Logo
image

এলন মাস্কৰ টুইটাৰ ক্ৰয়ত বিপদ ভাৰতীয় চিইঅ’ৰ

আমাৰ অসম,২৭ এপ্ৰিলঃ ধনকুবেৰ এলন মাস্কে বিশ্বৰ জনপ্ৰিয়তম মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ ৩,৩৬,৯৪১ কোটি ২২ লাখ নগদ টকা দি  ক্ৰয় কৰি লোৱাৰ পাছতেই টুইটাৰৰ ভাৰতীয় বংশোদ্ভব চি ই অ’ পৰাগ আগৰৱালৰ টুইটাৰত ভৱিষ্যত অনিশ্চিত হৈ পৰিছে৷ এলন মাস্ক মালিকানাধীন টুইটাৰৰ পৰা যিকোনো মুহূৰ্ততে অপসাৰিত হ’ব পাৰে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ অগৰৱাল৷ অথবা তেওঁ টুইটাৰৰ পৰা স্বেচ্ছাই পদত্যগ কৰিব পাৰে৷ এলন মাস্কে টুইটাৰ ক্ৰয় কৰিবলৈ প্ৰস্তাৱ দিওঁতেই টুইটাৰৰ পৰিচালনা মগুলীৰ সভাত সেই প্ৰস্তাবৰ প্ৰৱল বিৰোধিতা কৰিছিল পৰাগ আগৰৱালে৷ তেওঁ কৈছিল,এলন মাস্কৰ হাতত টুইটাৰৰ ভৱিষ্যৎ অন্ধকাৰ৷ কেৱল সেয়াই নহয়,সোমবাৰে টুইটাৰ বিক্ৰীৰ প্ৰাকমুহূৰ্ততো একেই আশংকা প্ৰকাশ কৰিছিল তেওঁ৷ পৰাগ আগৰৱালে উদ্বেগ প্ৰকাশ কৰি কৈছিল যে,এলন মাস্কৰ মালিকানাধীন হোৱাৰ পাছত টুইটাৰৰ ভৱিষ্যতৰ কাৰ্যপ্ৰণালী ব্যাহত হ’ব৷ সংবাদ সংস্থা ৰয়টাৰ্ছে পৰাগ আগৰৱালাৰ বক্তব্য উদ্ধৃত কৰি জনাইছে,বৰ্ডৰ সভাত সোমবাৰে তেওঁ কি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল–‘ এলন মাস্কৰ হাতলৈ গ’লে টুইটাৰৰ ভৱিষ্যৎ অন্ধকাৰ৷ টুইটাৰ এবাৰ হস্তান্তৰ হৈ গ’লে এই সংস্থাই কিদৰে কাম কৰিব মই নাজানো৷ চৰ্চা হৈছে, চিইঅ’ হিচপে এলন মাস্কৰ প্ৰস্তাবৰ এনেদৰে প্ৰবল বিৰোধিতা কৰা পৰাগ আগৰৱালক এলন মাস্কে তেওঁৰ মালিকানাধীন টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নাৰাখিব৷ এনে পৰিস্থিতিত পৰাগ আগৰৱালে নিজেই পদত্যাগ কৰিব পাৰে,এনে সম্ভৱনাও তৈয়াৰ হৈছে৷ পৰাগ আগৰৱালে আপত্তি উত্থাপন কৰিলেও টুইটাৰ বৰ্ডৰ পক্ষৰ পৰা ব্ৰেট টেলৰে জনায় যে দীৰ্ঘ বৈঠকৰ অন্তত তেওঁলোক নিশ্চিত হৈছে এলন মাস্কৰ প্ৰস্তাৱ গ্ৰহণ কৰা তেওঁলোকৰ সংস্থাৰ পক্ষে লাভদায়ক৷ সেয়ে তেওঁলোকে এলন মাস্কৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ উল্লেখ্য,এলন মাস্কে আগবঢ়োৱা বিশাল ধনৰশি আৰু শ্বেয়াৰ হল্ডাৰৰ প্ৰবল হেঁচাৰ বাবেই টুইটাৰ এলন মাস্কৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হ’ল বৰ্ড তথা পৰিচালনামণ্ডলীয়ে৷ টুইটাৰৰ  চি ই অ’ পদৰ পৰা অপসাৰিত হ’লে অৱশ্যে দেখাত বিশেষ ক্ষতিৰ সন্মুখীন নহ’ব পৰাগ আগৰৱাল৷ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইটটোৰ চি ই অ’ৰ দৰে পদ হেৰুৱালে মৰ্যাদা লাঘব হ’লেও অহা ১২ মাহৰ ভিতৰত তেওঁ সেই পদৰ পৰা অপসাৰিত হ’লে ৪২ নিযুত মাৰ্কিন ডলাৰ বা ভাৰতীয় মুদ্ৰত ৩২১ কোটি ১১ লাখ টকা পাব টুইটাৰৰ পক্ষৰ পৰা৷ কপ’ৰেট গৱেষণা সংস্থা ইকুইলাৰে এই তথ্য প্ৰকাশ কৰিছে৷ পৰাগ আগৰৱালে এবছৰৰ দৰমহা আৰু আনুষংগিক প্ৰাপ্য হিচাপেই এই বিশাল পৰিমানৰ ধন লাভ কৰিব৷