Logo
image

পাছৱৰ্ড ৭৮৯৬

আলফা শিবিৰত আৰক্ষীৰ গুপ্তচৰ

আমাৰ অসম,২৭ এপ্ৰিলঃ পাছৱৰ্ড-৭৮৯৬৷ এই পাছৱৰ্ড-৭৮৯৬ক লৈ আলফা [স্বাধীন]ৰ শিবিৰত গুপ্তচৰ৷ অসম আৰক্ষীয়ে আলফা শিবিৰলৈ প্ৰেৰণ কৰিছে এই গুপ্তচৰ৷ আলফাৰ শিবিৰত বোমা বিস্ফোৰণ ঘটাই উৰুৱাই দিয়াৰ মিছনত অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই ১ কোটি টকাৰ টোপ দি এজন যুৱকক গুপ্তচৰ হিচাপে প্ৰেৰণ কৰাৰ চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছে আলফা স্বাধীনে৷ আৰক্ষীৰ গুপ্তচৰ হৈ আলফাত যোগদান কৰা যুৱকজনে নিজকে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা বুলি পৰিচয় দিছে৷ আলফালৈ বহু যুৱক-যুৱতীৰ সোঁত বোৱাৰ সময়তে বিদ্ৰোহী সংগঠনটোৱে গুপ্তচৰজনক চিনাক্ত কৰি সংবাদ মাধ্যমলৈ এটা ভিডিঅ’প্ৰেৰণ কৰিছে৷ যিটো ভিডিঅ’ত চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰি গুপ্তচৰৰূপী যুৱকজনে নিজ মুখে গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া নামৰ এজন সেনা বিষয়াৰ নাম লৈছে৷ অৱশ্যে সঞ্জীৱৰ এই স্বীকাৰোক্তিৰ বিপৰীতে মাহীমাকে সঞ্জীৱ এটা বদমাছ ল’ৰা বুলি মন্তব্য কৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ ইপিনে আলফাই প্ৰেৰণ কৰা ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই কয়– ‘মই সঞ্জীৱ শৰ্মা,ঘৰ গুৱাহাটী বাইহাটা চাৰিআলিত৷ মোৰ দাদা এজন আছিলে অপূৰ্ব কুমাৰ শৰ্মা৷ তেওঁ পেৰা কামাণ্ডো ২ নম্বৰ ৰেংকত কৰ্মৰত আছিল৷ আজিৰে পৰা প্ৰায় ২-৩ মাহ আগত মণিপুৰৰ এম্বুছত তেওঁক হত্যা কৰা হৈছিল৷ তেওঁৰ হত্যাৰ বিষয়ে আছাম পুলিচ অফিচাৰ পাৰ্থসাৰথি মহন্তই মোক কৈছিল যে দাদাৰ হত্যাৰ আঁৰত আলফা [স্বাঃ] জড়িত আছে৷ ঘটনাৰ পূৰ্বে অপূৰ্ব কুমাৰ শৰ্মা দাদাই মোক কিছুমান প্ৰশিক্ষণ দিছিল৷ অকল মোক বুলি নহয়,আমি অসমীয়া যুৱক কেইবাজনো আছিলো৷ তেওঁলোকৰ ভিতৰত ময়ো আছিলো৷ পিষ্টলত গুলী কেনেকৈ ভৰাই এইখিনি শিকাইছিলে৷ গুলী কেনেকৈ মাৰিব লাগে তাকো শিকাইছিলে৷ কাৰাটে,মাৰ্ছিয়েল আৰ্ট,কুংফু,ছেল্যুট কৰা শিকাইছিলে৷ লেফট-ৰাইট শিকাইছিল আৰু এইবোৰ শিকাই মেলি মই আলফা [স্বাঃ]ত যোগদান কৰাৰ কথা