Logo
image

আজি আহিব মোদী, ডিব্ৰুগড় ডিফুত ৰাজকীয় আয়োজন

কাৰ্বি আংলঙত এক লাখ ৰাষ্ট্ৰীয় পতাকাৰে আদৰণি,সাজু ১৫ সহস্ৰাধিক শিল্পী

আমাৰ অসম,২৮ এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব৷ ভ্ৰমণসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰীজনে কাৰ্বি আংলং জিলাত পুৱা ১১টা বজাত হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰিংথেপিত এখন শান্তি আৰু উন্নয়ন সভাত অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিয়লি লৰিংথেপিত উপস্থিত হৈ প্ৰস্তুতিৰ তদাৰক কৰে৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ পুৱা ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰি পোনে পোনে লৰিংথেপিলৈ হেলিকপ্টাৰযোগে আহিব৷ লৰিংথেপিত পুৱা ১১.২০ বজাত প্ৰধানমন্ত্ৰীয়ে এখন বিশাল শান্তি আৰু উন্নয়ন সভা সম্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এই সভাতেই পশ্চিম কাৰ্বি আংলং জিলাৰ কলঙাত এখন কৃষি বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে মাঞ্জাত নিৰ্মাণ হ’বলগীয়া পশু চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ উমপেনাইত নিৰ্মাণ হ’বলগীয়া আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে লৰিংথেপিৰ পৰাই সমগ্ৰ অসমৰ ২৯৮৫টা অমৃত সৰোবৰ আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে কাৰ্বি আংলং জিলাৰ প্ৰায় ৩০টা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে প্ৰধানমন্ত্ৰীক বিপুল আদৰণি জনাব৷ ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়লৈ যাব আৰু তাত ৯খন কেন্সাৰ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে আন ৭ খন কেন্সাৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ আনহাতে,দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে দেশত ক’ভিডৰ পুনৰ উত্থানত উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ ৰাজ্যসমূহক ক’ভিডৰ বুষ্টাৰ ড’জ লোৱাৰ বাবে জনতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ ইপিনে,ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভেট প্ৰত্যাহাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক জনোৱা আহ্বান সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে আমি ইতিমধ্যে ভেট কম কৰিছোঁ৷ যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমাক প্ৰশংসা কৰিছে৷ অ-বিজেপিশাসিত প্ৰদেশসমূহকহে ভেট হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে অ-বিজেপিশাসিত ৰাজ্যসমূহে ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত আমি আৰু অধিক ভেট হ্ৰাস কৰিব পাৰিম নেকি সেই সন্দৰ্ভত বিবেচনা কৰিম বুলিও প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ জিলা আগমন সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলাবাসীৰ লগতে ৰাজ্যবাসীক আহ্বান জনায়৷ 

কাৰ্বি পাহাৰৰ লৰিংথেপিত আজিৰে পৰাই লোকাৰণ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগা সভাস্থলী৷  দেশৰ প্ৰধানমন্ত্ৰীজনে প্ৰথমবাৰলৈ পদাৰ্পণ কৰি লৰিংথেপি আক্লামত শান্তি আৰু প্ৰগতিৰ ৰেলীত ভাষণ প্ৰদান কৰিব৷ ইতিমধ্যে লৰিংথেপিত যাৱতীয় প্ৰস্তুতি সমাপ্তি ঘটিছে৷ বিশাল মঞ্চ,মণ্ডপ,হেলিপেড মঞ্চ মণ্ডপৰ সাজ-সজ্জাৰ কাম শেষ হৈছে৷ জাকত-জিলিকাকৈ মঞ্চ,মণ্ডপ সজাই-পৰাই তোলা হৈছে৷ পাঁচশ বিঘা মাটিত ৰাষ্টা-ঘাটকে আদি কৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে৷ দিনে-নিশাই স্বায়ত্ত পৰিষদৰ অধীনৰ বিষয়া-কৰ্মচাৰীয়ে নিজ নিজ বিভাগৰ কামসমূহ দায়িত্বসহকাৰে সম্পূৰ্ণ কৰি তুলিছে৷ পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্যসকলে দিনেনিশাই সমগ্ৰ বিভাগসমূহ নিৰীক্ষণ কৰি কাম-কাজসমূহ যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰি তুলিছে৷ অসম চৰকাৰৰ দুই মন্ত্ৰী পীয়ূষ হাজিৰকা আৰু পাবৰ্ত্য এলেকা দপ্তৰ মন্ত্ৰী যোগেন মহনে কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বাহৰ পাতি শান্তি আৰু প্ৰগতিৰ ৰেলীৰ যাৱতীয় কামৰ অগ্ৰগতিৰ বুজ লৈ আছে৷ পানী নসৰকা নিৰাপত্তা ব্যৱস্থাৰে আৰক্ষীয়ে প্ৰস্তুত হৈ আছে কাইলৈৰ জনসভালৈ৷ অৱশ্যে বতৰৰ বিধি-পথালিৰ বাবে সমাৱেশস্থলীত কিছু কিছু ঠাইত বৰষুণৰ পানীয়ে অসুবিধাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য,মঙলবাৰৰে পৰা গুৱাহাটীৰ পৰা অনা সহস্ৰাধিক চিটী বাছ কাৰ্বি আংলঙৰ বিভিন্ন সমষ্টিৰ গাঁওসমূহলৈ গৈ সভালৈ মানুহ আনিবৰ বাৱে অৱস্থান কৰি আছে৷ টেম্পু,টমটম,টাটা ম’বাইল সৰু বৰ বাছসমূহ ইতিমধ্যে অধিগ্ৰহণ কৰি মোদীৰ সভালৈ মানুহ আনিবৰ বাৱে গাঁওসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ ইতিহাস সৃষ্টিৰ লক্ষ্যেৰে লৰিংথেপিৰ সমাৱেশস্থলীত এক লাখতকৈ অধিক ৰাষ্ট্ৰীয় পতাকা উৰুওৱা হ’ব বুলি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে জানিবলৈ দিছে৷ পাহাৰীয়া জিলাখনৰ ছয় বিদ্ৰোহী সংগঠনে শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত মূল সুঁতিলৈ উভতি অহা বুলি কৈ তেওঁ কয় যে,শান্তিৰেহে প্ৰগতি আহিব৷ পিছ পৰা জিলাখনত এতিয়া শান্তিৰ বতাহ ববলৈ ধৰিছে৷ এয়া পাহাৰীয়া জিলাবাসীৰ বাৱে সু-খবৰ বুলি মন্তব্য কৰে৷ আজি বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লৰিংথেপিৰ সমাৱেশস্থলীত উপস্থিত হৈ কাইলৈ হ’বলগা বিশাল ৰেলীৰ অগ্ৰগতি আৰু যাৱতীয় কাম-কাজৰ বুজ লয়৷ উল্লেখ্য,কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ ১৮সহস্ৰাধিক সাংস্কৃতিক দলৰ শিল্পীয়ে ইতিমধ্যে আখৰা সম্পূৰ্ণ কৰিছে৷ প্ৰধানমন্ত্ৰীক পাহাৰীয়া জিলাখনৰ ত্ৰিছটাতকৈ অধিক জাতি-জনগোষ্ঠীৰ শিল্পীৰ দলে নিজা নিজা বৰ্ণময় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি আদৰণি জনাব৷