Logo
image

মেডোনাৰ পৰা জুলিয়া ৰবাৰ্টছলৈ, ৰেম্ব’ৰ পৰা আইৰণমেনলৈ হিন্দুধৰ্মৰ অনুৰাগী

বিশ্বৰ প্ৰাচীনতম আৰু অন্যতম বৃহত্তম ধৰ্ম হ’ল হিন্দুধৰ্ম৷ হিন্দু ধৰ্মীয় মানুহৰ প্ৰধান বসতিস্থল হ’ল ভাৰত আৰু হিন্দু সনাতন ধৰ্মৰ প্ৰৱৰ্তক হিচাপে ভাৰতবৰ্ষ বিশ্বৰ সুমেৰু-কুমেৰু ব্যাপি পৰিচিত৷ সনাতন হিন্দু ধৰ্মৰ ওচৰত বা ইয়াৰ চমৎকাৰিতাত কেতিয়াবা আধুনিক বিজ্ঞানেও হাৰ মানিব লগা হয়৷ যি প্ৰশ্নৰ উত্তৰ বিজ্ঞানৰ ওচৰত নাই তাৰ উত্তৰ হিন্দুধৰ্মৰ ওচৰত আছে৷ হিন্দু ধৰ্মীয় আধ্যাত্মিকতা,যোগ,জব,তপস্যা,প্ৰাণায়াম আদিৰ শিক্ষাই বিশ্বব্যাপী মানুহক আকৃষ্ট কৰিছে৷ আনকি এপ’লৰ ষ্টিভ জবছ আৰু ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গে আধ্যাত্মিকতাৰ সন্ধানত কিছু বছৰ পূৰ্বে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল৷ তদুপৰি হলীউডৰ অনেক তাৰকাই হিন্দুধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ নজিৰ আছে৷ হলীউডৰ একাধিক চেলিব্ৰেটী হিন্দুধৰ্মত দীক্ষিত হোৱাৰ মূলতে হ’ল যোগ-ব্যায়াম আৰু ধ্যান৷ হিন্দুধৰ্মৰ স্ৰষ্টা প্ৰাচীন ঋষি-মুনিসকলে ধ্যান তথা মেডিটেশ্যনৰ দ্বাৰা বহু কাৰ্যত সিদ্ধি লাভ কৰিছিল৷ সেইদৰে হিন্দুধৰ্মৰ চিকিৎসা শাস্ত্ৰ আয়ুৰ্বেদৰ দ্বাৰা জটিল ৰোগৰ পৰাও ৰোগীয়ে উপশম পোৱা দেখা যায়৷ আয়ুৰ্বেদিক চিকিৎসা ভাৰতবৰ্ষৰ এক প্ৰাচীন চিকিৎসা পদ্ধতি৷ ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গ এসময়ত হতাশাত ভুগি উত্তৰাখণ্ডৰ কাৰলি বাবাৰ আশ্ৰমলৈ আহিছিল৷ বিশ্ববিখ্যাত ৰক ব্ৰেণ্ড বিটলছ ঋষিকেশৰ মহৰ্ষি মহেশ যোগীৰ আশ্ৰমলৈ আহিছিল৷

বিটলছে ঋষিকেশৰত যোগ সাধনা শিকিছিল৷ সেই সময়তে ৪৮টা গীত ৰচনা কৰিছিল বিখ্যাত ৰক বেণ্ড-বিটলছে৷ বিটলছৰ লীভ গিটাৰিষ্ট জৰ্জ হৰিছন ১৯৬০ চনত ভাৰতীয় ধৰ্ম,দৰ্শন,সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছিল৷ ১৯৬৬ চনত তেওঁ বিখ্যাত চেতাৰবাদক ওস্তাদ ৰবি শংকৰক সাক্ষাৎ কৰিছিল আৰু তেওঁৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল৷ হলীউডৰ পপ কুইন মেডোনা পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতীক হৈয়ো হিন্দুধৰ্মৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল৷ পপ বিশ্বৰ সম্ৰাজ্ঞীগৰাকীয়ে হিন্দু সংস্কৃতিৰ প্ৰেমত পৰি শৰীৰত ‘ওম’ টাটু কৰাই লৈছিল৷ তেওঁ ‘ৰে অৱ লাইট’ নামৰ এলবামটোৰ প্ৰথমটো গীত পৰিৱেশন কৰিছিল ভাৰতীয় হিন্দু মহিলাৰ দৰে বেশভূষা পৰিধান কৰি৷ শৰীৰত ‘ওম’চিহ্নৰ টাটুৰ লগতে,মেহেন্দি ৰং লগাই আৰ্যমূলীয় সংস্কৃত ভাষাত গীত পৰিৱেশন কৰাৰ উপৰিও মেডোনাই আৰতিটো অংশ লয়৷ সেই সময়ত মেডোনা নিজৰ সভ্যতা,সংস্কৃতি, ধৰ্মত ছেকা লগোৱা বুলি চৰ্চিত হৈছিল৷

