Logo
image

এইবাৰ ১৪ গুপ্তচৰৰ নাম দিলে আলফাই

আৰক্ষীৰ ‘স্পাই’!সঞ্জীৱৰ মোবাইলত উৰহী গছৰ ওৰ

আমাৰ অসম,২৮ এপ্ৰিলঃ বিদ্ৰোহী সংগঠন আলফা স্বাধীনলৈ যুৱক-যুৱতীৰ সোঁত বোৱাৰ সময়তে অসম আৰক্ষীয়ে আলফাৰ শিবিৰলৈ গুপ্তচৰ প্ৰেৰণ কৰা ঘটনাই আজিও চাঞ্চল্যৰ অব্যাহত  ৰাখিছে৷ আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ পৰিৱেশ সূচনাৰ সময়তে টকাৰ লোভ দি গুপ্তচৰৰ জড়িয়তে আলফাৰ শিবিৰ বোমাৰে উৰুৱাই দিয়াৰ আৰক্ষীৰ পৰিকল্পনাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই ৭৮৯৬-পাছৱৰ্ড দি আলফাৰ ম্যানমাৰ শিবিৰলৈ প্ৰেৰণ কৰা বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা নামৰ এটা ইতিমধ্যে আলফাই চিনাক্ত কৰি বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ সঞ্জীৱ শৰ্মাৰ স্বীকাৰোক্তি ভৰা এটা ভিডিঅ’ক্লিপিং ইতিমধ্যে আলফাৰ ফালৰ পৰা ৰাজহুৱা কৰিছে৷ ভিডিঅ’টোত গুপ্তচৰ সঞ্জীৱ শৰ্মাই গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু যোৰহাটৰ সেনা বিষয়া ধুনুমণি শইকীয়াই ১ কোটি টকাৰ প্ৰলোভন দি তেওঁক গুপ্তচৰ হিচাপে আলফাৰ শিবিৰলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে৷ সঞ্জীৱ শৰ্মাই ইতিপূৰ্বেই কেইবাজনো যুৱকৰ সৈতে পিষ্টল চালনাৰ প্ৰশিক্ষণ লাভ কৰা বুলি প্ৰকাশ কৰি বিগত সময়ছোৱাত আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ হৈ বিভিন্ন মিছনত চোৰাংচোৱাৰ কাম কৰা বুলিও ভিডিঅ’টোত সদৰী কৰিছিল৷ মঙলবাৰে এই তথ্য ৰাজহুৱা কৰাৰ পাছত বুধবাৰে আলফা স্বাধীনৰ ফালৰ পৰা অসম আৰক্ষীৰ দ্বাৰা গুপ্তচৰ প্ৰশিক্ষণ লাভ কৰা আন ১২জন যুৱকৰ তথ্য ৰাজহুৱা কৰিছে৷ অসম আৰক্ষীৰ ‘স্পাই’বুলি চিনাক্ত হোৱা সঞ্জীৱৰ মোবাইলতে ১২ যুৱকৰ জীৱন অনিশ্চয়তালৈ দিয়া উৰহী গছৰ ওৰ ওলাইছে৷ একেটা বিবৃতিতে সঞ্জীৱ শৰ্মাক গুপ্তচৰৰ কামত নিয়োগ কৰা যোৰহাটৰ নকছাৰীৰ সেনাবাহিনীত কৰ্মৰত ধুনুমণি শইকীয়া আৰু অসম আৰক্ষীত কৰ্মৰত বৰপেটা সৰভোগৰ কল্যাণ চক্ৰৱৰ্তী নামৰ লোক দুজনৰো ফটো ৰাজহুৱা কৰিছে আলফাই৷ ইপিনে বিবৃতিটোত আলফা স্বাধীনে উল্লেখ কৰা মতে বাইহাটাৰ মুক্তাপুৰ গাঁৱৰ সঞ্জীৱ শৰ্মাৰ ম’বাইলত সংৰক্ষিত কেতবোৰ আলোকচিত্ৰ লাভ কৰিছে, এই আলোকচিত্ৰসমূহ সঞ্জীৱৰ সৈতে গুপ্তচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা সতীৰ্থ বুলিও প্ৰকাশ কৰিছে৷ আৰক্ষীৰ গুপ্তচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা সঞ্জীৱৰ সতীৰ্থকেইজন হৈছে ক্ৰমে গুৱাহাটীৰ বিতোপন দাস,মঙলদৈৰ তীৰ্থ দাস,গুৱাহাটী পাঞ্জাবাৰীৰ মনুষ্য [ধন]কলিতা,কামৰূপৰ বীৰদিয়াৰ কিশোৰ শৰ্মা,কামৰূপৰ বীৰদিয়াৰ ধনজিৎ [মাইনা] ডেকা,গোৰেশ্বৰৰ নিতুপন ডেকাযকলিতা, কামৰূপৰ বৰগাঁৱৰ ৰিতুপম শৰ্মা, চানমাৰিৰ সঞ্জয় কুমাৰ শৰ্মা আৰু ধুবুৰীৰ বিকাশ ৰাজবংশী৷ ইয়াৰে সঞ্জয় কুমাৰ শৰ্মা হৈছে সঞ্জীৱ শৰ্মাই পূৰ্বতে নাম লোৱা মণিপুৰত এম্বুছত মৃত্যু হোৱা বুলি দাবী  কৰা অপূৰ্ব কুমাৰ শৰ্মাৰ কামাণ্ডোজনৰ সম্পৰ্কীয়৷ আনহাতে,কামৰূপ বীৰদিয়াৰ ধনজিৎ ডেকা নামৰ যুৱকজনক দুমাহ ধৰি ঘৰত নাই বুলিও প্ৰকাশ কৰিছে৷ অৱশ্যে আলফাই ফটো ৰাজহুৱা কৰা কেইবাজনো গুপ্তচৰৰ নাম-ঠিকনা প্ৰকাশ কৰা নাই৷