Logo
image

সুধাকণ্ঠৰ গীত আওৰাই বিজেপিক হুংকাৰ মহুৱাৰ

ৰিপুণৰ উদ্যোগত তৃণমূলত যোগদান সভা

আমাৰ অসম,২৮এপ্ৰিলঃ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ গীত আওৰাই বুধবাৰে বিজেপিক হুংকাৰ দিয়ে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই৷ অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ ৰুক্মিনীনগৰত অনুষ্ঠিত যোগদান সভাত ভাগ লৈ মৈত্ৰই কয়– মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই দেশবাসীক অতিষ্ঠ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে যদি মূল্যবৃদ্ধি কমাব নোৱাৰে কোনে কমাব? কিন্তু মূল্যবৃদ্ধি, নিবনুৱা সমস্যাক লৈ বিজেপি চৰকাৰ নিমাত৷ যি সময়ত ৰাজ্যবাসী বা দেশবাসীয়ে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যাৰ প্ৰশ্ন তোলে সেই সময়ত বিজেপিতে উলিয়াই কোনে হনুমান জয়ন্তী অনুষ্ঠিত কৰিলে,কোনে মাইকত কথা ক’ব বা কোনে মাইকত কথা ক’ব নোৱাৰিব৷ তৃণমূল কংগ্ৰেছে যিধৰণে বিৰোধীৰ ভূমিকা লৈছে দেশত থকা কোনো দলে নলয়৷ তৃণমূলৰ দৰে কোনো বিৰোধী নাই যি মূল্যবৃদ্ধি,নিবনুৱা সমস্যাক লৈ চৰকাৰক প্ৰশ্ন কৰে৷ এইবোৰ বিষয়ত কোনেও কিয় প্ৰশ্ন নকৰে? যিদিনা দেশবাসীয়ে মূল্যবৃদ্ধিৰ বিষয়ে,নিবনুৱা সমস্যাৰ বিষয়ে বুজি পাব সেইদিনা একেলগে ওলাই আহিব৷ উত্তৰ আৰু পূব ভাৰতত যদি বিজেপি দুৰ্বল হয় বিজেপি দিল্লীৰ পৰা নামিব লাগিব৷ বিজেপিৰ দিনত দেশত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে বিধায়ককো ৰাখিব নোৱাৰা হৈছে৷ ৰাজ্যসভাত কি হ’ল? য’ত বিধায়কক দলে ৰাখিব নোৱাৰে তাত গণতন্ত্ৰ ৰক্ষা হ’ব কেনেকৈ? বিকল্প কি? দেশবাসীক শক্তিশালী আৰু উপযুক্ত বিকল্প দিবলৈ আগবাঢ়ি আহিছোঁ তৃণমূল কংগ্ৰেছ৷ দেশত প্ৰকৃত গণতন্ত্ৰৰ ভেটি স্থাপন কৰিবলৈ সংকল্প লৈছে তৃণমূল কংগ্ৰেছে৷ অনুষ্ঠানত ভাগ লৈ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কয়– অসম-মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা বুলি চৰকাৰে দাবী কৰিছে৷ ক’ত সমাধান হৈছে সীমা সমস্যা? ‘গিভ এণ্ড টেক’ নীতি লোৱা মানে সমস্যা সমাধান নেকি? অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা অসম চুক্তিখনক নস্যাৎ কৰি ‘কা’ আনিলে৷ অসম চুক্তি ৰূপায়ণ কি হ’ল? দেশত এনে পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যে ভাল মানুহ ৰাজনীতিলৈ আহিব নিবিচৰা হৈছে৷ এয়া অতি দুৰ্ভাগ্যজনক৷ প্ৰাক্তন অগপ মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰী,কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰা অনুষ্ঠানটোত পৌৰোহিত্য কৰি অসম তৃণমূল কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ৰিপুণ বৰাই কয়– বিজেপিৰ নেতৃত্বত চলা অত্যাচাৰী শাসনৰ পৰা ৰাজ্যবাসীয়ে পৰিত্ৰান বিচাৰিছে৷ তৃণমূল কংগ্ৰেছৰ ন-পুৰণি নেতা-কৰ্মী আজি ঐক্যবদ্ধভাৱে ওলাই আহিছে৷ অসম তৃণমূল কংগ্ৰেছ তৃণমূলৰ কৰ্মীৰ নিৰ্দেশত চলিব৷ কোনো নেতা বা ব্যক্তি বিশেষৰ মতে নচলে৷ তৃণমূল কংগ্ৰেছৰ ডিএনএ কেডাৰ৷ অনুষ্ঠানত ভাগ লৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী,ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে কয়– কংগ্ৰেছ আৰু ইউ ডি এফ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত চলে৷ অগপ এতিয়া বিজেপিৰ সংখ্যালঘূ কোষত পৰিণত হৈছে৷ বিজেপিত পুৰণি কৰ্মীৰ মৰ্যাদা নাই৷ বিজেপিয়ে এতিয়া দেশত চলাইছে কেৱল বিভাজনৰ ৰাজনীতি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবছৰত গণি গণি ১ লাখ চাকৰি দিম বুলি কৈছিল৷ কেইজনক চাকৰি দিলে? গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন বিধায়কক দুবাৰ গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাইছে৷ দেশত উদ্যোগীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে হিন্দুস্তান কাগজ কল বিক্ৰী কৰি দিলে৷ এইবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বিজেপিয়ে৷