কৈছিল৷ পাৰ্থসাৰথি মহন্তই মোক আলফা[স্বাঃ]ত যোগদান কৰাৰ কথা কৈছিলে আৰু মোক আলফাত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফাত যিবিলাক মানুহ মানে আমাৰ দাদাৰ অপূৰ্ব কুমাৰ শৰ্মাৰ হত্যাৰ আঁৰত আছিল সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিল৷ আৰু ক’ত,কিমান কেম্প আছে সেইবিলাক চাবলৈ কোৱা হৈছিল৷ এইবোৰ চাই মেলি ধুনমণি শইকীয়া,তেওঁ যোৰহাটৰ হয় আৰু তেওঁ মোৰ নিচিনা এনেকুৱা অসমীয়া যুৱক প্ৰায় ১০জনমান ২০২৩ত পঠাম বুলি কৈছিল৷ কেইবাজনো আহিব বুলি মোক কৈছিলে৷ মই আলফাত যোগদান কৰাৰ আগত এটা পাছৱৰ্ড দিয়া হৈছিল৷ পাছৱৰ্ডটো আছিল ৭৮৯৬৷ এইটো পাছৱৰ্ড মোক আলফাত যোগদান কৰাৰ ৩ দিন আগত মোক ছেল্যুট দিয়াটো শিকাই পঠাইছিল৷ আৰু এই মিছনটো যদি ছাক্সেছ কৰিব পাৰো আৰু এই বদলা ল’ব পাৰো তেতিয়া মোক ১ কোটি টকা দিম বুলি পাৰ্থসাৰথি মহন্তই কথা দিছিল৷ আৰু ২০২৩ত সিহঁতে কিবাকিবি বম ব্লাষ্ট কৰি কেম্প উৰুৱাৰ চিন্তা বা পৰিকল্পনা কৰিছিল৷ ইয়াত আহি মোক সিহঁতৰ লগত লগ হ’ব কৈছিল আৰু এইবোৰ চোৱা-চিতা কৰিব কোৱা হৈছিল৷ ক’ত, কিমানটা শিবিৰ আছে ক’ত কি আছে এইবোৰ চাব কৈছিল৷ মই আগতে এনেকুৱা মিছন কৰিছিলো৷ কেৱল মই নহয় অসমীয়া যুৱক ভালেকেইজন আছিল৷ আমি কেইবাজনো মিলি মিছন কিবাকিবি কমপ্লিট কৰিছিলো৷ মই কিছুদিন আগত এটা ড্ৰাগছৰ বেপাৰী ধৰিছিলো,যিটোৰ কাৰণে মোক ১০ হাজাৰ টকা দিছিল৷ আৰু এটা মিছন কমপ্লিট কৰিছিলো৷ সেইটো মিছনত মই এজন মাষ্টৰক ধৰিছিলো৷ মাষ্টৰজন ধৰ্ষণকাণ্ডত লিপ্ত আছিল বুলি কোৱা হৈছিল৷ সেইটোক ধৰাৰ কাৰণে মোক ২০ হাজাৰ টকা দিছিল৷ মাষ্টৰজনৰ ঘৰ নলবাৰীত আছিল৷ তেওঁকো মই ধৰি দিয়াৰ কাৰণে পাৰ্থসাৰথি মহন্তই ২০ হাজাৰ টকা দিছিল আৰু এনেকুৱাকৈ যিবিলাক মিছন সিহঁতে কমপ্লিট কৰিব নোৱাৰে সেইবিলাক মিছন আমি কমপ্লিট কৰিছিলো৷ মানে আমি গোপনে কমপ্লিট কৰিছিলো৷ আমি যিবিলাক মিছন কমপ্লিট কৰো সেইবিলাক মিছন কমপ্লিট কৰিলে সিহঁতে যিবোৰ পইচা পায় তাৰ পৰা আমাক ৩০শতাংশ,২০শতাংশকৈ আমাক দিছিল৷ আৰু মোক পাৰ্থসাৰথি মহন্তই এইবিলাক কামৰ কাৰণে আলফালৈ যোগদান কৰিব পঠাইছে৷ আৰু মই এইটো উদ্দেশ্য লৈ আলফা [স্বাধীন]লৈ যোগদান কৰিবলৈ আহিছিলো৷ যদি মই এইটো মিছনত কিবাকৈ কেনেবাকৈ ধৰা খাই যাওঁ তেতিয়া মোক মিছা কথা ক’ব কৈছিল৷ মোক ধুনুমণি শইকীয়াই মিছা কথা কব কৈছিল৷ সিহঁতে মোক পাৰ্থপ্ৰতিম হাজৰিকাই পঠোৱা বুলি ক’বলৈ কৈছিল৷ ধুনুমণি শইকীয়াই মোক কৈ পঠিয়াইছিল এইবোৰ মিছা কথা ক’বলৈ৷ মই আলফা [স্বাধীন]ত যোগদান কৰাৰ প্ৰায় এসপ্তাহমান আগত পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়াই কেইবাজনো আৰ্মী অফিচাৰে এখন মিটিং কৰিছিল৷ সেইখন মিটিঙত ময়ো গৈছিলো যদিও মোক ভিতৰলৈ যাব দিয়া হোৱা নাছিল৷ সেইখন মিটিঙত কি কথা পাতিছিল সিহঁতে গম পাব৷ মোক ইমান ভালকৈ কোৱা নাছিল৷ সেইখন মিটিঙৰ পিছৰ পৰাই মোক প্লেনিং কৰি ইয়ালৈ পঠাইছিল৷ আলফা [স্বাধীন]ত যোগদান কৰিব কৈছিল৷  ধুনুমণি শইকীয়া শ্ৰীনগৰত আৰ্মীত কৰ্মৰত হয়৷ ঘৰ যোৰহাটত৷ ধুনুমণি শইকীয়াই এইবোৰ কথা মোক কৈছিল৷ আৰু তেওঁৰ কথা মতে আলফাত যোগদান কৰিছিলো৷ মই পাৰ্থসাৰথি মহন্তক বহুত আগৰেই পৰা চিনি পাওঁ৷ তেওঁৰ লগত বহুকেইদিন মিছনতো গৈছো৷ আৰু ধুনুমণি শইকীয়াৰ লগতটো প্ৰায় একেই বুলি কব লাগিব৷ আৰু যিটো মোৰ দাদা অপূৰ্ব কুমাৰ শৰ্মা,তেওঁৰ লগত মই সৰুৰে পৰা একেলগে ডাঙৰ হোৱা৷ তেওঁ মোৰ নিজৰ দাদা নহয় যদিও মোৰ নিজৰ দাদাৰ নিচিনাই আছিল৷ মই সিহঁতৰ কথা মতে আলফাত যোগদান কৰিছিলো৷ মোক যিটো পাছৱৰ্ড কোৱা হৈছিল,সেইটো পাছৱৰ্ড ক’লে মোক পুলিচ হওক বা আৰ্মী হওক এতিয়া বুলি নহয় ১০ বছৰ পিছত ধৰা পৰিলেও এই কোড নাম্বাৰটো ক’লে এৰি দিব বুলি কৈছিল৷’লক্ষণীয়ভাৱে সঞ্জীৱ শৰ্মাৰ এই ভাষ্যৰ বিপৰীতে কৌশলপূৰ্ণভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গ’ল গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক৷ যুৱকজনৰ অভিযোগ পোনছাটেই নাকচ নকৰাকৈ আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমৰ আগত কয়–‘যুৱকজনে কিয় মোৰ নাম ল’লে এই কথাটো এতিয়াই মই ক’ব বিচৰা নাই৷ এই বিষয়টো গুৱাহাটী মহানগৰ আৰক্ষীৰ লগত জড়িত নহয়৷ মই হ’লো গুৱাহাটী মহানগৰ আৰক্ষীৰ বিষয়া৷ চাকৰি কালত আমি বহুত মানুহ লগ পাও আৰু বহু মানুহৰ লগত কাম কৰিবলগীয়া হয়৷ তাৰ ভিতৰত