Logo
image

জ্বলা জুইত পেট্ৰ’ল ঢালিলে প্ৰধানমন্ত্ৰীয়ে

অ-বিজেপিশাসিত ৰাজ্যই ভেট হ্ৰাস নকৰাৰ অভিযোগ

আমাৰ অসম,২৮ এপ্ৰিলঃ দেশত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আগতীয়া সতৰ্কতা লৈ নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কৰা ভাৰ্চুৱেল বৈঠকত অ-বিজেপিশাসিত ৰাজ্যক পেট্ৰ’ল আৰু ডিজেলৰ কৰ বা ‘ভেট’হ্ৰাস কৰিবলৈ আহ্বান জনাই যেন জ্বলা জুইত পেট্ৰ’ল ঢালিলে প্ৰধানমন্ত্ৰীয়ে৷ কিয়নো প্ৰধানমন্ত্ৰীৰ এই সমলোচনাৰ পাছতেই জ্বলি পকি উঠিছে অ-বিজেপিশাসিত ৰাজ্য ঘাইকৈ মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ক্ৰমে উদ্ধৱ থাক্‌ৰে আৰু মমতা বেনাৰ্জী৷ আনহাতে,কংগ্ৰেছশাসিত ৰাজ্যৰ হৈ প্ৰধানমন্ত্ৰী মোদীক ক্ষুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছ দলৰ আগশাৰীৰ নেতা ৰণদ্বীপ সিং সুৰজেৱালাই৷ অ-বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ স্পষ্ট অভিযোগ,কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলক দেশৰ ৰাজহ সংগ্ৰহৰ মুখ্য সামগ্ৰী হিচাপে গ্ৰহণ কৰি দেশৰ জনতাক শুহি খাইছে আৰু নিকৃষ্ট ৰাজনীতি কৰি পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যৰ বাবে অ-বিজেপিশাসিত ৰাজ্যক দোষাৰোপ কৰি নিজে দায় সাৰিবলৈ চেষ্টা কৰিছে৷ পেট্ৰ’ল,ডিজেলক ৰাজহ সংগ্ৰহৰ মুখ্য সামগ্ৰী কৰাতো কেন্দ্ৰ অৰ্থাৎ মোদী চৰকাৰৰ দেশৰ নাগৰিকৰ প্ৰতি চৰম অন্যায় বুলি অ-বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে৷ তেওঁলোকৰ অভিযোগ,দেশৰ জনতাৰ ওচৰত পেট্ৰ’ল-ডিজেলৰ আকাশচুম্বী মূল্যৰ বাবে মুখ দেখুৱাব নোৱাৰি আৰু উত্তৰ নথকাৰ বাবে মোদীয়ে ‘হিপ’ক্ৰেচি’ বা ভণ্ডামিৰ আশ্ৰয় লৈ আনলৈ দোষ ঠেলিছে৷ 

