Logo
image

তেণ্ডুলকাৰৰ কন্যা ছাৰা বলীউডলৈ!

আমাৰ অসম,২৭ এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ এইকেইদিন ব্যাপক চৰ্চাত আছে৷ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় ছাৰা তেণ্ডুলকাৰে অতি সোনকালেই বলীউডত ভুমুকি মাৰিব বুলি চৰ্চা চলিছে৷ টুইটাৰত ট্ৰেণ্ডিং হৈছে এই খবৰ৷ মিঠা হাঁহিৰ আকৰ্ষণীয় মুখ আৰু সাজপাৰৰ বাবে প্ৰায়ে চৰ্চাত থকা ছাৰা তেণ্ডুলকাৰে যদিহে বলীউডত প্ৰৱেশ কৰে,তেন্তে এয়া সঁচাকৈয়ে ডাঙৰ খবৰ৷ ‘বলীউডলাইফডটকম’ত প্ৰকাশিত বাতৰি অনুসৰি ছাৰা তেণ্ডুলকাৰলৈ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁ যি বৃত্তিয়েই গ্ৰহণ কৰো বুলি ভাবে,তাত স্বাধীনতাও দি থৈছে৷ অভিনয়ৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে ছাৰাৰ৷ আনকি কেইবাটাও ব্ৰেণ্ডৰ বিজ্ঞাপনতো ভাগ লৈ আহিছে ছাৰাই৷ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা মেডিছিন বিষয়ত অধ্যয়ন কৰা ২৪ বছৰীয়া ছাৰাই কিন্তু গ্লেমাৰ জগতখনকহে অধিক পছন্দ কৰে৷ যদি তেওঁ বলীউডত প্ৰৱেশ কৰে,তেন্তে কিমান সফল হ’ব সেয়া সময়তহে গম পোৱা যাব৷