পপ বিশ্বৰ ‘ছেনছেশ্যন’, হলীউডৰ অভিনেত্ৰী মাইলী ছাইৰাছৰ হিন্দুধৰ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধা-ভক্তি আছে৷ মাইলীয়ে এবাৰ ঘৰৰ শ্ৰীবৃদ্ধিৰ বাবে লক্ষ্মী পূজাৰ আয়োজন কৰাৰ লগতে তাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি সকলোকে চমক দিছিল৷ ‘হলীউডৰ বাণিজ্য লক্ষী’ হিচাপে খ্যাত অভিনেত্ৰীগৰাকী হ’ল অস্কাৰ বঁটাপ্ৰাপক জুলিয়া ৰবাৰ্টছ৷ প্ৰীতি ৱমেন,মাইবেষ্ট ফ্ৰেণ্ডছ ৱেটিং’,‘দ্য পেলিকান ব্ৰীফ’,‘দ্য লেয়াৰ’ আদি ছবিৰ জনপ্ৰিয় অভিনেত্ৰী ‘কুইন অৱ হলীউড’ হিচাপে বিভূষিত জুলিয়া ৰবাৰ্টছ ২০১০ চনত ‘ইট প্ৰে লাভ’ ছবিৰ শ্বুদটিঙৰ বাবে ভাৰতলৈ আহিছিল৷ সেই সময়ৰ হিন্দুধৰ্মৰ প্ৰতি গভীৰ অনুৰক্ত হৈ পৰিছিল অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকী৷ আনকি জুলিয়াই তেওঁ পুত্ৰ-কন্যাৰ নামো হিন্দুসকলৰ দৰে নামকৰণ কৰিছে৷ হলীউডৰ বিখ্যাত অভিনেতা তথা কমেডিয়ান ৰাছেল ব্ৰেণ্ডে সনাতন হিন্দুধৰ্মক অনুসৰণ কৰিয়ে নিয়মিত মেডিটেশ্যন কৰে৷ হিন্দুধৰ্মৰ ধ্যান,জপ,তপস্যা,ব্যায়াম,যোগ আদিৰ প্ৰতি থকা তান এৰাব নোৱাৰিয়ে তেওঁ ৰাজস্থানৰ বিখ্যাত গায়িকা কেটি পেৰিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ হিন্দু মন্ত্ৰ ‘হৰেকৃষ্ণ’ তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংশ৷ ৰাছেল প্ৰায়ে মন্দিৰলৈ যায়, পূজা-পাৰ্বনত অংশ লয়৷ ‘উলভোৰাইন’ খ্যাত তাৰকা হিউ জেকমেনে হিন্দু ধৰ্মীয় ৰীতি-নীতি মানি চলে৷ গীতা,বেদ, উপনিষদ,শাস্ত্ৰ অনুসৰণ কৰা জেকমেনে আনকি আঙঠিত সংস্কৃত ভাষাত খোদিত কৰি লৈছে ‘ওম পৰমৰ ময়নামাৰ’ শীৰ্ষক বাণী৷

‘আইৰণমেন’ খ্যাত হলীউডৰ বিখ্যাত তাৰকা ৰবাৰ্ট ডাউনি জুনিয়ৰ বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হ’লেও তেওঁ ‘হৰেকৃষ্ণ’ মতাদৰ্শৰ দৃঢ় বিশ্বাসী৷ তেওঁ ‘ইস্কন’ৰ কৃষ্ণভাৱনা অনুসৰণ কৰে৷ একচনধৰ্মী ছবি ‘ৰকী’,‘ৰেম্বো’ খ্যাত বিখ্যাত অভিনেতা ছিলভেষ্টাৰ ষ্ট্ৰেলন হিন্দুধৰ্মৰ প্ৰতি গভীৰ বিশ্বাসী৷ এটা সময়ত তেওঁ সন্তানক হেৰুৱাইছিল৷ কিন্তু বহুদিনলৈ ষ্ট্ৰেলনে তেওঁৰ চাৰিওপাশে সন্তানৰ আত্মাৰ অৱস্থিতি অনুভৱ কৰে৷ অস্থিত হৈ ষ্ট্ৰেলনে এজন পুৰোহিতৰ পৰামৰ্শ মতে সন্তানৰ পিণ্ডদান কৰে৷ ভাৰতলৈ আহি মৃতকৰ পিণ্ডদানৰ এই পৰ্বত ষ্ট্ৰেলনৰ পত্নী মিছেলকে ধৰি তেওঁলোকৰ পৰিয়ালে অংশ লৈ হৰিদ্বাৰৰ সতী ঘাটত পিণ্ডদান সম্পন্ন কৰে৷