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিডৰ পৰ্যলোচনা বৈঠকৰ মাজতে অ-বিজেপিশাসিত ৰাজ্য ক্ৰমে পশ্চিমবংগ,মহাৰাষ্ট্ৰ,তেলেংগানা,অন্ধ্ৰপ্ৰদেশ,কেৰালা,ঝাৰখণ্ড আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীক পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু সেই ৰাজ্যসমূহত পেট্ৰ’ল-ডিজেলৰ ভেট’ অৰ্থাৎ ‘ভেল্য়ু এডেড টেক্স’ হ্ৰাস কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য,পেট্ৰ’ল-ডিজেলৰ মূল্যই দেশজুৰি প্ৰতিলিটাৰত ১০০ টকা কেতিয়াবাই অতিক্ৰম কৰাৰ পাছত আজিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰসংগত প্ৰথমবাৰৰ বাবে মুখ খুলিছিল৷ ক’ভিডৰ পৰ্যালোচনা বৈঠকৰ মাজতে অ-বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি মোদীয়ে কয় যে,তেওঁ সমালোচনা কৰা নাই,কিন্তু সেই ৰাজ্যসমূহে নিজ নিজ ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ কৰ হ্ৰাস কৰা উচিত৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে যোৱা নৱেম্বৰত পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক ক্ৰমে ৫ টকা আৰু ১০ টকাকৈ হ্ৰাস কৰাৰ পাছত বিজেপিশাসিত ৰাজ্যই ভেট হ্ৰাস কৰিছে৷ অথচ সেই আহ্বানৰ পাছতো অ-বিজেপিশাসিত ৰাজ্যসমূহে পেট্ৰ’লজাত সামগ্ৰীৰ কৰ হ্ৰাস কৰা নাই৷ তাৎপৰ্যপূৰ্ণভাৱে বিগত কিছুদিন ধৰি বিজেপিৰ অধিকাংশ নেতাই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যই আৰোপ কৰা কৰেই দায়ি বুলি বিভিন্ন স্থানত মন্তব্য কৰি আহিছিল৷ আজি প্ৰধানমন্ত্ৰীয়েও সেই বক্তব্যৰ সূত্ৰ ধৰিয়েই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ দায় ৰাজ্যলৈ বিশেষকৈ অ-বিজেপিশাসিত ৰাজ্যসমূহলৈ থেলি দিয়ে৷ তেওঁ কয় যে– কেন্দ্ৰ আহ্বান নুশুনি সেই ৰাজ্যসমূহে তেওঁলোকৰ বাসিন্দাৰ প্ৰতি অন্যায় কৰিছে৷ যোৱা ৬ মাহ ধৰি যি অন্যায় কৰিলে সেয়া এতিয়া ঘুৰাই আনিব নোৱাৰি,এতিয়াৰে পৰা যাতে সেই ৰাজ্যসমূহে পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰে৷ যুক্তৰাষ্ট্ৰীয় কাঠামোত কেন্দ্ৰৰ দৰে ৰাজ্যয়ো ভূমিকা লোৱা উচিত বুলি মোদীয়ে পোনপটীয়াকৈ পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰক সমালোচনা কৰে৷ আক্ষৰিক অৰ্থত প্ৰধামমন্ত্ৰী মোদীয়ে আজি একেকোবেই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে  অ-বিজেপিশাসিত ৰাজ্যক কাঠগড়াত তোলে৷ 

মোদীৰ এই বক্তব্যৰ পাছতে জ্বলি-পকি উঠে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাক্‌ৰে৷ তেওঁ জনাই যে বিগত কিছুদিনত ৰাজ্যই প্ৰাকৃতিক গেছৰ কৰ হ্ৰাস কৰিছে৷ তেওঁ কয় –‘আজিৰ দিনটোত মুম্বাইত প্ৰতি লিটাৰ ডিজেলত ৰাজ্যই ২৪.৩৮ টকা ভেট লয়৷ কেন্দ্ৰই আবকাৰী শুল্ক লয় প্ৰতি লিটাৰত ২২.৩৭ টকা৷ পেট্ৰ’লত ৰাজ্যই ভেট লয় ৩১.৫৮ টকা আৰু কেন্দ্ৰই আবকাৰী শুল্ক আদায় কৰে ৩২.৫৫ টকা৷ কোনে বেছি কৰ সংগ্ৰহ কৰিছে সেয়া সকলোৱেই বুজক৷ প্ৰধানমন্ত্ৰী  হৈ মোদীয়ে এনে মিথ্যাচাৰৰ আশ্ৰয় লোৱা অনুচিত৷ আমি প্ৰাকৃতিক গেছত ১৩.৫ শতাংশ পৰা ৩ শতাংশ ভেট হ্ৰাস কৰিছোঁ৷ মোদীৰ কেন্দ্ৰই কি কৰিছে? জনসাধাৰণক এনে ভুৱা বক্তব্যৰে চলাহি কৰা ভুল৷’ 

