Logo
image

অন্তৰ্ধান হৈ গ’ল নৈশবাছ, চিটীবাছো! ব্যয় হ’ল ২৯ কোটি

আমাৰ অসম,২৮ এপ্ৰিলঃ কোনো ৰজা-মহাৰজা নহয়,অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু কাৰ্বি-আংলং জিলালৈ আহিব দেশৰ মুৰব্বীজন৷ প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খন কৰ্কট হাস্পতাল উদ্বোধন কৰাৰ লগতে ভাৰ্ছুৱেলি আন ৬খন নতুন কৰ্কট হাস্পতালৰ শিলান্যাসো কৰিব৷ এই উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব লগা জনসভাত ৰাইজৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে ডিব্ৰুগড় আৰু কোক্‌ৰাঝাৰ দুয়োখন জিলাতে স্থানীয় বন্ধও ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ এই বন্ধক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও মোদীৰ সভাত মানুহ গোটোৱাৰ বাবে চেষ্টাৰ কোনো যেন ত্ৰুটি কৰা নাই বিজেপি নেতা-পালিনেতাসকলে৷ বিজেপি নেতা-পালিনেতাসকলে ঘৰে ঘৰে তামোল-পাণৰ শৰাই দি মানুহ মতাৰ লগতে সভালৈ ৰাইজক অহা-যোৱা নিশ্চিত কৰাৰ বাবে পৰিবহণ বিভাগে ৰিজাৰ্ভ কৰিছে সহস্ৰাধিক যাত্ৰীবাহী বাহন৷ ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ সভাৰ বাবে পৰিবহণ বিভাগে বিভিন্ন জিলাৰ বাছ-ছুমুকে ধৰি ৮,১৫৫খন যাত্ৰীবাহী বাহনৰ অধিগ্ৰহণ কৰাত ৰাজপথত হাহাকাৰ লাগিছে সাধাৰণ যাত্ৰীৰ৷ প্ৰশাসনে অধিগ্ৰহণ কৰা বাহনসমূহ ডিব্ৰুগড়-কোক্‌ৰাঝাৰলৈ ৰাওনা হোৱাত গুৱাহাটী মহানগৰীকে ধৰি প্ৰতিখন চহৰৰে ৰাজপথৰ পৰা অন্তৰ্ধান হৈ পৰে দিবা-নৈশ বাছ,মেজিক,ছুমু,ট্ৰেভেলাৰকে ধৰি সকলো ধৰণৰ বাহন৷ এক কথাত মঙলবাৰ আৰু বুধবাৰে দুদিন ধৰি বাছৰ অভাৱত সাধাৰণ যাত্ৰীসকল পণবন্দী হৈ পৰিছে৷ ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কাৰ্বি আংলঙৰ ৰাষ্ট্ৰীয় ঘাইপথত শাৰী শাৰীকৈ অধিগ্ৰহণকৃত বাছ ৰখাই থ’লেও বুধবাৰে গুৱাহাটীৰ প্ৰতিটো বাছ ষ্টপজতে যাত্ৰীয়ে অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হয়৷ সাধাৰণ নাগৰিকৰ যাতায়াতৰ অন্যতম মাধ্যম চিটী বাছসমূহ হঠাতে অন্তৰ্ধান হৈ পৰাৰ ফলত যাত্ৰীৰ দুৰ্ভোগে সীমা চেৰাই গৈছে৷ বুধবাৰৰ দিনটোত পুৱাই কাৰ্যালয়,বিদ্যালয়কে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান আদিলৈ যোৱাৰ বাবে হাজাৰ হাজাৰ মানুহ চিটী বাছ আস্থানত গোট খায় যদিও বাছৰ অভাৱত বহুতে গন্তব্যস্থলীলৈ নগৈ ঘৰমুৱা হ’বলগীয়া হয়৷ বহু লোকে খোজকাঢ়িয়েই গন্তব্য স্থানলৈ যোৱাও দেখা গ’ল৷ গুৱাহাটী মহানগৰীত চিটী বাছ সেৱা একপ্ৰকাৰ বন্ধ হৈ পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে আহুকালৰ সন্মুখীন হয়৷ চিটী বাছ নথকাৰ সুযোগ গ্ৰহণ কৰি অটো ৰিক্সাকে ধৰি বহু ৰিক্সা চালকে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰাৰো অভিযোগ উঠিছে৷ জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পৰা ৬০০ৰো অধিক চিটী বাছ অধিগ্ৰহণ কৰিছে৷ কেৱল ৩০খনমান চিটী বাছহে মহানগৰীত চলি আছে৷ আনকি মোদীৰ সভালৈ মানুহ আনিবলৈ অধিকাংস স্থানীয় ৰে’ল বাতিল কৰা বুলিও অভিযোগ উঠিছে৷ কিন্তু,আপুনি শুনিলে আচৰিত যেন লাগিলেও সৰ্বসাধাৰণ যাত্ৰীক পণবন্দী কৰি প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫৫খন যাত্ৰীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় হ’ব ২৯ কোটি ৩৫ লাখ টকা৷ ইয়াৰে ডিব্ৰুগড়ৰ সভাত ব্যৱহৃত ১,০০২খন বাছৰ বিপৰীতে চৰকাৰে ভাৰা আদায় দিব ৪,৭৩,৭১,৭৫৬ টকা৷ আনহাতে,কাৰ্বি আংলঙৰ সভাত ব্যৱহাৰ হ’বলগীয়া আল্ট্ৰা-ট্ৰেভেলাৰ,ছুমুসহ ৬,১৪৬খন বাহনৰ বিপৰীতে ব্যয় কৰিব ২৩,৮৯,৬১,৪৮৬ টকা৷ অৰ্থাৎ সকলো মিলাই ৰাজকোষৰ পৰা ব্যয় কৰা হ’ব সৰ্বমুঠ ২৯.৩৫ কোটি টকা৷ কেৱল ইমানেই নহয়,মোদীৰ সভালৈ অহা মানুহৰ খোৱা-বোৱাৰ বাবদো ব্যয় কৰা হ’ব বহু কোটি টকা৷ লক্ষণীয়ভাৱে ৰাজকোষৰ ধন ব্যয় কৰি বাছ অধিগ্ৰহণ কৰাৰ পাছত যাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হোৱাত বিভিন্নজনে চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ ওপৰতো ক্ষোভ ব্যক্ত কৰা দেখা যায়৷ প্ৰধানমন্ত্ৰীৰ সভাত মানুহৰ ভিৰ দেখুওৱাৰ প্ৰতিযোগিতাৰ নামত ৰাইজক কষ্ট দিয়াটো এজন দায়িত্বশীল মুখ্যমন্ত্ৰীৰ কৰ্ম নহয় বুলিও বিভিন্নজনে সাংবাদিকৰ আগত অসন্তুষ্টি ব্যক্ত কৰে৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অসম ভ্ৰমণ কৰিব৷ প্ৰধান মন্ত্ৰীজনে ডিব্ৰুগড়ৰ তিনিশখন বিছনাযুক্ত কেন্সাৰ হাস্পতালকে ধৰি সাতখন কেন্সাৰ হাস্পতাল উদ্বোধন কৰাৰ লগতে আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব৷ এই উপলক্ষে ডিব্ৰুগড়ত এখন বিশাল জনসভাৰ আয়োজন কৰা হৈছে৷ এই সভাত দুই লাখ জনতাৰ সমাৱেশ কৰাবলৈ বিজেপি চৰকাৰ,প্ৰশাসন আৰু বিজেপি দল উঠি-পৰি লাগিছে৷ সভালৈ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শক আনিবৰ বাবে বুজন সংখ্যক যান-বাহন অধিগ্ৰহণ কৰা হৈছে৷ উজনিৰ প্ৰায় সকলো বাছ প্ৰশাসনে আজিয়েই অধিগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ সেয়ে আজি উজনি অসমৰ বিভিন্ন স্থানৰ পৰা ডিব্ৰুগড়লৈ বাছ চলাচলত ব্যাঘাত জন্মে৷ উজনিৰ আন নগৰসমূহৰ মাজৰ যাতায়ততো ইয়াৰ প্ৰভাৱ পৰে৷ সেয়ে যোৰহাটকে ধৰি উজনি অসমত আজি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীলৈকে বিভিন্ন স্তৰৰ জনসাধাৰণৰ যাতায়তত ব্যাপক সমস্যাৰ সৃষ্টি হয়৷ আজি যোৰহাট  আৰু ডিব্ৰুগড়ৰ মাজত নগণ্য সংখ্যক বাছহে চলাচল কৰে৷ ফলত যোৰহাটৰ আন্তঃৰাজ্যিক বাছ আস্থান আৰু ৰাজহুৱা বাছ আস্থানত বহুসংখ্যক যাত্ৰীয়ে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়৷ যিকেইখন বাছ চলাচল কৰে সেই কেইখনত ঠেলা-হেঁচা কৰি অধিক যাত্ৰী যাবলৈ বাধ্য হয়৷ তদুপৰি,পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি যাত্ৰীৰ পৰা অধিক ভাৰা আদায় লোৱাৰো অভিযোগ উঠিছে৷ এনে পৰিস্থিতিত একাংশ যাত্ৰী গন্তব্য স্থানলৈ ৰাওনা হোৱাৰ পৰিৱৰ্তে স্বগৃহলৈ উভতি যাবলগীয়া উদ্ভৱ হয়৷

