Logo
image

বড়ো সাহিত্য সভা আৰম্ভ বুধবাৰে আহিব ৰাষ্ট্ৰপতি

আমাৰ অসম, ২ মেঃ বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনলৈ কাইলৈ পৰা ৪ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কচুবাৰীস্থিত গৌজন পথাৰত অনুষ্ঠিত হ’ব৷ অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে অধিৱেশনৰ কাম-কাজ কৰি থকা পৰিলক্ষিত হৈছে৷ প্ৰায় তিনিশ বিঘা মাটি কালিৰে আৱৰা প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত ভৰি পৰিছে বহু হাই-প্ৰফাইল নেতা, মন্ত্ৰী-বিধায়ক, আৰক্ষী বিভাগৰ উচ্ছ পদস্থ বিষয়া, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী৷ মূলতঃ দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ আগমনৰ বাবে সকলোৱে যুদ্ধংদেহি মনোভাৱেৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ অধিৱেশনস্থলীত দুখনকৈ আহল বহল মঞ্চ সাজি উলিওৱা হৈছে৷ সমান্তৰালভাৱে দুখন বিশাল আকাৰৰ ৰভা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে৷ চালে চকু ৰোৱাকৈ সাজি উলিওৱা হৈছে মুখ্য তোৰণ আৰু আটকধুনীয়া আলোকসজ্জা৷  গ্ৰাম্য চহা জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰাৰ বাবে সাজি উলিওৱা হৈছে বিভিন্ন গৃহসমূহ৷ সজাই পৰাই তোলা হৈছে বিশালাকায় প্ৰদৰ্শনীথলী৷ একেলগে এক হাজাৰতকৈ অধিক লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ  প্ৰস্তুত কৰা হৈছে ভোজনালয়৷ সমগ্ৰ অধিৱেশনথলীত ৰং-বিৰঙী আলোক সজ্জাৰে সজাই তোলাত সমগ্ৰ অধিৱেশনথলী হৈ পৰিছে নান্দনিক৷ বাট-পথ পকী কৰি যাতায়াত ব্যৱস্থা কৰি তোলা হৈছে সুচল৷ কাৰ্যত এক উদুলি মুদুলি পৰিবেশ বিৰাজ কৰিছে তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলী৷ সমান্তৰালভাৱে সমগ্ৰ তামুলপুৰ জিলাবাসীৰ মাজত বৈছে উচাহৰ ঢল৷ বড়ো জনগোষ্ঠীৰ উপৰি তামুলপুৰ জিলাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷ বড়ো সাহিত্য সভাৰ এই অধিৱেশনক লৈ দেশবাসীৰ ইতিমধ্যে দৃষ্টি নিবদ্ধ হৈছে৷ কিয়নো ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ ৪ মে’ত অনুষ্ঠিত হব লগা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ ৰাষ্ট্ৰপতিৰ উপস্থিতিত সিদিনা লক্ষাধিক লোক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব৷ ইপিনে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ অকণো সুৰুঙা নোহোৱাকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী৷ উল্লেখ্য যে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সোঁশৰীৰে উপস্থিত থাকি বিগত কেইবাদিনো ধৰি নিজেই তদাৰক কৰিছে সমগ্ৰ কামকাজৰ৷ ইতিমধ্যে অধিৱেশনৰ কামকাজ সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰি আজি সংবাদ মাধ্যমৰ আগত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয়– ৪ মে’ৰ মুকলি অধিৱেশনত প্ৰায় ডেৰ লাখ লোক উপস্থিত থাকিব৷ এই অধিৱেশনত হস্ততাঁত আৰু বস্ত্ৰ শিল্পক বিশ্ববাসীৰ মাজলৈ নিয়াৰ বাবে অসম তথা বিটিআৰত প্ৰস্তুত হোৱা বিভিন্ন বস্ত্ৰৰ প্ৰদৰ্শন কৰা হ’ব৷ অসম তথা বিটিআৰৰ বস্ত্ৰ শিল্পক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে৷ কাইলৈ অধিৱেশনৰ প্ৰথম দিন৷ কাইলৈ পুৱা ৭.৪৫ বজাত আচিনা বসুমতাৰী সোঁৱৰণী মুখ্য তোৰণ উদ্বোধন কৰিব আদৰণি সমিতিৰ সভাপতি ডঃ ধৰ্ম নাৰায়ণ দাসে৷ পুৱা ৮ বজাত গছপুলি ৰোপণ কৰিব বনজিত গায়ন, সোণেশ্বৰ বসুমতাৰী, কেশৱ চন্দ্ৰ বড়ো, মহাদেৱ নাৰ্জাৰী আৰু পাৰুল ভৰালী বড়োৱে৷ পুৱা ৮.১৫ বজাত শান্তিশ্বৰ ব্ৰহ্ম আৰু সোণাৰাম বড়ো সোঁৱৰণি অতিথিশালা উদ্বোধন কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ ইয়াৰ পিছতেই পৰ্যায়ক্ৰমে স্বেচ্ছাসেৱক শিবিৰ, মূল ৰভা, মঞ্চ, প্ৰদৰ্শনী, প্ৰদৰ্শনী মঞ্চ, চিত্ৰাংকন প্ৰতিযোগিতা, ভোজনালয়, বাণিজ্য মেলা, পুৰুষ-¸ মহিলাৰ প্ৰতিনিধি শিবিৰ, প্ৰেক্ষাগৃহ, চিকিৎসা শিবিৰ, পৰম্পৰাগত মল্ল যুঁজ শ্ব’ৰুম উদ্বোধন কৰা হ’ব৷ দুপৰীয়া ১.৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন৷ সন্ধিয়া প্ৰথমখন প্ৰতিনিধি সভাৰ বৈঠক৷ সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ সন্দৰ্ভত আজি গৌজন ফৌথাৰত বড়ো সাহিত্য সভাৰ তৰফৰ পৰা এখন সংবাদমেল অনুষ্ঠিত কৰে৷ সংবাদমেলত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োই কয়– ‘বড়ো সাহিত্য সভাই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ লগত হোৱা আলোচনা মৰ্মে তামুলপুৰৰ কচুবাৰী গৌজন ফৌথাৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসক সভাপতি আৰু ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ২১খন উপ-সমিতিৰে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ অধিৱেশনত ৰাজ্যৰ উপৰিও বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ প্ৰতিনিধি আৰু অতিথিয়ে অংশগ্ৰহণ কৰিব৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োই কাৰ্যসূচীসমূহ প্ৰকাশ কৰা সংবাদমেলৰ পাছত  কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বড়ো সাহিত্য সভাৰ অধিৱেশন সন্দৰ্ভত কয়– ‘বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি চাবলৈ আজি মই আহিছো আৰু বড়ো সাহিত্য সভাৰ ৭০ বছৰীয়া কালত কোনো দিনে যিহেতু ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰী অহা নাছিল সেয়ে ই ঐতিহাসিক অধিৱেশন হ’বলৈ গৈ আছে৷ বিটিআৰৰ চৰকাৰৰ লগতে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাও যথেষ্ট সহযোগিতা লাভ কৰিছো৷’ ৪ নৱেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ অধিৱেশনলৈ আহিব বাবে সিদিনাখন বিটিচিৰ সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় বন্ধ ঘোষণা কৰিছে বিটিচি প্ৰশাসনে৷