Logo
image

এনকাউণ্টাৰ নকৰিব ! প্লেকাৰ্ড লৈ ডকাইতৰ আত্মসমৰ্পণ

আমাৰ অসম,২৮ এপ্ৰিলঃ গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰৰ ভয়ত কঁপিছে অপৰাধী৷  এনকাউণ্টাৰৰ ভয়ত আজি জিলাখনৰ আগিয়া থানাত আত্মসমৰ্পণ কৰিলে এটা দুৰ্ধৰ্ষ ডকাইতে৷ ইতিমধ্যে গোৱালপাৰা আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰত কেইবাজনো অপৰাধী নিহত আৰু আহত হৈছে৷ সেয়ে আৰক্ষীৰ গুলীৰ ভয়ত আত্মসমৰ্পণৰ পন্থা লৈছে অপৰাধীয়ে৷  আগিয়া থানাত দুৰ্ধৰ্ষ ডকাইতটোৱে জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ উপস্থিতিত আত্মসমৰ্পণ কৰে৷ ডকাইতটো বৰপেটা জিলাৰ উজিৰেৰ চৰৰ নজমল হক বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ডকাইতৰ লগতে আন আন অপৰাধমূলক কাৰ্যত জড়িত আছিল নজমল হক৷ আজি দুপৰীয়া অল্টো গাড়ী এখনৰ পৰা নামি ডিঙিত এখন ফলক লৈ থানাৰ পিনে আগবাঢ়ে নজমল হক৷ ‘মই স্বাভাৱিকভাৱে জীৱন-যাপন কৰিম৷ গতিকে মই থানাত আত্মসমৰ্পণ কৰিলোঁ’ বুলি এখন ফলক লিখি ডিঙিত আঁৰি লৈ দুৰ্ধৰ্ষ ডকাইতটোৱে আত্মসমৰ্পণ কৰে৷ উল্লেখ্য যে,নজমলৰ তিনি সতীৰ্থ ইতিপূৰ্বে গোৱালপাৰা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ লগতে আন এটা সতীৰ্থ আহত হৈছে৷ নজমলক বিচাৰি আৰক্ষীয়ে চলাই আছিল অভিযান৷