Logo
image

টৰণ্ট’ৱ’মেন ফিল্ম ফেষ্টিভেলত অসম কন্যাৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ

আমাৰ অসম,২৮ এপ্ৰিলঃ টৰণ্ট’ ইণ্টাৰনেশ্বনেল ৱ’মেন ফিল্ম ফেষ্টিভেলত উজ্বলিল অসম কন্যা৷ ফেষ্টিভেলত শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ নয়নমণি মূৰাই৷ নগাঁৱৰ কাষৰীয়া ধনতুলা চাহ বাগিচাৰ নৱম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰী নয়নমণি মূৰাই টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ সমাৰোহত আকাংক্ষা ভাগৱতী নিৰ্মিত চুটি ছবি ‘কুমু’ত কৰা অভিনয়ৰ বাবে অলপতে ‘শ্ৰেষ্ঠ যুৱ অভিনেত্ৰী’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ আকাংক্ষা ভাগৱতী নিৰ্মিত ‘কুমু– দ্য ছং অৱ এ উইংলেছ বাৰ্ড’শীৰ্ষক চুটি ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা নয়নমণিয়ে চাহবাগানৰ এজনী ১২ বছৰীয়া আদিবাসী কিশোৰীৰ চৰিত্ৰ ৰূপায়ণ কৰে,যিজনী কিশোৰীয়ে পৰিয়ালৰ সমস্যাৰ মেৰপাকত পৰি নিজৰ শিক্ষা, সৌন্দৰ্য,সকলো আশা,সপোন আৰু মুকলিমূৰীয়া জীৱনক জলাঞ্জলি দিবলৈ বাধ্য হৈছিল৷ চুটি ছবিখনত বিশেষকৈ অসমৰ চাহবাগান কিছুমানত ঘৰুৱা পৰিৱেশ,পৰিয়ালৰ অনাদৰ,অৱহেলাৰ মাজত বহুসংখ্যক ছোৱালীয়ে কিদৰে নিজৰ সপোনবোৰ হেৰুৱাই পেলাবলগীয়া হয়,তাকেই প্ৰস্ফুটিত কৰিবলৈ চেষ্টা কৰা হৈছে৷ নয়নমণিয়ে এই সম্পৰ্কে ‘আমাৰ অসম’ক কয়– ‘এয়া মোৰ বাবে এক অবিশ্বাস্য খবৰ৷ আকাংক্ষা ভাগৱতীৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত অভিনয় কৰিবলৈ যেতিয়া মোক কোৱা হৈছিল মই নিজেই ভাবি পোৱা নাছিলোঁ কোনো দিনে অভিনয়ৰ কোনো অভিজ্ঞতা নোহোৱাকৈ মই কিদৰে কেমেৰাৰ সন্মুখীন হ’ব পাৰিম৷ কিন্তু এতিয়া মই সুখী যে মই অভিনয় কৰিবলৈ সক্ষম হলোঁ৷’ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় মহিলা ছবি সমাৰোহ এনে এখন সমাৰোহ য’ত পৃথিৱীৰ মহিলা চিত্ৰনিৰ্মাতা সকলৰ দ্বাৰা,মহিলা প্ৰাধান্য চৰিত্ৰ,কাহিনীৰ ওপৰত নিৰ্মাণ কৰা ছবিসমূহক প্ৰাধান্য দিয়া হয়৷ উল্লেখ্য,চুটি ছবিখনে ইতিমধ্যে কেৰেলা ১৫সংখ্যক ছাইন্‌ছ ছবি সমাৰোহত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ চিত্ৰগ্ৰহণকাৰী চিদা বৰাৰ চিত্ৰগ্ৰহণেৰে,শব্দযন্ত্ৰী দেৱজিৎ গায়নৰ শব্দৰে,ৰং সংমিশ্ৰক সুৰজিৎ দুৱৰাৰ ৰঙৰ সংমিশ্ৰণেৰে আৰু বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাৰ সংগীতেৰে নিৰ্মিত ছবিখনৰ মূল গীতটো ৰচনা কৰিছে আকাংক্ষা ভাগৱতীৰ মাতৃ জাহ্নৱী ভাগৱতীয়ে৷