Logo
image

‘জীৱনৰ শেষ সময়খিনি ৰাইজৰ সুস্বাস্থ্যৰ বাবে দিছোঁ’

টাটাৰ প্ৰতি কৃতজ্ঞ অসমবাসী

আমাৰ অসম, ২৯ এপ্ৰিলঃ অসমক যে প্ৰাণ ভৰি ভাল পায় প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনত কেন্সাৰৰ চিকিৎসা সহজলভ্য কৰিবলৈ বিশাল অভিলাসী আঁচনি হাতত লোৱা কথাই প্ৰমাণ কৰে৷ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত বিশাল জনসভাত অসুস্থ দেহাৰে টাটা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত স্থাপিত ৭খন কেন্সাৰ হাস্পতাল উদ্বোধনী অনুষ্ঠানত ভাগ লয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানত ভাগ লৈ তেওঁ ৰাজ্যবাসীক উদ্দেশ্যি কয়– আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে অতি উল্লেখযোগ্য দিন৷ অসমৰ স্বাস্থ্যখণ্ডৰ বাবে আজিৰ দিনটোত উন্নত চিকিৎসাৰ এটা পদক্ষেপৰ সূচনা হ’ল৷ কেন্সাৰ ৰোগৰ বিশ্বমানৰ সেৱাৰে জিলিকিব অসমে৷ দেশৰ নিচান উৰুওৱাৰ লগতে উন্নত স্বাস্থ্য সেৱাৰে উজলিব সৰু ৰাজ্যখন৷ অসমত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে যি প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰা হ’ল যি ধৰণৰ প্ৰকল্প দেশৰ আন কোনো ৰাজ্যত আৰম্ভ হোৱা নাই৷ এটা কথা নিশ্চিত যে কেন্সাৰ ৰোগৰ চিকিৎসা কেৱল ধনী লোকৰ বাবে হৈ আহিছে৷ দেশৰ হাজাৰ হাজাৰ লোক কেন্সাৰৰ চিকিৎসা নোপোৱাকৈয়ে থাকি যায়৷ এই কথা উপলব্ধি কৰিয়ে মই মোৰ জীৱনৰ শেষ সময়খিনি ৰাইজৰ সুস্বাস্থ্যৰ বাবে দিছোঁ৷ অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তোলক যাতে সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে৷ অসমৰ স্বাস্থ্য খণ্ডত এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব আজিৰ দিনটোত৷ এতিয়াৰে পৰা কৰ্কট ৰোগীসকলক চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগিব৷ অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্যত উপলব্ধ হ’ব অত্যাধুনিক প্ৰযুক্তি সম্পন্ন কেঞ্চাৰ ৰোগৰ চিকিৎসা৷ এই মানৱ সেৱাৰ সুবিধা দিয়াৰ বাবে মই বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব খুজিছোঁ৷ অসমে এতিয়াৰে পৰা এক নতুন দিগন্তৰ বাটেৰে গতি কৰিব৷ প্ৰসিদ্ধ উদ্যোগপতি জনে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে৷ উল্লেখ্য,অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত গঠন কৰা হৈছিল আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন৷ ফাউণ্ডেছনৰ উদ্যোগত ৰাজ্যত ১৯টা আধুনীক কেন্সাৰ কেয়াৰ সুবিধাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত কৰা হৈছিল৷ ২০১৭ চনৰ পহিলা জুনত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত সম্পন্ন হৈছিল বুজাবুজিৰ চুক্তি৷ উক্ত চুক্তি অনুসৰি অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত অত্যাধুনিক সা-সুবিধাসহ অনকোল’জিৰ বিভাগৰ ১০০ খনকৈ বিচনাৰ ব্যৱস্থা কৰা হৈছে৷ লখিমপুৰ,ধুবুৰী আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত পৃথক অনকোল’জি বিভাগ আৰম্ভ কৰিবলৈ চুক্তিবদ্ধ হৈছিল ট্ৰাষ্ট৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰে ভূমি আৰু মানৱ সম্পদৰ ব্যৱস্থা কৰাৰ বিপৰীতে ট্ৰাষ্টে সকলো সা-সৰঞ্জাম যোগান ধৰাৰ বাবে চুক্তিবদ্ধ হৈছিল৷ ইয়াৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী নিয়োগ কৰাৰ দায়িত্ব ৰাজ্য চৰকাঅসমক যে প্ৰাণ ভৰি ভাল পায় প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনত কেন্সাৰৰ চিকিৎসা সহজলভ্য কৰিবলৈ বিশাল অভিলাসী আঁচনি হাতত লোৱা কথাই প্ৰমাণ কৰে৷ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত বিশাল জনসভাত অসুস্থ দেহাৰে টাটা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত স্থাপিত ৭খন কেন্সাৰ হাস্পতাল উদ্বোধনী অনুষ্ঠানত ভাগ লয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানত ভাগ লৈ তেওঁ ৰাজ্যবাসীক উদ্দেশ্যি কয়– আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে অতি উল্লেখযোগ্য দিন৷ অসমৰ স্বাস্থ্যখণ্ডৰ বাবে আজিৰ দিনটোত উন্নত চিকিৎসাৰ এটা পদক্ষেপৰ সূচনা হ’ল৷ কেন্সাৰ ৰোগৰ বিশ্বমানৰ সেৱাৰে জিলিকিব অসমে৷ দেশৰ নিচান উৰুওৱাৰ লগতে উন্নত স্বাস্থ্য সেৱাৰে উজলিব সৰু ৰাজ্যখন৷ অসমত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে যি প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰা হ’ল যি ধৰণৰ প্ৰকল্প দেশৰ আন কোনো ৰাজ্যত আৰম্ভ হোৱা নাই৷ এটা কথা নিশ্চিত যে কেন্সাৰ ৰোগৰ চিকিৎসা কেৱল ধনী লোকৰ বাবে হৈ আহিছে৷ দেশৰ হাজাৰ হাজাৰ লোক কেন্সাৰৰ চিকিৎসা নোপোৱাকৈয়ে থাকি যায়৷ এই কথা উপলব্ধি কৰিয়ে মই মোৰ জীৱনৰ শেষ সময়খিনি ৰাইজৰ সুস্বাস্থ্যৰ বাবে দিছোঁ৷ অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তোলক যাতে সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে৷ৰৰ৷ আনহাতে, প্ৰশিক্ষণৰ দায়িত্ব আছিল ট্ৰাষ্টৰ৷ ৰাজ্যত উন্নত মানৰ কেন্সাৰ চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ উপৰি প্ৰাৰম্ভিক পৰ্যায়তে যাতে কেন্সাৰ চিনাক্ত কৰা আৰু উন্নত চিকিৎসা প্ৰদানৰ বাবে আন্তঃগাঠনি নিৰ্মাণ কৰাই আছিল ফাউণ্ডেছনৰ লক্ষ্য৷ অসমৰ দৰে ৰাজ্যত প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই ১৪ খন কেন্সাৰ হাস্পতাল স্থাপন কৰিবলৈ উদ্যোগ লোৱা বাবে কৃতজ্ঞ হৈ পৰিছে ৰাজ্যবাসী৷ ৰাজনীতিৰ উদ্ধৰ্ত থাকি সকলো শ্ৰেণীৰ লোকে বিভিন্ন ছ’চিয়েল মিডিয়া যোগে কৃতজ্ঞতাৰে ওপচাই দিছে বৰেণ্য উদ্যোগপতিগৰাকীক৷