ইপিনে,পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে,যোৱা তিনিবছৰত তেওঁৰ ৰাজ্যই পেট্ৰ’লজাত সামগ্ৰীত ৰাজসাহায্য প্ৰদান কৰি ১৫০০ কোটি টকা লোকচান ভৰিছে৷ তেওঁ কয়–‘যোৱা তিনিবছৰ ধৰি আমি প্ৰতিজন গ্ৰাহকক পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত প্ৰতি লিটাৰত ৰটকাকৈ ৰাজসাহায্য প্ৰদান কৰি আহিছোঁ৷ প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ বৈঠকৰ মাজত ভুৱা তথ্য দাঙি ধৰিছে৷ এই বৈঠকত আচলতে তেওঁ এনে বক্তব্য উত্থাপনেই কৰিব নালাগিছিল৷ ৰাজনীতি কৰি মোদীয়ে এই কথা কৈছে৷ বৈঠকত আমাৰ ফালৰ পৰা মাত মতাৰ সুযোগ নাছিল৷ নহ’লে মই লগে লগে আপত্তি কৰিলোহেঁতেন৷ বৈঠকখন আছিল ‘ৱান ৱে ট্ৰেফিক’ৰ দৰে, তেওঁ কৈ যাব আৰু আনে শুনি যাব,কোনেও একো উত্তৰ দিব নোৱাৰিব৷’মোদীৰ বৈঠকৰ পাছতে মমতা বেনাৰ্জীয়ে মোদীক এই বিষয়ত উভতি ধৰি ক্ষুৰধাৰ সমালোচনা কৰে৷ মমতাই পেট্ৰ’ল আৰু ডিজেলৰ ৰাজহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমানে সমানে ভাগ কৰাৰ আহ্বান জনায়৷ তেওঁ কয়– ‘মোদীয়ে দেশৰ যুক্তৰাষ্ট্ৰীয় কাঠামোৰ কথা কৈছে৷ কোনো কামতে তেওঁৰ চৰকাৰে যুক্তৰাষ্ট্ৰীয় কাঠামো নামানে৷ যি কৰে সেয়া তেওঁ নিজেই কৰে৷ যদি যুক্তৰাষ্ট্ৰীয় কাঠামো মানে,তেন্তে কেন্দ্ৰ আৰু ৰাজ্য উভয়েই পেট্ৰ’ল-ডিজেলৰ ৰাজহ সমানে ভাগ কৰাৰ সিদ্ধান্ত লওক মোদীয়ে৷ ২০১৪ চনৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰলৈ মোদী চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ পৰা ১৭ লাখ ৩১ হাজাৰ ২৪২ কোটি টকা ৰাজহ আদায় কৰিছে৷ এয়া মোদীয়ে মিছা বুলি কওক৷ মোদীয়ে এই কৰ আদায়েৰে দেশৰ জনতাক মাধমাৰ দিয়া নাই নে? তেওঁ আনৰ ওপৰত দোষ জাপি সদায় নিজে ৰক্ষা পৰাৰ চেষ্টা চলায়৷ এয়া সেই চেষ্টাৰ নামান্তৰ৷’ 

