Logo
image

৬-১২ বছৰীয়া শিশুৰ বাবে ক’ভাক্সিন

আমাৰ অসম,২৭ এপ্ৰিলঃ  কেন্দ্ৰীয় চৰকাৰে দেশৰ ৬ ৰ পৰা ১২ বছৰীয়া শিশুৰ বাবে ক’ভিড ভেকছিন অনুমোদন জনাইছে৷ ভাৰতৰ ঔষধ নিয়ন্ত্ৰণ জেনেৰেলে ৬ ৰ পৰা ১২ বছৰীয়া শিশুৰ বাবে ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেকছিনৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে৷ ইয়াৰ অৰ্থ হৈছে এতিয়াৰ পৰা ৬ ৰ পৰা ১২ বছৰীয়া শিশুৱে ভেকছিন লাভ কৰিব৷ ডিচিজিআইয়ে শিশুসকলৰ ওপৰত কভাক্সিন প্ৰয়োগৰ বাবে কেইবাটাও চৰ্ত আৰোপ কৰিছে৷ শিশুৰ ওপৰত এই ভেকছিন প্ৰয়োগ কৰাৰ আগতে প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰিব লাগিব৷ ভেকছিন নিৰ্মাতা ভাৰত বায়’টেককো নিয়মীয়া তথ্য জৰীপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই জৰীপ প্ৰতি ১৫ দিনত কৰা হ’ব৷ জৰীপটো পৰৱৰ্তী দুমাহৰ বাবে অব্যাহত থাকিব৷ কেৱল কোভাক্সিনেই নহয়,জৰুৰীকালীন ব্যৱহাৰৰ বাবে জাইকভ-ডি ভেকছিনটো পৰীক্ষা কৰা হৈছে৷ ডিচিজিআইয়ে কৈছিল যে জাইডাছ কেডিলা ভেকছিন নিৰ্মাতাৰ জাইডাছ কেডিলা ভেকছিনটো ১২ বছৰতকৈ অধিক বয়সৰ সকলোৰে বাবে জৰুৰীকালীন ভিত্তিত প্ৰয়োগ কৰাৰ অনুমতি দিয়া হৈছে৷ সকলোৱে এই কৰোনাৰ ভেকছিনৰ দুটা পালি গ্ৰহণ কৰিব লাগিব৷ ইয়াৰ পূৰ্বে,কেন্দ্ৰই ১২ বছৰৰ অধিক বয়সৰ সকলো কিশোৰৰ বাবে ভেকছিন মুকলি কৰিছিল৷

দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড-১৯-ৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে অসমতো এজন ক’ভিত ৰোগী চিনাক্ত কৰা হৈছে৷ দীৰ্ঘদিন ধৰি ৰাজ্যখনত ক’ভিড ৰোগী চিনাক্ত হোৱা নাছিল যদিও ডিব্ৰুগড়ত পুনৰ এজন লোকৰ দেহত ক’ভিড-১৯-ৰ বীজাণুৰ উপস্থিতি ধৰা পৰিছে৷ ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত ৰোগীজনক চিনাক্ত কৰা হৈছে৷ তেওঁ শেহতীয়াকৈ দিল্লীৰ পৰা আহিছিল৷ অৱশ্যে ক’ভিড পজিটিভ আক্ৰান্ত ৰোগীজন কোনটো ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই৷ এই সন্দৰ্ভত চিকিৎসকসকলে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিৰ পৰা গৈছে৷ ৰাজ্যত পুনৰ ক’ভিড ৰোগী চিনাক্ত হোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে৷