Logo
image

হিন্দীক লৈ দক্ষিণৰ অভিনেতা সুদীপৰ সৈতে অজয় দেৱগনৰ টুইটযুদ্ধ

আমাৰ অসম,২৯ এপ্ৰিলঃ হিন্দী ৰাষ্ট্ৰীয় ভাষা হয়নে নহয়,তাকে লৈ দেশজুৰি ব্যাপক চৰ্চা চলি থকাৰ সময়তে বলীউডৰ অভিনেতা অজয় দেৱগন আৰু দক্ষিণৰ কানাড়া অভিনেতা কিচ্ছা সুদীপৰ মাজত আৰম্ভ হয় টুইটযুদ্ধ৷ এতিয়া তেওঁলোকৰ এই টুইট যুদ্ধকে লৈ টুইটাৰ উত্তপ্ত হৈ আছে৷ বিশেষকৈ দক্ষিণৰ ৰাজ্যবোৰৰ টুইটাৰ ব্যৱহাৰকাৰীসকলে অজয় দেৱগনক উভতি ধৰিছে৷ উল্লেখ্য,বৰ্তমান ভাৰতৰ চিনেমা হলবোৰত বলীউডৰ চিনেমাক সমানে ফেৰ মাৰিছে দক্ষিণৰ চিনেমাই৷ আনকি শেহতীয়াকৈ পুষ্পা,আৰ আৰ আৰ,কে জি এফ-২ আদিয়ে বলীউডৰ চিনেমাৰ তুলনাত অধিক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ বক্স অফিচত দক্ষিণৰ চিনেমাই তোলপাৰ লগাইছে৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল দক্ষিণৰ ৰাজ্যবোৰৰ বাহিৰে ভাৰতৰ আনবোৰ স্থানত এই চিনেমাবোৰৰ হিন্দী ডাবিঙহে চলে৷ যাৰ ফলত দক্ষিণৰ চিনেমা অধিক জনপ্ৰিয় হৈ পৰিছে৷ তাৰ মাজতে অলপতে জনপ্ৰিয় কানাড়া অভিনেতা কিচ্ছা সুদীপে সংবাদ মাধ্যমৰ আগত কৈছিল যে দক্ষিণৰ চিনেমাই যি সফলতা লাভ কৰিছে,তাৰপৰাই ক’ব পাৰি যে হিন্দী  এতিয়া আৰু ৰাষ্ট্ৰীয় ভাষা নহয়৷ কিচ্ছা সুদীপৰ এই মন্তব্যৰ পাছতে বলীউডৰ ষ্টাৰ অভিনেতা অজয় দেৱগনে উত্তৰ দি টুইট কৰে ‘যদিহে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়,তেন্তে তোমালোকে দক্ষিণৰ চিনেমাবোৰ কিয় হিন্দী ভাষাত ডাবিং কৰি মুকলি দিয়া? হিন্দী আমাৰ বাবে মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষাও৷’ তাৰ পাছতে টুইটাৰ তোলপাৰ লাগি আছে৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়েও অজয় দেৱগনৰ মন্তব্যৰ বিৰোধিতা কৰে৷