধবস্ত কংগ্ৰেছে এতিয়াও প্ৰশান্ত কিশোৰৰ মুখলৈ চাই ৰৈ আছে৷ প্ৰশান্ত কিশোৰে আগবঢ়োৱা পৰামৰ্শাৱলী পৰ্যালোচনা কৰিবৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এখন আঠজনীয়া সমিতি গঠন কৰি দিছিল৷ সেই সমিতিত আছিল পি চিদাম্বৰম,অম্বিকা ছোনী,প্ৰিয়ংকা গান্ধী,দিগ্বিজয় সিং,জয়ৰাম ৰমেশ,মুকুল ৱাছনিক,কে চি বেণুগোপাল আৰু ৰণদ্বীপ সূৰ্যেৱালা৷ এই আঠজনীয়া সমিতিয়ে দেওবাৰৰ ভিতৰত প্ৰশান্ত কিশোৰৰ পৰামৰ্শ পৰ্যালোচনা কৰি শীৰ্ষ নেতৃত্বক অৰ্থাৎ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক অৱগত কৰিছিল আৰু সোমবাৰে দলটোৱে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু দুটা বিষয়ৰ বাবে কংগ্ৰেছ দলে প্ৰশান্ত কিশোৰ সন্দৰ্ভত সোমবাৰে কোনো ঘোষণা কৰিবলৈ সক্ষম নহ’ল৷ এই সন্দৰ্ভত দলটোৱে সোমবাৰে এটা শব্দও ব্যয় নকৰিলে৷ বৰং ইয়াৰ বিপৰীতে অহা ১৩-১৫ মে’ত ৰাজস্থানৰ উদয়পুৰত কংগ্ৰেছৰ নৱ সংকল্প চিন্তন শিৱিৰ নামৰ এটা অনুষ্ঠান আয়োজন কৰাৰ বিষয়ে সোমবাৰে ঘোষণা কৰে৷ এই চিন্তন শিৱিৰত অহা সাধাৰণ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ দলৰ মাজত অতি গুৰুত্বপূৰ্ণ আৰু চূড়ান্ত পৰ্যালোচনা অনুষ্ঠিত হ’ব৷