Logo
image

ক’ৰ পৰা আহিল ৰং-বিৰঙী ছাতি

আমাৰ অসম,২৯ এপ্ৰিলঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুগ্ধ কৰিলে মানতাই জনগোষ্ঠীৰ আটকধুনীয়া ছাতিয়ে৷ কাৰ্বি আংলং জিলাৰ লৰিংথেপিৰ অস্থায়ী হেলিপেডৰ পৰা প্ৰধানমন্ত্ৰীক আদৰিবলৈ উপস্থিত হৈছিল কাৰ্বি,কুকি,ৰেংমা,গাৰো,বিহু দল,তিৱা,বড়ো,মানতাই,মণিপুৰী, গোৰ্খা,বঙালী,ডিমাছা,মিজো,থাডৌ,জয়ন্তীয়াকে ধৰি ২৩টা জনগোষ্ঠীৰ ১৮,৫০০ শিল্পী৷ প্ৰতিটো জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ পৰম্পৰাগত সাজ-পোছাকে মুগ্ধ কৰে প্ৰধানমন্ত্ৰী মোদীক৷ সকলো জনগোষ্ঠীৰ সাংস্কৃতিক অভিবাদন গ্ৰহণ কৰি আহি আহি প্ৰধানমন্ত্ৰী ৰৈ গৈছিল মানতাইভাষী দলটোৰ ওচৰত৷ তেওঁলোকৰ যুৱতীসকলে পৰম্পৰাগত সাজ-পোছাক পিন্ধি লৈ থকা ছাতি দেখি প্ৰধানমন্ত্ৰী ৰৈ দিয়ে আৰু লগে লগে তেওঁক এটা ছাতি উপহাৰ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে স্বভাৱসুলভভাৱেই ছাতি লৈ ফটোৰ বাবে পজ দিয়ে৷ তাৰ পাছত উপহাৰৰূপে দিয়া ছাতিটো লৈ যায়৷ ইয়াকে লৈ মানতাইভাষী লোকসকল আনন্দিত৷ কাৰণ তেওঁলোকৰ ছাতি প্ৰধানমন্ত্ৰীয়ে ভাল পালে৷ উল্লেখ্য যে, মানতাই ভাষীসকলৰ এই ৰঙীণ ছাতিয়ে সকলোকে মুগ্ধ কৰে৷ তাৰ ব্যতিক্ৰম নহ’ল প্ৰধানমন্ত্ৰী মোদীও৷ মানতাই জনগোষ্ঠীৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীক তেওঁলোকৰ লগত লৈ যোৱা ছাতি উপহাৰ হিচাপে দিয়াৰ বিপৰীতে আজি ডিব্ৰুগড় আৰু কাৰ্বি আংলঙত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা কোনো লোককে ছাতি আদি লগত লৈ যাবলৈ সুৰক্ষাকৰ্মীয়ে অনুমতি নিদিলে৷