প্ৰত্যেকজন মানুহক মনত নাথাকে৷ কামৰূপত থাকোতে যুৱকজনক লগ পাব পাৰো যদিও মোৰ কোনো মনত পৰা নাই৷ মোৰ নামটো কিয় ল’লে,সেইটো অথৰিটীৰে তদন্ত কৰি উলিয়াব৷ কিছুমান কেচত বিভিন্ন সময়ত বিভিন্ন খবৰী নিয়োগ কৰিবলগীয়া হয়৷’ ইপিনে যুৱকজনৰ মাহীমাক যোগবালা দেৱীয়ে সংবাদ মাধ্যমৰ আগত কয়–‘সঞ্জীৱ শৰ্মা মোৰ ল’ৰা হয়৷ সঞ্জীৱ এটা বদমাছ ল’ৰা৷ অপূৰ্ব শৰ্মা নামৰ সেনাত কাম কৰা তাৰ কোনো ভাতৃ নাই৷ সি মিছা মাতিছে৷ সি মোক আৰু দেউতাককো মাৰপিট কৰিছিল৷ প্ৰথমে সি হাইদৰাবাদত কাম কৰিছিল৷ তাৰ পৰা আহি গুৱাহাটীৰ কামাখ্যালৈ বুলি ওলাই গৈছিল৷ এবছৰ ধৰি সি ঘৰলৈ অহা নাই৷ আগতে সি নাবালিকাক বিয়া কৰাৰ গোচৰত জে’ললৈও গৈছিল৷’ লক্ষণীয়ভাৱে আলফাৰ শিবিৰত আৰক্ষীৰ গুপ্তচৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ সংবাদ মাধ্যমৰে বাৰ্তালাপত পৰেশ বৰুৱাই সঞ্জীৱ শৰ্মাৰ উপৰি আন ২-১ এজন যুৱকো গুপ্তচৰ হৈ আলফাত যোগদান কৰা বুলি মন্তব্য কৰিছে৷ এই সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই কয়–‘সঞ্জীৱ শৰ্মাৰ সন্দৰ্ভত আলফাৰ ফালৰ পৰা তদন্ত অব্যাহত আছে৷ কেৱল সঞ্জীৱ শৰ্মাই নহয় আৰু ব্যক্তিৰ নাম আহি পৰিছে৷ যিহেতু এই বিষয়টোৰ লগত জীৱন-মৃত্যুৰ কথা জড়িত আছে,সেয়েহে আমি সকলো তদন্ত কৰিছো৷ প্ৰথমে আমি সঞ্জীৱ শৰ্মাক জেৰা কৰিছো৷ সি নাম ঠিকনা সঠিক তথ্য দিয়া বুলি ধাৰণা হৈছে৷ বিভিন্ন সময়ত এনেদৰে চোৰাংচোৱাই মানুহ পঠায়৷ বহুতে টকাৰ বাবেও এনে কাম কৰে৷ সঞ্জীৱ শৰ্মাই বহু বিষয়াৰ নাম লৈছে৷ গৃহ বিভাগে এনে গুপ্তচৰ পঠালেও আচৰিত হ’বলগীয়া বিশেষ একো নাই৷ আলফাৰ বিৰুদ্ধে সেনা বা আৰক্ষীয়ে অৱধাৰিতভাৱে যি প্ৰক্ৰিয়া চলাই থাকে৷ মুখ্যমন্ত্ৰীয়েও তাক বন্ধ কৰিব নোৱাৰে৷ সেয়া স্বাভাৱিক৷ ইয়াত অস্বাভাৱিকতা একো নাই৷ আলফা-চৰকাৰৰ আলোচনা সম্পূৰ্ণ যেতিয়ালৈ নহ’ব,তেতিয়ালৈ আলফালৈ নতুন যুৱক-যুৱতী আহি থাকিব৷ কোনোবাই আলফালৈ আহিব বিচাৰিলে আমি বাধা দিব নোৱাৰো৷ সঞ্জীৱ শৰ্মাৰ উপৰি আৰু দুই এজন আছে৷ পৰৱৰ্তী সময়ত এই বিষয়টো সকলোৱে জানিব পাৰিব৷’ স্বাভাৱিকতেই আৰক্ষীৰ গুপ্তচৰক লৈ পৰেশ বৰুৱাৰ এই বক্তব্যই তাৎপৰ্য