অসম চৰকাৰৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেছন আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত আজি ৰাজ্যৰ সাতখন জিলাত কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷  ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে একে সময়তে ধুবুৰী,নলবাৰী,গোৱালপাৰা,নগাঁও,তিনিচুকীয়া, গোলাঘাট আৰু শিৱসাগৰত কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷ নলবাৰীৰ ঘগ্ৰাপাৰৰ নিকটৱৰ্তী দক্ষিণ গাঁৱত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন হ’ব লগা কৰ্কট প্ৰতিষ্ঠানৰ শিলান্যাস কৰা হয়৷ এই উদ্দেশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাত সাংসদ কুইন ওজা,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা আদিকে ধৰি দলীয় শীৰ্ষনেতা আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে৷ আনহাতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি ভাৰ্চুৱেল মাধ্যমযোগে কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা সম্পন্ন কৰে৷ এই উপলক্ষে অনুষ্ঠিত শিলান্যাস অনুষ্ঠানৰ অঞ্চলটোৰ দুশৰো অধিক লোক উপস্থিত থাকে৷ অনুষ্ঠানত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জিলা প্ৰশাসনৰ মুৰব্বী উপস্থিত থাকে৷ আগন্তুক দুবছৰৰ ভিতৰত আটাইকেইখন কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী পেগুৱে৷ আনহাতে ধুবুৰীতো আজি কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়৷ নৱ নিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপতে নিৰ্মাণ হ’ব কৰ্কট প্ৰতিষ্ঠানখন৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই  বুটাম টিপি আধাৰশিলাৰ ফলক মুকলি কৰে৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও উপস্থিত থাকে৷ 

গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত  প্ৰস্তাৱিত কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা কাৰ্যসূচী প্ৰত্যক্ষ কৰে উপস্থিত ৰাইজে৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশ লয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসে৷ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া,সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও উক্ত অনুষ্ঠানত উপস্থিত থাকে৷ আনহাতে, বৰপেটা,নগাঁও,মঙলদৈ আৰু কোকৰাঝাৰতো ভাৰ্চুৱেল মাধ্যমযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