Logo
image

আজি আহিব মোদী, ডিব্ৰুগড় ডিফুত ৰাজকীয় আয়োজন

ডিব্ৰুগড়ত ৩ হাজাৰ নাচনীয়ে আদৰিব প্ৰধানমন্ত্ৰীক

আমাৰ অসম, ২৮ এপ্ৰিলঃ ডিব্ৰুগড় খনিকৰ পুলিচ ৰিজাৰ্ভত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত তিনি হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰিব বিহুনৃত্য৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিহুনৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা আৰু পৰ্যটন বিভাগে৷ এই সন্দৰ্ভত ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে জানিবলৈ দিয়া মতে,ৰাজ্যৰ সাংস্কৃতিকমন্ত্ৰী বিমল বৰাৰ প্ৰচেষ্টাত তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ কাইলৈ এইসকল ছাত্ৰ-ছাত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীক আদৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ দুই লক্ষাধিক লোকৰ সমাৱেশেৰে খনিকৰ পুলিচ ৰিজাৰ্ভত বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰৰ লগতে ৰাজ্যৰ ৭খনকৈ কেন্সাৰ কেন্দ্ৰ ৰাইজৰ বাবে উৎসৰ্গিত কৰিব৷ অসম চৰকাৰৰ অধীনস্থ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বন আৰু টাটা ট্ৰাষ্টৰ সৌজন্যত প্ৰায় দুশ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে কেন্সাৰ কেন্দ্ৰকেইটা৷ ইয়াৰ সমান্তৰালভাৱে অতিৰিক্তভাৱে ৰাজ্যৰ তিনিচুকীয়া,শিৱসাগৰ,গোলাঘাট,গোৱালপাৰা,নলবাৰী আদিকে কৰি ৭খন কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উল্লেখ্য যে,প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে প্ৰায় ৩০হাজাৰ নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে৷ ৰাজ্যৰ গাঁওবাহিনীৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষক পৰ্যায়লৈকে দায়িত্বত আছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত৷ সেইদৰে সৰু-ডাঙৰ প্ৰায় তিনি হাজাৰ মানুহ অনাৰ ব্যৱস্থা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে৷ ইফালে আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত বিশ্বজিত পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰধানমন্ত্ৰীজনে বিয়লি তিনি বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ কেন্সাৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব৷ ইয়াৰ পাছতে খনিকৰত হ’বলগীয়া বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে৷ আনহাতে, চহৰখনত যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে৷ চহৰখনৰ মানকটা পথটোত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে৷ 

অসম চিকিৎসা মহাবিদ্যালয়ত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰ পৰিদৰ্শন কৰিলে ভাৰত চৰকাৰৰ জাহাজ,বন্দৰ,জলপৰিবহণ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি প্ৰায় ৩ বজাত হিলৈধাৰীত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছতে পোনে পোনে প্ৰধানমন্ত্ৰীজনে এ এম চিলৈ গৈ কেন্সাৰ কেন্দ্ৰটো পৰিদৰ্শন কৰিব৷ আনহাতে, আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিবলগীয়া ডিব্ৰুগড় কৰ্কট কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়৷ এই কেন্দ্ৰই ডিব্ৰুগড়ৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ কৰ্কট ৰোগীসকলক যাৱতীয় স্বাস্থ্যসেৱা আগবঢ়োৱাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ ডিব্ৰুগড়ৰ পৰাই ৰাজ্যখনত মুঠ ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে আন ৭খন কৰ্কট চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব৷ এই যুগান্তকাৰী পদক্ষেপে নিশ্চিতভাৱে অসমৰ স্বাস্থ্যসেৱাত আমূল পৰিৱৰ্তনৰ সূচনা কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সদৰি কৰিছে৷ 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানক লৈ নামি আহিছে চৰম অনিশ্চয়তা৷ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ মুহূৰ্ততে ডিব্ৰুগড়ত বতৰে দিছে বিধি-পথালি৷ আজি সন্ধিয়াৰ ভাগত দিয়া ধাৰাসাৰ বৰষুণে উদ্বিগ্ন কৰিছে চৰকাৰ আৰু প্ৰশাসনক৷ ওৰে নিশাটো এইদৰে বৰষুণে বিধি-পথালি দি থাকিলে খনিকৰ পুলিচ ৰিজাৰ্ভত বোকা আৰু পানীৰে উপচি পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব দৰ্শকসকল৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে,কাইলৈয়ো বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে৷ 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়,প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে এক অমূলক,অবাস্তৱ আৰু উদ্ভট নিৰ্দেশ জাৰি কৰিছে৷ প্ৰকাশিত নিৰ্দেশটোৰ জৰিয়তে যান-জঁটৰ অজুহাত দি সেই দিনটোত ডিব্ৰুগড় জিলাৰ সকলো শৈক্ষিক অনুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত সদিৰ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক আমি আদৰণি জনাইছোঁ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবেই জিলাখনৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত এইদৰে স্তব্ধ কৰি পেলোৱা কাৰ্য উদ্ভট আৰু অবাস্তৱ৷ ভি আই পি সংস্কৃতিৰ প্ৰায়েই বিৰোধিতা কৰি থকা দিল্লী আৰু দিছপুৰৰ বৰমূৰীয়াসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থবিৰোধী এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ জিলা প্ৰশাসনলৈ স্পষ্ট কথা অতিশীঘ্ৰেই এই নিৰ্দেশ বাতিল কৰক৷