Logo
image

শিশু অপহৰণকাৰীৰ সন্ধানত চেন্নাই আৰক্ষী, সন্দেহ নাৰ্ছকো

আৰক্ষীক ভৰসা নকৰি শিশুৰ পিতৃ-মাতৃৰ নিজাববীয়া অনুসন্ধান

আমাৰ অসম,২৭ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পৰা অপহূত হোৱা ৭ মহীয়া শিশুৰ অপহৰণকাৰীৰ সন্ধানত এইবাৰ নামি পৰিছে চেন্নাই আৰক্ষীৰ অপৰাধ শাখাৰ দল৷ চেন্নাই আৰক্ষীৰ অপৰাধ শাখাই কালি শিশু অপহৰণকাৰীৰ সন্ধানত চেন্নাইৰ এখন হোটেলত অভিযান চলাই যদিও অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ তথ্যৰ ভিত্তিত চেন্নাই আৰক্ষীৰ অপৰাধ শাখাই শিশু অপহৰণকাৰীৰ সন্ধানত চেন্নাইৰ হোটেলত অভিযান চলাইছিল৷ চেন্নাইৰ আৰক্ষীৰ দল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুটিৰ অপহৰণৰ তথ্য বিচাৰি অভিযান চলাব পাৰে বুলি এটা কতৃৰ্ত্বশীল সূত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাব্যিদালয় হাস্পতালৰ পৰা যোৱা ১৩ এপ্ৰিলত নৱ কলিতাৰ ৭ মহীয়া সন্তানক এগৰাকী মহিলাই অপহৰণ কৰি নিছিল৷ এই সংক্ৰান্তত জি এম চি এইচৰ কতৃৰ্পক্ষই ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হাস্পতালৰ চি চি টিভিৰ কেমেৰা পৰীক্ষা কৰাত এগৰাকী মহিলাই শিশুটিক অপহৰণ কৰাৰ ফুটেজ লাভ কৰিছিল৷ ইয়াৰ পাছতেই আৰক্ষীয়ে অপহৰণকাৰী মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰিছিল৷ আৰক্ষীয়ে নিয়ম মাফিক এটা গোচৰ ৰুজু কৰিয়েই কৰ্তব্য সমাধা কৰিছিল৷ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লোৱাত অপহৃত শিশুটিৰ পৰিয়ালে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে৷ এগৰাকী অজ্ঞাত মহিলাই নৱ কলিতাক ফোন কৰি তেওঁৰ সন্তানটিক শুৱালকুছিৰ মহাত্মা গান্ধীৰ হাস্পতালৰ এগৰাকী নাৰ্ছে এহাল দম্পত্তিক বিক্ৰী কৰা বুলি অৱগত কৰায়৷ ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত অপহৃত শিশুটিৰ পিতৃয়ে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাক অৱগত কৰায়৷ অপৰাধ শাখাই এই সন্দৰ্ভত তদন্ত কৰি নাৰ্ছগৰাকীয়ে শুৱালকুছিৰ এহাল দম্পত্তিৰ লগত শিশুটিৰ সৈতে চেন্নাইলৈ যায় বুলি তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত গুৱাহাটীৰ অপৰাধ শাখাই চেন্নাই আৰক্ষীৰ অপৰাধ শাখাক যোগাযোগ কৰি চেন্নাইৰ হোটেল এখনত আশ্ৰয় লোৱা শিশু অপহৰণকাৰী দম্পত্তিক আৰু নাৰ্ছক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনায়৷ অপৰাধ শাখাৰ অনুৰোধত চেন্নাই আৰক্ষীৰ অপৰাধ শাখাই হোটেলত অভিযান চলাই যদিও শিশু অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়৷ ইপিনে, শুৱালকুছিৰ মহাত্মা গান্ধী হাস্পতালৰ নাৰ্ছ বীভাৰাণী ঠাকুৰীয়াৰ নাম শিশু অপহৰণ কাণ্ডত নাম