Logo
image

নীৰৱে অবিশ্বাস্য হাৰত দাম বাঢ়িছে খাদ্যবস্তুৰ

আমাৰ অসম,২৭ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে ১৪৩ বিধ সামগ্ৰীৰ জিএছটি বৃদ্ধি কৰাৰ কুচকাৱাজ আৰম্ভ কৰাৰ বহু পূৰ্বেই মূল্যবৃদ্ধিৰ বোজা সহিবলগীয়া হৈছে অসমৰ সৰ্বসাধাৰণ জনতাই৷ একাংশ মুনাফালোভী আৰু ৰাজনৈতিক আশীৰ্বাদপুষ্ট ব্যৱসায়ীয়ে কৰ’নাকাল পাৰ হোৱাৰ পাছতে হোৰা-হোৰে দাম বৃদ্ধি কৰি কাৰ্যতঃ নজিৰ সৃষ্টি কৰিছে৷ পেট্ৰ’ল-ডিজেল,নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু নিম্নবিত্ত লোকৰ মূৰত কাৰ্যতঃ ৰামটাঙোন শোধাইছে৷ ইতিমধ্যে গাখীৰ,বিস্কুট,ঔষধ,কাপোৰ,চাউল,দাইল,মিঠাতেল,আটা,ময়দা,চাবোন,ডিটাৰজেণ্ট,শিশুখাদ্য আদি বিভিন্ন সামগ্ৰীৰ দাম যোৱা এটা পষেকত অত্যধিক হাৰত বৃদ্ধি পোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক৷ মুখৰ মাত হৰিছে খুচুৰা ব্যৱসায়ীৰো৷ চাউলৰ দাম কুইণ্টলত ১০০-১৫০ টকা,দাইলত ২০০-৩০০ টকা,বিস্কুটত প্ৰতিটো পেকেটত ৫-১০ টকা বৃদ্ধি পাইছে৷  মেগী,কাগজ-কলম,মাছৰ পৰা কণীলৈ, পানীৰ পৰা পানীয়লৈ অভাৱনীয় মূল্য বৃদ্ধি হৈছে৷ পাচলি আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যই বজাৰৰ উত্তাপ বৃদ্ধি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ১৪৩ বিধ সামগ্ৰীৰ জিএছটি বৃদ্ধি কৰাৰ বাবে আগবাঢ়িছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এনে পদক্ষেপৰ ফলত দেশৰ মধ্যবিত্ত আৰু নিম্নমধ্যবিত্ত শ্ৰেণীৰ লোকে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হ’ব৷ উল্লেখ্য,ইতিমধ্যে ৰাজ্যত বিভিন্ন স্থানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৈছে বিভিন্নধৰণৰ প্ৰতিবাদ৷ ক’ৰবাত যদি বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে আন ক’ৰবাত হৈছে প্ৰতিবাদী সমদল৷ ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয় পৰিষদে ৰূপায়ণ কৰিছে আহ্বান জনাইছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ উল্লেখ্য,অহা মাহত হ’বলগীয়া জি এছ টি কাউন্সিলৰ বৈঠকত মুঠ ১৪৩ বিধ সামগ্ৰীৰ কৰ বৃদ্ধি কৰা হ’ব৷ অৰ্থাৎ সেই ১৪৩ বিধ সামগ্ৰীৰ মূল্য এতিয়াৰ তুলনাত বাঢ়ি যাব৷  দেশৰ জনসাধাৰণৰ বাবে এয়া এক ভয়ানক ঘটনা হিচাপেই বিবেচিত হৈছে৷ ১৪৩ বিধ সামগ্ৰীৰ ভিতৰত ৯২ শতাংশ সামগ্ৰী পূৰ্বৰ জি এছ টি বন্ধনী ১৮ শতাংশ পৰা এতিয়া ২৮ শতাংশৰ বন্ধনীলৈ সলনি অৰ্থাৎ বৃদ্ধি কৰা হ’ব৷ আনহাতে পাপৰ আৰু গুড়ৰ ইমানদিনে জি এছ টি পাঁচ শতাংশ আছিল আৰু  সেই দুয়োবিধ সামগ্ৰীৰ এইবাৰ জি এছ টি ১২ শতাংশ কৰা হ’ব৷ কাষ্টাৰ্ড পাউদাৰ জি এছ টি ৫ শতাংশৰ পৰা একেকোবে ১২ শতাংশ কৰা হ’ব আৰু ৰন্ধনশালত ব্যৱহূত সামগ্ৰীৰ জি এছ টি ১২ শতাংশৰ পৰা ১৮ শতাংশ কৰা হ’ব৷ নতুনকৈ জি এছ টি বৃদ্ধি কৰিবলগীয়া ১৪৩ বিধ সামগ্ৰীৰ ভিতৰত আছে কাষ্টাৰ্ড পাউদাৰ, ঘঁড়ী, পাপৰ, গুড়, ছুটকেচ, হেণ্ডবেগ, পাৰফিউম, ডিঅ’ডৰেণ্ট, পাৱাৰ বেংক, কালাৰ টিভি, চকলেট, চিৰামিক ছিংক, ৱাশ্ব মেছিন, ছুয়িংগাম, ৱালনাট, চশমাৰ ফ্ৰেম, গগল্‌ছ, এলক’হলবিহীন পানীয়, ৰেডিমেড কাপোৰ, কাপোৰ, ছামৰা ইত্যাদি৷ এই সামগ্ৰীসমূহ অত্যাৱশ্যকীয় সামগ্ৰী নহ’লেও সৰহসংখ্যকেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ভিতৰত পৰে৷ সেয়ে  মোদী চৰকাৰে বাচি বাচি এই ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে যাতে চৰকাৰে সচৰাচৰ ব্যৱহূত এই সামগ্ৰীৰ পৰা বিপুল হাৰত জি এছ টিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিব পাৰে৷ স্বাভাৱিকতে এই জি এছ টি বৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক প্ৰচণ্ডভাৱে মাধমাৰ শোধাব৷ উল্লেখ্য যে,এইবাৰৰ জি এছ টি কাউন্সিলৰ বৈঠকত জি এছ টিৰ বন্ধনীৰ সাল-সলনিৰো প্ৰস্তাৱ আছে৷ চৰকাৰে সম্ভৱতঃ নূ্ন্য়তম ৫ শতাংশৰ জি এছ টি বন্ধনী লুপ্ত কৰি নূ্যনতম জি এছ টি বন্ধনী ৭ শতাংশ কৰিব পাৰে৷ তেনে ক্ষেত্ৰত ৭,৮,৯ শতাংশৰ নতুন জি এছ টি বন্ধনী সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে তাৰ চূড়ান্ত সিদ্ধান্ত হ’ব অহা মে’ত হ’বলগীয়া জি এছ টি কাউন্সিলৰ বৈঠকত৷ এতিয়া দেশত ৫,১২,১৮,২৮ শতাংশৰ চাৰিটা জি এছ টি বন্ধনী আছে৷ তাৰ ভিতৰত ১৮ শতাংশৰ বন্ধনীৰ ভিতৰত সৰ্বাধিক ৪৮০ বিধ সামগ্ৰী আছে আৰু মোদী চৰকাৰে তাৰ পৰাই ৭০ শতাংশ জি এছ টি সংগ্ৰহ কৰে৷ 

