Logo
image

হেকাৰৰ দৌৰাত্ম্য! ডিজিপিৰ হোৱাট্‌ছএপেৰে ভুৱা বাৰ্তা

মই ব্যস্ত আছোঁ, আপুনি গুগ্‌ল পে’ কৰিব জানেনে?

আমাৰ অসম,২৯ এপ্ৰিলঃ নাইজেৰিয়ান হেকাৰ চক্ৰৰ পৰা দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৱেবছাইট মুক্ত কৰাৰ বাবে অসম আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰাৰ সময়তে এইবাৰ খোদ আৰক্ষী সঞ্চালকপ্ৰধানৰ মোবাইল নম্বৰ হেকাৰৰ কৱলত পৰিছে৷ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ হোৱাট্‌ছএপ নম্বৰ হেক কৰি দুষ্ট চক্ৰই বিভিন্নজনলৈ ধন বিচাৰি হোৱাট্‌ছএপেৰে ভুৱা বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ উঠিছে৷ ডিজিপি হোৱাট্‌ছএপ নম্বৰৰ পৰা বৃহস্পতিবাৰে পুৱাই কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া,ব্যৱসায়ী,ৰাজনীতিকলৈ ধন বিচাৰি বাৰ্তা প্ৰেৰণ কৰে৷ প্ৰথমে কুশলবাৰ্তা প্ৰেৰণ কৰে হেকাৰ চক্ৰই৷ ইয়াৰ পাছতেই জৰুৰী মিটিঙত ব্যস্ত থকা অজুহাত দেখুৱাই ডিজিপিৰ হোৱাট্‌ছএপ নম্বৰৰ পৰা সংশ্লিষ্ট ব্যক্তিজনক গুগ্‌ল পে’,ফোন পে’কৰিব জানে নেকি বুলিও প্ৰশ্ন কৰি বাৰ্তা প্ৰেৰণ কৰে৷ সংশ্লিষ্ট ব্যক্তিজনৰ পৰা যোগাত্মক সঁহাৰি পালেই নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰে হেকাৰ চক্ৰটোৱে৷ বৃহস্পতিবাৰে পুৱা ৯ বজাত পানীখাইটিত কামাণ্ডো বেটেলিয়নত নিযুক্তিৰ কামত নিয়োজিত হৈ থকা এজন এছ পি পৰ্যায়ৰ শীৰ্ষ বিষয়ালৈও ডিজিপিৰ হোৱাট্‌ছএপ নম্বৰৰ পৰা বাৰ্তা প্ৰেৰণ কৰে চক্ৰটোৱে৷ প্ৰথমে ভাল নে বুলি সুধি পাছত বৰ্তমান ক’ত-কি কামত ব্যস্ত আছে তাক জানিব বিচাৰে৷ ইয়াৰ পাছতেই চক্ৰটোৱে ডিজিপিৰ হোৱাট্‌ছএপৰ পৰা নিজকে জৰুৰী মিটিঙত ব্যস্ত থকা বুলি উল্লেখ কৰি গুগল পে’ত নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰে৷ ডিজিপিৰ পৰা আকস্মিকভাৱে এনেদৰে টকা বিচাৰি মেছেজ লাভ কৰাত কোনো ব্যক্তিৰ সন্দেহ হোৱাত বিষয়টো সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক অৱগত কৰে৷ তাৎক্ষণিকভাৱে ভাস্কৰজ্যোতি মহন্তই সকলো মেছেজ পৰীক্ষা কৰি হেকাৰ চক্ৰৰ কৱলত পৰাটো নিশ্চিত হয়৷ আৰক্ষী সঞ্চালকপ্ৰধানৰ ফোন নম্বৰ সুৰক্ষিত বুলি ধৰা হয় যদিও ডিজিপিৰ মোবাইলত হেকাৰৰ হাঁতোৰা পৰিলে সাধাৰণ লোক হেকাৰ চক্ৰৰ পাল্লাত পৰিলে কি নগুৰ-নাগতি হ’ব পাৰে,সেয়া নক’লেও অনুমেয়৷