Logo
image

অসমবাসীক ব’হাগৰ শ্ৰেষ্ঠতম উপহাৰ

প্ৰধানমন্ত্ৰী, টাটাৰ উপস্থিতিত ৰাজ্যৰ ৭ ঠাইত কেন্সাৰ হাস্পতাল উদ্বোধন, আধাৰশিলা

আমাৰ অসম,২৯ এপ্ৰিলঃ অসমবাসীক ব’হাগৰ শ্ৰেষ্ঠতম উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ একেদিনাই প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰা ৰাজ্যৰ ৭খন কেন্সাৰ হাস্পতাল উদ্বোধন কৰাৰ লগতে আন ৭ খন নতুন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে৷ দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ সৈতে প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী সম্পন্ন কৰে৷ এক কথাত ক’বলৈ গ’লে– আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী৷ ডিফুত এখন জনসভাত ভাষণ দি দুপৰীয়া প্ৰায় ১.৪২ বজাত ডিব্ৰুগড়ৰ হিলৈধাৰীত স্থাপন কৰা অস্থায়ী হেলিপেডত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ৷ পোনে পোনে প্ৰধানমন্ত্ৰী উপস্থিত হয় অসম চিকিৎসা মহাবিদ্যালয়ত৷ তাতে তেওঁ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰা ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰত উপস্থিত হয় আৰু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ইয়াৰ পাছতে তেওঁ হাস্পতালখন পৰিদৰ্শন কৰে৷ প্ৰায় দহ মিনিট হাস্পতালখন পৰিদৰ্শন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে একেটা বাটেৰে গৈ হিলৈধাৰী অস্থায়ী হেলিপেডৰ পৰা হেলিকপ্টাৰেৰে খনিকৰ জনসভালৈ উৰা মাৰে৷ ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ক্ৰমে বৰপেটা,তেজপুৰ,লখিমপুৰ,যোৰহাট,দৰং আৰু কোকৰাঝাৰত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা দ্বিতীয় পৰ্যায়ৰ অত্যাধুনিক কেন্সাৰ হাস্পতাল উদ্বোধন কৰে৷  ইয়াৰ উপৰি ধুবুৰী,নলবাৰী,গোৱালপাৰা,নগাঁও,শিৱসাগৰ,তিনিচুকীয়া আৰু গোলাঘাটত নিৰ্মাণ হ’বলগীয়া নতুন কেন্সাৰ হাস্পতালৰ নিৰ্মাণকাৰ্য আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ উল্লেখ্য যে,অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে ৰাজ্যপাল জগদীশ মুখী,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আদিয়ে৷ ডিব্ৰুগড়ৰ খনিকৰৰ বিশাল ৰাজহুৱা সভাত অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়– ‘প্ৰথমতে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ৷’ ভাৰত ৰত্ন তথা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক স্মৰণ কৰি প্ৰধান মন্ত্ৰীয়ে আওৰালে সুধাকণ্ঠৰ কালজয়ী গীত– ‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ,অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণ জীৱনৰ ই সাহ৷’নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে,ঐতিহাসিক ডিব্ৰুগড় চহৰত  বিকশিত অসমৰ অংশীদাৰ হ’বলৈ পাই নিজকে তেওঁ গৌৰৱ অনুভৱ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়– এইখন অসম অজস্ৰ বীৰৰ দেশ৷ সেই বীৰসকলক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷ ইফালে অসমত দ্ৰুতগতিত বৃদ্ধি পোৱা কেন্সাৰ ৰোগক লৈ প্ৰধান মন্ত্ৰীজনে উদ্বেগ প্ৰকাশ কৰি কয়, কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহত কেন্সাৰ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ মাজত এই ৰোগে দ্ৰুতগতিত শিপাবলৈ আৰম্ভ কৰিছে৷ কেন্সাৰৰ এই পৰিস্থিতিৰ মাজতে টাটা ট্ৰাষ্টৰ সহযোগিতাত অসম চৰকাৰে অসমত ১৭ খনকৈ কেন্সাৰ হাস্পতাল নিৰ্মাণেৰে মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷ সেইদৰে কেন্সাৰৰ দৰে বৃহৎ প্ৰত্যাহ্বানক হৰুৱাবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ গতিত কাম কৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷ ইংৰাজীৰ পৰিৱৰ্তে মাতৃভাষাৰ মাধ্যমতে মেডিকেল পঢ়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে মোদীয়ে৷ দুখীয়া ছাত্ৰ-ছাত্ৰীয়েও যাতে মেডিকেল পঢ়াৰ সুযোগ পায় ইয়াৰ বাবেই মাতৃভাষাত মেডিকেল শিক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিব বিচৰাসকলক চৰকাৰে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰি স্বাস্থ্য খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে যৌথ প্ৰচেষ্টাৰে বিভিন্নধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী জনঔষধি যোজনাৰ জৰিয়তে সূলভ মূল্যত ঔষধৰ যোগান ধৰা,আয়ুস্মান ভাৰতৰ জৰিয়তে কৰ্কটৰ দৰে জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক সাহায্য প্ৰদান কৰাৰ দৰে ব্যৱস্থাবোৰ কেন্দ্ৰীয় চৰকাৰে কৰিছে৷ মোদীয়ে কয় যে,ৰাজ্য চৰকাৰে বাগিচাৰ শ্ৰমিকসকলৰ বাবে বিনামূলীয়া ৰেচন, জনধন যোজনা,শিক্ষাৰ বাবে বিদ্যালয় স্থাপন,চিকিৎসালয় স্থাপন আদিৰ দৰে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয়৷ এই বিকাশৰ যাত্ৰাত কোনোৱেও বাদ পৰি নাথাকে৷ সৱকা সাথ,সৱকা বিকাশ ঔৰ সৱকা প্ৰয়াসৰ নীতিৰে দেশক বিকাশৰ পথেৰে লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত আছে৷  তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অসম-মেঘালয় সীমান্ত বিবাদ সম্পৰ্কে কয় যে বিজেপি চৰকাৰে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তি কৰিছে৷ এয়া এক আদৰ্শ বুলি উল্লেখ কৰি তেওঁ বাকী ৰাজ্যসমূহেও চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাৰ বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে৷ মোদীয়ে লগতে কাৰ্বি আংলঙৰ ৬ টাকৈ উগ্ৰপন্থী সংগঠন আলোচনাৰ মাজলৈ অহা, ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কথা উল্লেখ কৰে৷ জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দক্ষিণ পূৱ এছিয়াৰ ভিতৰতে বৃহৎ কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ হ’ব অসম৷ অসমত ১৭ খনকৈ কেন্সাৰ হাস্পতাল নিৰ্মাণত সহযোগিতা কৰা অসম বৈভৱ ৰতন টাটাৰ এই বদান্যতাক অসমে সদায়েই স্মৰণ কৰি থাকিব বুলি উল্লেখ কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে নতুন গতি লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি অসমত জ্জ্বখন মেডিকেল কলেজ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি আৰু ২৪খন মেডিকেল কলেজ নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিডৰ সময়ত অসম আৰু উত্তৰ-পূৱক যথেষ্ট মৰম দিছিল বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীৰ এই মৰম অসমে কোনো দিনে নাপাহৰে বুলিও প্ৰকাশ কৰে ড॰ শৰ্মাই৷ অনাগত দিনত ভাৰতৰ উন্নয়নমূলক ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম ৰাজ্য হিচাপে পৰিগণিত হ’ব বুলিও মন্তব্য কৰিছে৷ একেটা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে নতুন দিল্লীত লাচিত দিৱস অনুষ্ঠিত কৰাৰ কথা প্ৰধানমন্ত্ৰীক অৱগত কৰি উক্ত অনুষ্ঠানলৈ ৰাজহুৱাভাৱে নিমন্ত্ৰণ জনায়৷ ইফালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আঁদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কয় যে, কংগ্ৰেছৰ দিনত দিল্লীলৈ বহু দূৰ হোৱা ধাৰণা বিজেপিয়ে শাসনলৈ আহিয়েই মানুহৰ মগজুৰ পৰা আঁতৰাই দিলে৷ কংগ্ৰেছৰ দিনত চৰম উপেক্ষা কৰা হৈছিল উত্তৰ-পূৱক৷ কিন্তু ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পাছত উন্নতিৰ দিশে গতি কৰিছে৷ মোদীয়ে উত্তৰ পূৱক বহুত দিছে৷ প্ৰধানমন্ত্ৰীৰ এই সন্মান আমাৰ বাবে সদায়েই স্মৰণীয় হৈ থাকিব৷ অসম তথা উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ৮ বছৰীয়া কাৰ্যকালত লাখ কোটি টকা পুঁজি আৱণ্টন দি উত্তৰ-পূৱক বিকাশৰ গতিৰে আগবঢ়াই লৈ গৈছে৷ অসমীয়াৰ স্বাভিমান ঢোল,পেপা,গামোচা,জাপিক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰি অসমীয়া জাতিক উপযুক্তভাৱে সন্মান প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেইদৰে উত্তৰ পূৱত শান্তি ঘূৰাই আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উল্লেখ্য যে, এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যপাল জগদীশ মুখী, দেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,অভিভাৱক মন্ত্ৰী অতুল বৰা,বিত্ত মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী বিমল বৰা,সঞ্জয় কিষাণ সাংসদ প্ৰদান বৰুৱা,বিধায়ক প্ৰশান্ত ফুকন,টেৰছ গোৱালা,তৰংগ গগৈ,পোনাকন বৰুৱা,চক্ৰধৰ গগৈ,বিনোদ হাজৰিকা আদিকে ভালেকেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্বি আংলং জিলাৰ লৰিংথেপিত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে৷ ডিমাপুৰ বিমানবন্দৰৰ পৰা মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীক হাওৰাঘাট বিধানসভা সমষ্টিৰ লৰিংথেপিৰ সভাস্থলীলৈ আদৰি আনে৷ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি,অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা,যোগেন মহন,সাংসদ হৰেণছিং বে’,অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন,জিলাখনৰ আন বিধায়কসকল  উপস্থিত থকা মঞ্চত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক কাৰ্বি পৰম্পৰাগত পহ’,চইহংথৰ [জেকেট],কাৰ্বি ধৰ্মীয় পৰম্পৰাৰ প্ৰতীক জাম্বিলি আথুন প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ প্ৰধানমন্ত্ৰীক কাৰ্বি আংলং জিলালৈ আদৰণি জনাই ভাষণ প্ৰদান কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলা ভ্ৰমণলৈ অহাৰ বাবে সমগ্ৰ জিলাবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইয়াৰ লগতে পাৰ্বত্য জিলাত শান্তি স্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় ৰংহাঙে৷ ৬টা উগ্ৰপন্থীৰ সংগঠনৰ সৈতে হোৱা শান্তি চুক্তি আখৰে আখৰে পালন কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ ইয়াৰ লগতে জিলাখনৰ বাবে ঘোষণা হোৱা সকলো আঁচনি শীঘ্ৰে ৰূপায়ণ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ তেওঁ তিনিখন পাৰ্বত্য জিলাক সামৰি দীৰ্ঘদিনীয়া দাবী অনুচ্ছেদ ২৪৪ [ক]ৰ অধীনত স্বায়ত্ত শাসন প্ৰদান কৰি পাৰ্বত্য জিলাবাসীক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দীত ভাষণ আৰম্ভ কৰি কাৰ্বি আংলং জিলাক বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনস্থলী আখ্যা দিয়ে৷ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এই ভূমিলৈ প্ৰধানমন্ত্ৰীক তেওঁ স্বাগতম জনায় আৰু তেওঁৰ ভ্ৰমণে নতুন উৰ্জাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে৷ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি ‘‘ডিফু হ’ল তোমাৰে নাম হ’ল’’ গীতৰ কলি আওৰাই কাৰ্বি জাতিৰ স্ব-মহিমা বৰ্ণনা কৰে মুখ্যমন্ত্ৰীয়ে৷ ৬টা উগ্ৰপন্থী সংগঠনৰ সৈতে চুক্তিৰ পাছত স্থাপন হোৱা এই ঐক্য-শান্তি,বিকাশৰ এই ধাৰা চৰকাৰে বৰ্তাই ৰাখিব বুলিও তেওঁ মন্তব্য কৰে৷ ২০১৪ চনৰ পৰা কাৰ্বি আংলং জিলা উন্নয়নৰ নতুন