সকলো বয়বস্তুৰ অতিপাত মূল্যবৃদ্ধিয়ে আজি সৰ্বস্তৰৰ জনসাধাৰণক জুৰুলা কৰিছে৷ ব্যাপক মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সকাহ দিয়াৰ সলনি চৰকাৰখন হাতসাৱটি বহি আছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অচিৰেই আমাৰ ইয়াতো শ্ৰীলংকা সদৃশ পৰিবেশ হোৱাটো খাটাং৷ অসম জাতীয় পৰিষদ দলে পৰ্বতসম মূল্যবৃদ্ধিৰ প্ৰতিবাদত ইতিমধ্যে এলানি কাৰ্যসূচী ঘোষণা কৰিছে৷ উক্ত কাৰ্যসূচী অনুসৰি কাইলৈ দিনৰ ১১ বজাৰ পৰা ৰ বজালৈ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কেন্দ্ৰীয়ভাবে অৱস্থান ধৰ্মঘট পালন কৰা হ’ব৷ অহা ৩০ এপ্ৰিলত ৰাজ্যজুৰি জিলা সদৰ ঠাই সমূহত জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ উক্ত কাৰ্য্যসূচী দলৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সমুখৰ পৰা নেতৃত্ব দিব বুলি অজাপই সদৰী কৰিছে৷ 

পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আ্‌জি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মহিলা সংগঠন টোৰ সদস্য -সমৰ্থক সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঊত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ প্ৰতিবাদ কাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, ৰাইজৰ তেজ শুহা বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি হায় হায়,যোগান মন্ত্ৰী হায় হায়,মহিলা জাগিছে,জাগিবই আদি বিভিন্ন ধবনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে সংগঠনটোৱে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে৷