Logo
image

বিভাৰাণীৰ পাছত মৰমীৰ সন্ধানত আৰক্ষী

মানহানিৰ গোচৰৰ ভাবুকি নাৰ্ছৰ, বকোত তালাচী

জিএমচিএইচৰ পৰা ৭ মহীয়া শিশু প্ৰিয়মৰ অপহৰণ

আমাৰ অসম,২৮ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৭মহীয়া শিশুক অপহৰণ কৰা ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ জিএমচিএইচৰ পৰা শিশু অপহৰণ কাণ্ডত নাম সাঙোৰ খোৱা নাৰ্ছ বিভাৰাণী ঠাকুৰীয়াই আজি পোনে পোনে চেন্নাইৰ পৰা  বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ আহি পাণবজাৰস্থিত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়লৈ আহে৷ কাৰ্যালয়ত অপৰাধ শাখাই বিভাৰাণী ঠাকুৰীয়াক বহু সময় জেৰা কৰি মুকলি কৰি দিয়ে৷ অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা ওলাই আহি নাৰ্ছ বিভাৰাণী ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত জিএমচিএইচৰ শিশু অপহৰণ কাৰ্যত জড়িত থকাৰ কথা নস্যাৎ কৰিছে৷ শুৱালকুছিৰ মহাত্মা গান্ধী হাস্পতালৰ নাৰ্ছ বিভাৰাণী ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ আত্মীয়ৰ চিকিৎসা কৰিবলৈ ৫ দিনৰ ছুটী লৈ চেন্নাইলৈ গৈছিল৷ চেন্নাইত থকা অৱস্থাত পৰিয়ালৰ লোকে তেওঁক ফোন কৰি জিএমচিএইচৰ শিশু অপহৰণত তেওঁৰ নাম সাঙোৰ খোৱাৰ কথা কৈছিল বুলি বিভাৰাণীয়ে জানিবলৈ দিয়ে৷ তেওঁ মহিলা প্ৰসূতি কামত জড়িত নহয় বুলি উল্লেখ কৰি বিভাৰাণীয়ে কয় যে তেওঁ এগৰাকী সাধাৰণ  নাৰ্ছ৷ জিএমচিএইচৰ শিশু অপহৰণ কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ লগতে তেওঁৰ নাম জিএমচিএইচৰ পৰা শিশু অপহৰণ কৰা কাৰ্যত সাঙোৰ খোৱা লোকক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবলৈ বিভাৰাণীয়ে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷ আনহাতে, শিশু অপহৰণ কাৰ্যত তেওঁৰ নাম সাঙোৰ খোৱা লোকৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰো ভাবুকি দিছে বিভাৰাণীয়ে৷ এইবাৰ বিভাৰাণী ঠাকুৰীয়াৰ পিছত বকোৰ মৰমী দাসৰ নাম সাঙোৰ খাইছে৷ জিএমচিএইচৰ পৰা শিশু অপহৰণ কৰা মহিলাগৰাকীৰ ফটোৰ মুখমণ্ডলৰ লগত মৰমী দাসৰ সাদৃশ্য আছে বুলি আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কালি নিশা বকোৰ খলিহাটত অভিযান চলাই যদিও মৰমী দাসৰ সন্ধান পোৱা নাই৷ মৰমী দাসৰ সন্ধান পালেই শিশু অপহৰণৰ সকলো ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে দাবী কৰিছে৷ ১৪ দিনে অপহৃত প্ৰিয়ম কলিতাক উদ্ধাৰ কৰাত ব্যৰ্থ হোৱা আৰক্ষীয়ে আৰু কিমান দিনৰ প্ৰয়োজন হ’ব প্ৰিয়মৰ সন্ধান উলিওৱাত৷ উল্লেখ্য, যোৱা ১৩ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৭মহীয়া প্ৰিয়ম কলিতাক এগৰাকী মহিলাই অপহৰণ কৰি লৈ গৈছিল৷