ইপিনে,কংগ্ৰেছৰ নেতা ৰণদ্বীপ সিং সুৰজেৱালাই মোদী চৰকাৰক সমালোচনা কৰি কয়, তেওঁলোকে দেশৰ জনতাৰ পৰা পেট্ৰ’ল-ডিজেলৰ কৰৰ নামত ২৭ লাখ কোটি টকা আহৰণ কৰিছে৷ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ কৰক দেশৰ ৰাজহ আদায়ৰ মূল সামগ্ৰীক অন্যায়ভাৱে পৰিণত কৰিছে৷ তেওঁ কয়–‘২০১৪ চনত যেতিয়া মোদী গাদীত বহিছিল তেতিয়া বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য আছিল প্ৰতি বেৰেলত ১০৮ মাৰ্কিন ডলাৰ৷ কিন্তু দেশত পেট্ৰ’লৰ মূল্য আছিল প্ৰতিলিটাৰত ৭১.৪১ টকা আৰু ডিজেলত ৫৫.৪১ টকা৷ আজি বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০.২০ টকা৷ অৰ্থাৎ ২০১৪ চনতকৈ আজি বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য কম৷ কিন্তু দিল্লীত আজি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৫.৪১  টকা আৰু ডিজেলত ৯৬.৬৭ টকা৷ দামৰ এই পাৰ্থক্যৰ কাৰণ কি? মোদী ডাঙৰীয়া,আপুনি দেশৰ জনতাক সঁচা কথাটো ক’বনে? আপুনি কৰ জাপি দি এনেদৰে পেট্ৰ’ল-ডিজেলৰ মূল্য আকাশলংঘী কৰিছে আৰু আনৰ গাত দোষ জাপিছে৷ প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ এনে বক্তব্য শোভা নাপায়৷ এয়া ভণ্ডামি আৰু মিথ্যাচাৰৰ বাহিৰে আন একো নহয়৷’ 

ইপিনে,অসমত বুধবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৬৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯১.৩৯ টকা৷ ইয়াৰে বেছ প্ৰাইচ বা পেট্ৰ’লৰ মূল দাম হৈছে ৫০.৮৪ টকা,পৰিবহণ ব্যয় ০.২০ টকা, ডিলাৰৰ প্ৰকৃত মূল্য ৫১.০৫ টকা৷ অৰ্থাৎ ডিলাৰে ৫১.০৫ টকাত বুধবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’ল তেল কোম্পানীৰ পৰা ক্ৰয় কৰিছে৷ তেওঁলোকে প্ৰতিলিটাৰ পেট্ৰ’লত ৩.৮৩ টকা কমিছন পায়৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’লত আবকাৰী শুল্ক আদায় কৰিছে ২৭.৯২ টকা আৰু অসম চৰকাৰে ৰাজ্যিক ভেট আৰোপ কৰিছে ২২.৬৬ টকা অথবা ২৩.৬৬ শতাংশৰ ভিতৰত যিটো সৰ্বাধিক সেয়া৷ ঠিক তেনেদৰে আজিৰ দিনটোত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১.৩৯ টকা৷ ইয়াৰে বেছ প্ৰাইচ বা ডিজেলৰ মূল দাম হৈছে ৪৭.৯১ টকা, পৰিবহণ ব্যয় ০.২০ টকা, ডিলাৰৰ প্ৰকৃত মূল্য ৪৮.১১ টকা৷ অৰ্থাৎ ডিলাৰে ৪৮.১১ টকাত বুধবাৰৰ দিনটোত প্ৰতি লিটাৰ ডিজেল তেল কোম্পানীৰ পৰা ক্ৰয় কৰিছে৷ তেওঁলোকে প্ৰতিলিটাৰ ডিজেলত ৩.৮৩ টকা কমিছন পায়৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ ডিজেলত আবকাৰী শুল্ক আদায় কৰিছে ২১.৮০ টকা আৰু অসম চৰকাৰে ৰাজ্যিক ভেট আৰোপ কৰিছে ১৭.৪৫ টকা৷  অথবা চৰকাৰে ২২.৭৫ শতাংশ ভেট আৰোপ কৰে আৰু মূল্য তথা ভেটৰ ভিতৰত যিটো সৰ্বাধিক সেয়া আদায় কৰে৷ পেট্ৰ’ল আৰু ডিজেলৰ কৰ,প্ৰকৃতমূল্য আৰু ডিলাৰৰ কমিছনৰ সম্পূৰ্ণ তথ্য দিয়াৰ পাছত সাধাৰণ জনতাই চৰকাৰে তেওঁলোকক কৰ আৰোপ কৰি শুহি খাইছে নে নাই সেয়া নিজেই বিচাৰ কৰি ল’ব পাৰিব৷