Logo
image

জিগনেশ ৫ দিনৰ আৰক্ষীৰ জিম্মাত আদালতৰ পিছ দুৱাৰেদি নিলে থানালৈ

আমাৰ অসম,২৭ এপ্ৰিলঃ মুকলি আকাশৰ তললৈ অহাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ । কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়াক শালীনতা হানিৰ অপচেষ্টা চলোৱা অভিযোগত ৰুজু হোৱা গোচৰত এইবাৰ দেশৰ প্ৰভাৱশালী দলিত নেতা তথা কংগ্ৰেছ বিধায়কজনক ৫ দিনৰ জিম্মাত লৈছে বৰপেটা আৰক্ষীয়ে৷ প্ৰধানমন্ত্ৰীক সমালোচনা গোচৰত সোমবাৰে জামিন লাভৰ পিছমুহূৰ্ততেই কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক বৰপেটাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/ ৩২৩/৩৫৩/৩৫৪ ধাৰাত গ্ৰেপ্তাৰ কৰিছিল৷ সোমবাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বিয়লি জিগনেশ মেৱানীক কোকৰাঝাৰৰ পৰা বৰপেটা সদৰ থানালৈ লৈ গৈছিল। মঙলবাৰে পুৱা বৰপেটা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় বিধায়কজনক৷ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জিগণেশ মেৱানীৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা আৰু চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা মাখন ফুকনে আইনী যুক্তি আগবঢ়ায়৷ দুয়ো পক্ষৰে যুক্তি শুনাৰ পিচত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীৰ জামিন নামাঞ্জুৰ কৰে আৰু পাঁচ দিনৰ বাবে বৰপেটাৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ লক্ষণীয়ভাৱে গুজৰাটত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে আৰক্ষীৰ এচক’ৰ্ট বাহনত নি থকা সময়ত বৰপেটাৰোড থানাৰ অন্তৰ্গত শিমলাগুৰীত বিধায়ক মেৱানীয়ে এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শকৰ উদ্যেশ্যে গাড়ীৰ ভিতৰতে অশালীন মন্তব্য কৰি কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল৷ এই সন্দৰ্ভত ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে জিগনেশ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত বৰপেটা ৰোড থানাত ৰুজু হোৱা ৮১/২০২২ নং গোচৰ সংক্ৰান্তত  মেৱানীক সোমবাৰে গ্ৰেপ্তাৰ কৰে৷ গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পাৰোৱানা [Production Warrant]ৰ ভিত্তিত মেৱানীক বৰপেটা আৰক্ষীয়ে সোমবাৰে কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লৈছিল৷ ইপিনে মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ একে আষাৰে নস্যাৎ কৰে জিগনেশে৷ সংবাদ মাধ্যমক বিধায়ক জিগনেশে কয় যে– বিজেপি আৰু আৰ এছ এছ এ তেওঁক পৰিকল্পিতভাৱে লক্ষ্য কৰি লৈছে৷ এইবোৰ সকলো তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ মাথোঁন৷ তেওঁ কয় যে এই অন্যায়ৰ বিৰুদ্ধে সদায় যুঁজি যাব৷ লক্ষণীয় বিষয়টো হৈছে কংগ্ৰেছ,চিপিআই[এম] আৰু একাংশ শুভাকাংক্ষীৰ ব্যাপক প্ৰতিবাদৰ মাজেৰে মঙলবাৰে জিগনেশ মেৱানীক আদালতলৈ অনা গৈছিল যদিও ৫ দিনৰ জিম্মাত লৈ ন্যায়ালয়ৰ পৰা পিছ দুৱাৰেদি আৰক্ষীয়ে গোপনে বিধায়কজনক থানালৈ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে জিগনেশ মেৱানীক এনেদৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্যই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপন্থী বুলি অভিহিত কৰিছে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ যদিহে জিগনেশ মেৱানীয়ে মহিলা আৰক্ষীৰ শালীনতা হানিৰ চেষ্টা চলাইছিল তেনেহ’লে আৰক্ষীয়ে কিয় আদালতত জনোৱা নাছিল বুলিও প্ৰশ্ন কৰিছে অধিবক্তাজনে৷ চৰকাৰে আক্ৰোশমূলকভাৱে বিধায়কজনক বন্দী কৰি ৰাখিব বিচৰা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হ’ব বুলিও জ্যেষ্ঠ অধিবক্তা বৰাই মন্তব্য কৰে৷

জিগনেশ মেৱানীয়ে শান্তি ভংগৰ কোনো বিষয় উত্থাপন কৰা নাইঃ দেৱব্ৰত শইকীয়া

জিগনেশ মেৱানীৰ ওপৰত পুনৰ গোচৰ জাপি দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ মঙলবাৰে কংগ্ৰেছ বিধায়নী দলৰ কক্ষত এখন সংবাদমেল আয়োজন কৰি তেওঁ কয় –মেৱানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো মেৱানীক হাৰাশাস্তি কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নহয়৷ এজাহাৰ পঞ্জীয়ন কৰা ধাৰাবোৰৰ কোনোটোৱেই এই ক্ষেত্ৰত সঠিক নহয়৷ আইনৰ প্ৰাথমিক জ্ঞান থকা যিকোনো সাধাৰণ ব্যক্তিয়ে এই এজাহাৰৰ জৰিয়তে চাব পাৰে আৰু উপলব্ধি কৰিব পাৰে যে এইটো মেৱানীক নীৰৱ কৰাৰ এক দুৰ্বল প্ৰয়াসৰ বাহিৰে আন একো নহয়৷ মেৱানীয়ে প্ৰধানমন্ত্ৰীক শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে ৰাইজৰ ওচৰত আবেদন জনোৱাৰ বাবে অনুৰোধ জনাইছিল৷ ইয়াত শান্তি ভংগৰ কোনো প্ৰশ্নই নাই৷ ৰাজহুৱা সম্প্ৰীতি বৃদ্ধি কৰিব বিচৰা এজন ব্যক্তিক কেৱল তেওঁ প্ৰধান মন্ত্ৰীক সমালোচনা কৰাৰ বাবে তেওঁ সমাজৰ বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷ এয়া অতি দূৰ্ভাগ্যজনক৷ তেওঁ কোনো লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ একো মন্তব্য কৰা নাই৷ তেওঁৰ টুইটটোৱে কোনো ব্যক্তিক শান্তি ভংগ কৰিবলৈ বা আন কোনো অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে৷ এইটোৱে ধাৰা ৫০৪ ৰ অধীনত অপৰাধটো অস্বীকাৰ কৰে৷ আনকি ধাৰা ৬৬,তথ্য প্ৰযুক্তি আইনৰ অধীনত অপৰাধটো জামিনযোগ্য প্ৰকৃতিৰ৷ সেয়েহে,এয়া স্পষ্ট যে প্ৰশ্নত থকা এজাহাৰখন অৰ্থহীন৷ তথাপিও কোকৰাঝাৰ আৰক্ষীয়ে শাসনব্যৱস্থাৰ প্ৰতি পক্ষপাতিত্ব দেখুৱাই মেৱানীক গ্ৰেপ্তাৰ কৰিবলৈ গুজৰাটলৈ গৈছিল৷ ইয়াত দাখিল কৰা হৈছে ৭ বছৰতকৈ কম কাৰাদণ্ড ৰখাৰ অভিযোগ থকা সকলো অপৰাধৰ ক্ষেত্ৰত অৰ্ণেশ কুমাৰ বনাম বিহাৰ ৰাজ্যৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনামূলক এআইআৰ ২০১৪ এছচি ২৭৫৬ত প্ৰকাশ পাইছে৷ কোকৰাঝাৰৰ পিএছ গোচৰ নং ১৮৩/২০২২ ত ফৰৱাৰ্ডিং প্ৰতিবেদনত উল্লেখ্য কৰা গ্ৰেপ্তাৰৰ ভিত্তিবোৰে ধাৰা ৪১[১] [বি] আইআই], চি আৰ পি চি অধীনত উপ ধাৰাবোৰত নিৰ্ধাৰিত নীতি নিৰ্দেশনাবোৰ পূৰণ কৰা নাছিল৷ সেইবোৰ গণনা কৰা কোনো পৰীক্ষা তালিকা ফৰৱাৰ্ড কৰা হোৱা নাছিল৷ এই ঘটনাত তদন্তকাৰী বিষয়াই মেৱানীক ধাৰা ৪১ এ চি আৰ পি চি অধীনত জাননী জাৰি কৰিব পাৰিলেহেঁতেন৷ তথাপিও সেইটো কৰা হোৱা নাছিল আৰু এজাহাৰ পঞ্জীয়ন হোৱাৰ এদিনৰ ভিতৰতে কোকৰাঝাৰ আৰক্ষীয়ে গৈ গুজৰাটত মেৱানীক গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে ধাৰা ৪১[১][বি] আইআই] আৰু ৪১এ চি আৰ পি চি পালন কৰাত ব্যৰ্থ হয়৷ মেৱানীক নিয়মীয়া ধৰণে দায়মুক্তভাৱে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি গ্ৰেপ্তাৰ কৰা হৈছিল৷ আৰক্ষীৰ ভূমিকা হৈছে ভয় বা অনুগ্ৰহ অবিহনে নিজৰ দায়িত্ব পালন কৰা আৰু ৰাজনৈতিক সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত নোহোৱা৷ এইটো অতি দুৰ্ভাগ্যজনক যে যদিও অসম আৰক্ষীয়ে বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে মোকৰ্দমা চলাবলৈ গ্ৰেপ্তাৰ কৰা আৰু আটক কৰাৰ ক্ষেত্ৰত অত্যাধিক উৎসাহ দেখুৱাইছে,কিন্তু তাৰ পৰিৱৰ্তে বিজেপিৰ বিৰোধীসকলৰ দ্বাৰা দাখিল কৰা গোচৰৰ ক্ষেত্ৰত আৰক্ষী পিছপৰি ৰোৱা দেখা গৈছে৷