সাঙুৰ খোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷  শিশু অপহৰণকাৰী শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে দাবী জনাইছে৷ আনহাতে,গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই সন্দৰ্ভত কয়– সমগ্ৰ বিষয়টো বহু স্পৰ্শকাতৰ৷ কণমাণিটিৰ ভৱিষ্যতৰ কথা আছে৷ আমি সকলো দিশ পৰ্যালোচনা কৰি আছো৷ উল্লেখ্য,অপহৃত শিশুটিক উদ্ধাৰৰ ক্ষেত্ৰত আওপকীয়াকৈ যুটীয়া আৰক্ষী আয়ুক্তই চেন্নাই আৰক্ষীৰ সহায় লোৱা কথা স্বীকাৰ কৰিছে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৩ এপ্ৰিলত হাজোৰ সাতমহীয়া শিশু প্ৰিয়ম কলিতাৰ অপহৰণৰ পম খেদি অপৰাধ অনুসন্ধান শাখাই আজি শুৱালকুছিত অনুসন্ধান চলায়৷ অপহৰণৰ লগত শুৱালকুছি মহাত্মা গান্ধী ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ বীভাৰাণী ঠাকুৰীয়া নামৰ নাৰ্ছ এগৰাকীৰ নাম সাঙোৰ খাই পৰাত এই অভিযান চলায়৷ দুপৰীয়া দুই বজাত গুৱাহাটীৰ পৰা অহা এটা চাৰিজনীয়া দলে নাৰ্ছগৰাকীৰ চৰকাৰী আৱাসত তালাচী চলায়৷ অৱশ্যে সেই সময়ত নাৰ্ছগৰাকী চেন্নাইৰ এখন চিকিৎসালয়ত থকা বুলি নাৰ্ছগৰাকীৰ স্বামী মণ্টু বৈশ্যই অনুসন্ধানকাৰী দলটোক জানিবলৈ দিয়ে৷ পাছত অপৰাধ অনুসন্ধান শাখাৰ লোকসকলে শুৱালকুছিৰে সৰুসত্ৰৰ হৰবিলাস বৈশ্যৰ ঘৰলৈ গৈ নাৰ্ছগৰাকীৰ বিষয়ে সোধা-পোছা কৰে৷ কাইলৈ নাৰ্ছগৰাকীক অপৰাধ অনুসন্ধান শাখাৰ পানবজাৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ হুকুম জাৰি কৰে৷ ইফালে শিশু অপহৰণৰ লগত নাম সাঙোৰ খোৱা শুৱালকুছি মহাত্মা গান্ধী ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ নাৰ্ছ বীভাৰাণী ঠাকুৰীয়াৰ লগত এই প্ৰতিবেদকে ঘটনা সন্দৰ্ভত ফোনযোগে বাৰ্তালাপ কৰাত তেওঁ পোনচাতেই অভিযোগ খণ্ডন কৰে৷ তেওঁৰ মতে,ই এক গভীৰ ষড়যন্ত্ৰ৷ শুৱালকুছি মহাত্মা গান্ধী চিকিৎসালয়ৰ তেওঁ এগৰাকী নাৰ্ছ৷ প্ৰসূতি বিভাগ বা শিশু বিভাগৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই৷ নাইবা তেওঁৰ তত্ত্বাৱধানত কোনো প্ৰসূতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া নাই৷ তেনেস্থলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু অপহৰণত নাম সাঙোৰ খাই পৰাত লজ্জিত হৈ পৰিছে৷ আনহাতে,তেওঁ যোৱা ২০ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ কৰ্মৰ পৰা ছুটী লৈ চেন্নাইলৈ গৈছে বুলি জনায়৷ উল্লেখ্য যে,শুৱালকুছি সৰুসত্ৰৰ হৰিলাস বৈশ্যৰ বৃক্কৰ চিকিৎসাৰ বাবে নাৰ্ছগৰাকীয়ে বৈশ্যৰ ব্যক্তিগত সহায়ক হিচাপে চেন্নাইলৈ যায়৷ কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে অপৰাধ অনুসন্ধান শাখালৈ যাব বুলি তেওঁ জানিবলৈ দিয়ে৷ কৰি জনাইছে,