Logo
image

ডিজাইনাৰ সংযুক্তা দত্তলৈ কেন্দ্ৰৰ বিশেষ সন্মান

আমাৰ অসম,১ মেঃ অসমৰ জনপ্ৰিয় ডিজাইনাৰ সংযুক্তা দত্তলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বিশেষ সন্মান৷ উল্লেখ্য যে, ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ত্ৰিপুৰাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ড’নাৰ মন্ত্ৰালয়ে৷ উক্ত অনুষ্ঠানতে দত্তক দেওবাৰে আগৰতলাত সম্বৰ্ধনা জনাব ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীও উক্ত অনুষ্ঠানত উপস্থিত থাকিব৷ উল্লেখ্য,অসমৰ পাট কাপোৰক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ শিপিনীসকলক বিশেষ মৰ্যাদা দি আহিছে সংযুক্তা দত্তই৷