বহন কৰিছে৷ কিয়নো ভিডিঅ’টোত যুৱকজনে সম্পৰ্কীয় অপূৰ্ব শৰ্মাৰ আলফাৰ এম্বুছত মৃত্যু হোৱা বুলি কিয় মিথ্যাচাৰৰ আশ্ৰয় লৈছে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ আনহাতে আলফা-চৰকাৰ মাজত শান্তি আলোচনা চলি থকা সময়ত সঁচাকৈয়ে যদি সেনা বাহিনী বা অসম আৰক্ষীয়ে চোৰাংচোৱা নিয়োগ কৰিছে৷ তেনেহ’লে এই কাৰ্যই জানো শান্তি আলোচনা প্ৰক্ৰিয়া স্থবিৰ নকৰিব? আনহাতে আলফাই যদিহে দোষী সাব্যস্ত কৰি গুপ্তচৰ যুৱকজনক মৃত্যুদণ্ড দিয়ে,তেনেহ’লে ইয়াৰ দায়িত্ব কোনে ল’ব? গুপ্তচৰ প্ৰেৰণৰ ঘটনাই দীৰ্ঘদিনৰ পৰা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসূতিলৈ ঘূৰাই অনাৰ বাবে বাধ্য কৰোৱা স্বাৰ্থত চোৰাংচোৱা লগতে সেনা-আৰক্ষীয়ে গ্ৰহণ কৰা কৌশলৰে এটা অংশ নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ যদি সেয়াই হয় তেনেহ’লে শান্তি আলোচনাৰ প্ৰচেষ্টা চলি থকাৰ মাজত কিয় এনে পদক্ষেপ গ্ৰহণ কৰা হ’ল ই নবুজা সাঁথৰ হৈ পৰিছে৷ এই ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰ আৰু সেনা আৰক্ষীৰ সমন্বয়হীনতাকে সূচাইছে৷ যদিহে সঁচাকৈয়ে আৰক্ষীয়ে গুপ্তচৰ পঠাইছে,তেনেহ’লে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে জানো এয়া সম্ভৱ? অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ বিবৃতিৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰোঁ বুলিহে মন্তব্য কৰে৷

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰৰ কুৰুপাৰৰ সঞ্জীৱ শৰ্মাৰ আলফালৈ গমনৰ বাতৰি আৰু আজি আলফাই সঞ্জীৱ অসম আৰক্ষীৰ চোৰাংচোৱা বুলি দিয়া স্পষ্টীকৰণে সঞ্জীৱৰ বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনে এক পৰিস্থিতিত পূৰ্বতে বিশেষ কোনো পৰিচিতি নথকা সঞ্জীৱ শৰ্মাক লৈ এতিয়া নানা প্ৰশ্নৰ লগতে ওপজিচে কৌতূহ’লৰো৷ কোন এই সঞ্জীৱ শৰ্মা? পঢ়া-শুনানো কি? তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থানো কেনেধৰণৰ? ঘৰত কোন-কোন আছে? ফলশ্ৰুতিত আজি এনেবোৰ নানা প্ৰশ্নৰ সমাধান বিচাৰি একাংশ সাংবাদিকে কমলপুৰ সমষ্টিৰ অন্তৰ্গত মুক্তাপুৰৰ আৰু ইয়াৰ আশে-পাশে অভিযান চলায় আৰু এই অভিযানত পোহৰলৈ আহে নানা তথ্যৰ৷ এই অনুসন্ধানত মুক্তাপুৰৰ কুৰুপাৰৰ সঞ্জীৱ শৰ্মা সন্দৰ্ভত জানিব পৰা মতে,নৱম শ্ৰেণীলৈ পঢ়া-শুনা কৰা সঞ্জীৱক আঠ বছৰ বয়সৰ পৰাই মাহীমাক যোগবালা দেৱীয়ে ডাঙৰ-দীঘল কৰিছিল৷ এজন ভাতৃ আৰু ভগ্নী থকা বাইশ বছৰীয়া সঞ্জীৱৰ দুবছৰ পূৰ্বেই মৃত্যু হোৱা বুলি খবৰ ওলাইছিল৷ আনকি পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি,কেইবাবছৰ ধৰি হায়দৰাবাদত থকা সঞ্জীৱৰ দুবছৰ পূৰ্বে মৃত্যু হোৱা বুলি আত্মীয়-স্বজনে শ্ৰাদ্ধও অনুষ্ঠিত কৰিছিল৷ কিন্তু সমগ্ৰ দেশজুৰি চলা লকডাউন খোলাৰ পাছত সঞ্জীৱ নিজগৃহলৈ উভতি আহিছিল আৰু তেতিয়াহে তেওঁৰ যে মৃত্যুৰ খবৰ মিছা আছিল সেয়া পৰিয়ালে জানিব পাৰিছিল৷ ইয়াৰ পাছতে সঞ্জীৱে কামাখ্যা মন্দিৰৰ এজন পাণ্ডাৰ সৈতে মালিগাঁৱত থাকিবলৈ লয় বুলি পৰিয়ালৰ লোকে অৱগত কৰে৷ শেষবাৰৰ বাবে ভোগালী বিহুত ঘৰলৈ অহা সঞ্জীৱক এতিয়া আলফাই বন্দী কৰি ৰখা বুলি বাতৰি পাই ঘৰখনত কান্দোনৰ ৰোল উঠিছে৷ কিবা যদি ভুল কৰিছে তথাপি সঞ্জীৱক মুকলি কৰি দিয়াৰ বাবে পিতৃ-মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে৷ অন্যহাতে,যিজন অপূৰ্ব শৰ্মা উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল বুলি সঞ্জীৱে ভিডিঅ’ বাৰ্তাযোগে সদৰি কৰিছে,সেইজন অপূৰ্ব শৰ্মাক সঞ্জীৱৰ পৰিয়ালৰ কোনো লোকে চিনিয়েই নাপায় আৰু তেওঁলোকৰ সম্পৰ্কীয়ও নহয় বুলি স্পষ্ট কৰি দিছে সঞ্জীৱৰ পিতৃ-মাতৃয়ে৷ প্ৰণিধানযোগ্য যে,অপূৰ্ব শৰ্মা নামৰ সঞ্জীৱৰ এজন মোমায়েক আছে যদিও তেওঁ কোনো উগ্ৰপন্থী আক্ৰমণৰ বলি হোৱা নাই আৰু তেওঁ এতিয়াও জীৱিত অৱস্থাতে আছে বুলিও জানিবলৈ দিয়ে৷ সঞ্জীৱক সুস্থ শৰীৰে ওভতাই পঠাবৰ বাবে অঞ্চলবাসীয়েও আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে৷ আনহাতে,অঞ্চলটোৰ লোকৰ পৰা জানিব পৰা এইজন সঞ্জীৱে নাবালিকা ছোৱালীক পলুৱাই নিয়া গোচৰত অভিযুক্ত হৈ জে’ল হাজোততো দিন কটাবলগীয়া হৈছিল৷ তদুপৰি,সঞ্জীৱে মহানগৰীত এসময়ত কোনো আৰক্ষীৰ ঘৰত ভাত ৰান্ধনী হিচাপেও কাম কৰাৰ কথা শুনিছিল বুলিও স্থানীয় লোকৰ ভাষ্যত প্ৰকাশ৷