Logo
image

৩৬ আৰক্ষীৰ চাকৰিপ্ৰাৰ্থীৰ মুক্তিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিযুক্তিৰ দাবীত প্ৰতিবাদ

আমাৰ অসম,২৬ এপ্ৰিলঃ  বিনা দোষতেই গ্ৰেপ্তাৰ হ’ল নেকি কনিষ্টবল পদৰ ৩৬ জন প্ৰতিবাদী প্ৰাৰ্থী৷ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ অনুমানৰ ভিত্তিতে তথ্য প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কৰা হৈছিল নেকি চাকৰি বিচৰা নিৱনুৱা যুৱককেইজনক? মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ দৃষ্টিয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰী ৩৬ জন প্ৰাৰ্থীক মোকলাই দিবলৈ নিৰ্দেশ দিয়া কাৰ্যই আৰক্ষীয়ে যে কোনো তথ্য প্ৰমাণৰ অবিহনে ভুৱা গোচৰত নিবনুৱা প্ৰাৰ্থীকেইজনক গ্ৰেপ্তাৰ কৰিছিল সেয়া কাৰ্যতঃ স্পষ্ট হৈ পৰিছে৷ ২০১৮ চনতে বিজ্ঞাপন প্ৰকাশ কৰা এটা পৰীক্ষাৰ ফলাফল ৰাজহুৱা কৰাৰ দাবীত ১৯ এপ্ৰিলত ১১৫ জন প্ৰাৰ্থীয়ে উলুবাৰীত প্ৰতিবাদ কৰিছিল যদিও গুৱাহাটী আৰক্ষীয়ে বাছি বাছি ৩৬ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিছিল৷ নকলেও হ’ব যে উক্ত প্ৰতিবাদৰ আঁৰত মুখ্যমন্ত্ৰীয়ে ৰহস্যৰ গোন্ধ পোৱাত আৰক্ষীয়ে প্ৰাৰ্থী কেইজনক গ্ৰেপ্তাৰ কৰাই নহয়,আৰক্ষীৰ যুটীয়া আৰক্ষী পাৰ্থ সাৰথি মহন্তই সংবাদ মেল পাতি গুৰুতৰ তথ্য প্ৰমাণ লাভ কৰা বুলিও সদম্ভ ঘোষণা কৰিছিল৷ আনকি আৰক্ষীয়ে ৩৩ জন প্ৰাৰ্থী তিনি দিন জিম্মাত জেৰা চলোৱাৰ বিপৰীতে আন তিনিজন প্ৰাৰ্থীক পাঁচ দিন জেৰা আৰু তেওঁলোকৰ ইউটিউব চেনেল পৰীক্ষা কৰিও কেলেংকাৰিত জড়িত থকাৰ কোনো প্ৰমাণ উদঘাটন কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইপিনে শনিবাৰে দুৰ্ভগীয়া প্ৰাৰ্থীসকলৰ মাতৃয়ে মুখ্যমন্ত্ৰীক হাত যোৰ কৰি যুৱককেইজনক মুক্তি দিবলৈ আহ্বান জনোৱাত সোমবাৰে মুখ্যমন্ত্ৰীয়ে ৩৬ চাকৰি প্ৰাৰ্থীৰ বিষয়টো মানৱীয়তা তথা সহানুভূতিৰ দৃষ্টিভংগীৰে বিবেচনা কৰি তেওঁলোকৰ মুকলিৰ বাবে যথাযথ ব্যৱস্থা কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে৷ আদালত জামিন আবেদনত চৰকাৰী পক্ষই বিৰোধিতা কৰিবলৈ কোনো যুক্তি প্ৰমাণ নথকাত শীঘ্ৰেই প্ৰাৰ্থীসকল মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হৈ পৰিছে৷

ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আৰক্ষী কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল প্ৰদানৰ বাবে ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল কেইবাজনো যুৱক৷ ইয়াৰ  পাছতে যুৱককেইজনৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যুৱককেইজনক মুকলি কৰি দিবলৈ৷ ইয়াৰ পাছতে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– পিতৃ-মাতৃয়ে কৈ থকা কাৰণেই যুৱককেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে৷ ক’ৰ্টৰ অনুমতি পালেহে এৰি দিব পৰা যাব ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক৷