Logo
image

নীলা ৰঙেৰে বোলোৱা হ’ব শিৱসাগৰ চহৰ

প্ৰশাসনৰ সিদ্ধান্ত

আমাৰ অসম,২৮ এপ্ৰিলঃ শিৱসাগৰ চহৰত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত বাসগৃহসমূহ এটা ৰঙেৰে উজ্জ্বলাই তুলিব৷ শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ চহৰৰ ব্যৱসায়ী সন্থাই যৌথভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে,ঐতিহাসিক শিৱ দৌলৰ সন্মুখত অৱস্থিত দৌলমুখ জুম্মা মছজিদ,পূৰ্বে বৌদ্ধবিহাৰ,গীৰ্জা আৰু সাইবাবাৰ মন্দিৰে সম্প্ৰীতিৰ ঐতিহ্য বহন কৰি অহা সাতামপুৰুষীয়া মহামিলনৰ তীৰ্থ শিৱসাগৰ৷ শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহসমূহ বিভিন্ন ৰঙৰ হোৱাৰ লগতে প্ৰায়সংখ্যকৰ ৰং পুৰণা হোৱাৰ বাবে চহৰখনৰ সৌন্দৰ্য ম্লান পৰিছে৷ গতিকে শিৱসাগৰ জিলা প্ৰশাসন আৰু ব্যৱসায়ী সন্থাই চহৰখনক নতুন ৰূপত সজাই তুলিবলৈ চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহসমূহৰ ৰং আকাশী নীলা কৰি সজাই-পৰাই তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ স্মৰ্তব্য যে,চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহসমূহ আকাশী নীলা ৰঙে শোভা বৃদ্ধি কৰিব৷ সমান্তৰালভাৱে ইতিহাসপ্ৰসিদ্ধ শিৱ দৌল হেঙুল-হাইতাল ৰঙে আৰু ঐতিহাসিক দৌলমুখৰ জুম্মা মছজিদ গাঢ় সেউজীয়া ৰঙে উজ্জ্বলাই তোলাৰ মহান উদ্দেশ্য শিৱসাগৰ জিলা প্ৰশাসন আৰু চহৰৰ ব্যৱসায়ী সন্থাৰ৷ উল্লেখ্য যে, চহৰৰ আকাশী নীলা ৰঙে শিৱ দৌলৰ হেঙুল-হাইতাল আৰু দৌলমুখ জুম্মা মছজিদৰ গাঢ় সেউজীয়া ৰঙে দুয়োটা সম্প্ৰদায়ৰ সম্প্ৰীতিৰ উজ্জ্বলাই তুলিব৷