শিখৰলৈ গতি কৰিছে বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰে জিলাখনৰ উন্নয়নৰ বাবে একাগ্ৰতাৰে কাম কৰি আহিছে বুলিও উল্লেখ কৰে৷ আজিৰ দিনটো কাৰ্বি আংলঙৰ ইতিহাসে সদায় স্মৰণ কৰিব বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত বহু ৰাজ্যৰ তুলনাত কাৰ্বি আংলং জিলাত উন্নয়নমূলক আঁচনি ৰূপায়ণ হৈছে বুলি উল্লেখ কৰি এই উন্নয়নে জিলাখনক সমগ্ৰ ৰাজ্যৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিছে বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে অসমৰ ৬০ শতাংশ স্থানৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙৰ ‘তিমিৰা চন্ন কাৰ্বি আংলং’ কবিতা আওৰাই  নিজৰ ভাষণ সামৰণি মাৰে৷ ইয়াৰ  পাছতেই প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙৰ কলঙাত কৃষি মহাবিদ্যালয়,মাঞ্জাত পশু চিকিৎসা মহাবিদ্যালয় আৰু পশ্চিম কাৰ্বি আংলঙৰ ওমপানাইত আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ভাৰ্চুৱেল পদ্ধতিৰে৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে মুঠ ২,৯৮৫টা জলাশয়ৰ প্ৰকল্প অমৃত সৰোবৰ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্বি ভাষাত বিশাল জনসভাক সম্বোধন কৰি ভাষণ আৰম্ভ কৰি জিলাখনলৈ আহি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰা যেন অনুভৱ হোৱা বুলি মন্তব্য কৰে৷ জনতাৰ উৎসাহ-উমংগৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ দেশে ৭৫সংখ্যক আজাদী কা অমৃত উৎসৱ উদ্‌যাপন কৰি থকাৰ সময়তে অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী আমি পালন কৰি আছোঁ বুলি উল্লেখ কৰি তেওঁক ৰাষ্ট˜শক্তিৰ প্ৰতীক আৰু প্ৰেৰণা আখ্যা দিয়ে৷ বীৰগৰাকীক মই সেৱা জনাইছোঁ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ ৰাজ্যত ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰৰ কথা উল্লেখ কৰি কয় যে, ডাবল ইঞ্জিনৰ চৰকাৰ য’তেই থাকক সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস ভাৱনাৰে কাম কৰা হয়৷ এই ভৰষা পুনৰ এই ভূমিৰ পৰা অধিক শক্তিশালী হ’ল৷ শান্তি চুক্তিৰ দফাসমূহ কাৰ্যকৰীকৰণৰ কাম জোৰদাৰ গতিত চলি আছে৷ এই আধাৰশিলাসমূহ কেৱল আন্তঃগাঁথনিৰ আধাৰশিলা নহয় বুলি উল্লেখ কৰি ইয়াক নতুন প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ শিলান্যাস আখ্যা দিয়ে৷ এনে উচিত পদক্ষেপেৰে দুখীয়া শ্ৰেণীৰ জনতাই নিজৰ সন্তানক উচ্ছ শিক্ষা দিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ শান্তি চুক্তিৰ আন দিশসমূহৰ ক্ষেত্ৰতো অসম চৰকাৰে কাম কৰি থকা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ আজাদী কা অমৃত মহোৎসৱৰ সংকল্পসমূহৰ ভিতৰত দেশৰ অমৃত সৰোবৰ অন্যতম বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ কিছুদিন পূৰ্বে মই জম্মু আৰু কাশ্মীৰলৈ গৈ এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছিলোঁ বুলি উল্লেখ কৰে৷ অসমত আজিৰে পৰা এই প্ৰকল্পৰ শুভাৰম্ভ হোৱাত মই সুখী বুলিও তেওঁ উল্লেখ কৰে৷ এই প্ৰকল্প জনজাতিসকলৰ জীৱনৰ আধাৰত আধাৰিত বুলি উল্লেখ কৰি ই দেশৰ জনতাৰ মাজত পানীৰ নাটনি হ্ৰাস কৰাৰ লগতে জীৱিকা উপাৰ্জনৰো আহিলা হ’ব বুলি উল্লেখ কৰি কয় যে কাৰণ অসমৰ মানুহে মাছ প্ৰচুৰ পৰিমাণে আহাৰৰ অংশৰূপে গ্ৰহণ কৰে৷ ২০১৪ চনৰ পাছত উত্তৰ পূৰ্বাঞ্চলত অসুবিধা কম হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে উত্তৰ পূবলৈ এতিয়া দেশৰ আন প্ৰান্তৰ মানুহ আহিলে ইয়াৰ ৰূপ সলনি হোৱা দেখি আপ্লুত হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা মই এজন মানুহ, ভাতৃ, পিতৃৰূপে অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ৷ মোক এই অঞ্চলৰ জনতাই বুদ্ধিৰে নহয় অন্তৰেৰে চুই গৈছে বুলিও তেওঁ মন্তব্য কৰে৷ আপোনালোকে প্ৰদান কৰা এনে সদিচ্ছাই মন মোহিত কৰি যায়৷ এনে ভাৱনা, সপোনৰ বাবে আমি সকলোৱে মিলি সংকল্পবদ্ধ হৈ কাম কৰি আগুৱাই যাম৷ আমাৰ দশক পুৰণি সমস্যা এতিয়া সমাধা হৈছে৷ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত বোমা-বাৰুদৰ শব্দৰ সলনি এতিয়া হাত চাপৰিৰ শব্দ শুনা যায়৷ ২০২০ বৰ্ষৰ বড়ো উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তিয়ে  উত্তৰ-পূৰ্বাঞ্চললৈ স্থায়ী শান্তিৰ দুৱাৰ মুকলি কৰা বুলি তেওঁ উল্লেখ কৰে৷ ডেৰ দশক ধৰি চলি থকা অশান্তিয়ে এই চুক্তিৰ পাছতেই বিৰাম লাভ কৰিলে৷ হিংসা-অশান্তিৰ সকলোতকৈ বেছি চিকাৰ হৈছে আমাৰ মাতৃ আৰু নাৰী সমাজ বুলি উল্লেখ কৰি অস্ত্ৰ ত্যাগ কৰি মাতৃ,পত্নী,সন্তানৰ কাষ চাপোতে এইসকলৰ চকুত যি অবুজ ভাষা ফুটি উঠে সিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা যোগায় বুলিও প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰে৷ এই সন্তোষক মই আশীৰ্বাদৰ অনুভূতি বুলি অনুভৱ কৰোঁ৷ ইমান বৃহৎসংখ্যক মাতৃ আৰু মহিলাৰ উপস্থিতিয়ে আজি শান্তিৰ বাৰ্তা বহন কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰি অহাৰ লগে লগে আমাৰ চৰকাৰে পুৰণি নিয়মো এতিয়া সলনি কৰিলে৷ ইয়াৰ উদাহৰণ হ’ল বহু দশক ধৰি বাহাল থকা আফস্পা আইন প্ৰত্যাহাৰ হোৱাটো বুলি তেওঁ উল্লেখ কৰে৷ স্থায়ী শান্তি আৰু আইন-শৃংখলাৰ সন্তোষজনক পৰিস্থিতিয়ে বিগত জ্জ্ব বছৰত উত্তৰ-পূৰ্বাঞ্চলত ৭৫ শতাংশ অসূয়া-অশান্তি দূৰ কৰিলে বুলিও তেওঁ মন্তব্য কৰে৷ পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰে পৰিস্থিতি অধিক দ্ৰুতগতিত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ আন্তঃৰাজ্য সীমা বিবাদৰ উল্লেখ কৰি তেওঁ কয় আন্তঃৰাজ্যিক সীমা বিবাদ এতিয়া নিষ্পত্তি কৰা হৈছে৷ অসম-মেঘালয়ৰ মাজৰ সীমা বিবাদ মীমাংসাই আন ৰাজ্যৰ ক্ষেত্ৰতো উৎসাহৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ শাসনৰ বিকেন্দ্ৰীকৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় শাসনক সদায়ে অগ্ৰাধিকাৰ দি অহা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেই হওক বা অন্য স্ব-শাসনেই হওক আমি গুৰুত্ব দি আহিছোঁ৷ ৰাষ্ট˜ৰ বিকাশৰ বাবে,ৰাজ্য,গাঁও,নগৰৰ বিকাশ গুৰুত্বপূৰ্ণ৷ সেয়ে আমি ইয়াক প্ৰাধান্য দিছোঁ৷ পূৰ্বে সকলো সিদ্ধান্ত দিল্লীত হৈছিল৷ এতিয়া অধিক সিদ্ধান্ত আমি ইয়াতে লওঁ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে,ই দুখীয়া-নিচলাৰ বাবে দয়া নহয়,চৰকাৰৰ গৰীৱৰ বাবে এক সপোন৷ চৰকাৰে প্ৰদান কৰা ধন নিজ নিজ একাউণ্টত সোমোৱাৰ পাছত দেশৰ জনতাই নিজ ইচ্ছামতে,দেশৰ ভৌগোলিক পৰিস্থিতিসাপেক্ষে বাসগৃহ নিৰ্মাণ কৰি গৌৰৱেৰে নিজৰ বাসস্থান লাভ কৰিব পাৰে৷ দেশৰ ৪০ শতাংশ লোকে এতিয়া পাইপেৰে খোৱাপানী লাভ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ নাগৰিকেও অতিশীঘ্ৰে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে কাৰ্বি আংলঙৰ চাৰু কলা,বস্ত্ৰশিল্প আদিৰ স্বকীয়তা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয়সকলৰ এই কলা দেশৰ ধৰোহৰ৷ জনজাতীয় এই স্থানীয় উৎপাদন সকলো সময়তে আমি উৎসাহিত কৰিছোঁ ইয়ে হ’ল ‘ভকেল ফ’ৰ লকেল’ কাৰ্বি আংলঙেও এতিয়া প্ৰগতিৰ গতি লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই গতিত আমি পূৰ্ণতাৰে আপোনালোকৰ লগত আছোঁ বুলি মন্তব্য কৰে৷