ডিব্ৰুগড় জিলা আৰু বৰাকৰ কাৰ্বি আংলং জিলাত এটা দিনতে আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত মুঠতে ১০ লাখ লোকৰ বিশাল সমাগম সুনিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা-কৰ্মীসকলে সমগ্ৰ ৰাজ্যজুৰি বিশেষকৈ যাত্ৰী পৰিবাহী বাছ আগতীয়াকৈ আজিৰে পৰা অধিগ্ৰহণ কৰাৰ ফলতে হাজাৰ-হাজাৰ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ৷ এনে এক পৰিস্থিতিত আজি পুৱাৰে পৰা সন্ধিয়ালৈ সমগ্ৰ ৰাজ্যজুৰি যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ যাবলৈ এখন বাছ বিচাৰি হাবাথুৰি খাব লগাত পৰে৷ এনেদৰে বাছ অধিগ্ৰহণৰ পূৰ্ণ প্ৰভাৱ পৰে যাতায়াতৰ দিশত উত্তৰ-পূৰ্বাঞ্চলৰ অঘোষিত ক’ৰিডৰস্বৰূপ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিতো৷ সততে প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা ৬মান বজালৈ ১০-১৫খন যাত্ৰীবাহী বাছ শাৰী পাতি থকা বাইহাটা চাৰিআলি চ’কত আজি পুৱা এই সময়খিনিত এখনো বাছ প্ৰত্যক্ষ নহ’ল৷ অস্বাভাৱিক এই পৰিস্থিতিৰ ফলত পুৱাই অঞ্চলটো যাত্ৰীৰে ভৰি পৰে৷